ETV Bharat / business

ভাৰত-ছৌদি আৰৱৰ অৰ্থনৈতিক সম্পৰ্কৰ অগ্ৰগতি

author img

By

Published : Nov 4, 2019, 2:33 PM IST

ভাৰতে তৈল ক্ষেত্ৰখনত প্ৰায় 80 শতাংশ আমদানিৰে পৰনিৰ্ভৰশীল দেশ হিচাপে শক্তিখণ্ডত ইয়াৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে সুস্থিৰ বজাৰ মূল্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আহিছে ৷ ভাৰতৰ এই পৰিকল্পনাত ছৌদি আৰৱ এক নিৰ্ভৰযোগ্য দেশ হিচাপে বিবেচিত হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰই তৈল ক্ষেত্ৰখনত স্বনিৰ্ভৰশীল হোৱাৰ দিশে আগবঢ়াৰ সময়ত ভাৰত আৰু চীন খনিজ তেলৰ ক্ষেত্ৰখনত সৰ্বাধিক আমদানীকৃত দেশ হিচাপে পৰিগণিত হৈছে ৷

মোডী আৰু ছৌদি আৰৱৰ ৰজা মহম্মদ বিন ছলমান

বিগত সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিতীয়বাৰৰ বাবে ছৌদি আৰৱ ভ্ৰমণ কৰে ৷ ভাৰতৰ শক্তিখণ্ডৰ নিৰাপত্তাৰ ক্ষেত্ৰত ছৌদি আৰৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ 2016 চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী মোডীয়ে সেই দেশ ভ্ৰমণ কৰিছিল ৷ বিগত কেইটামান বছৰত দুইখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্কই ক্ৰমাৎ অগ্ৰগতি লাভ কৰিছে ৷

ভাৰত-ছৌদি আৰৱ দ্বিপাক্ষিক সম্পৰ্ক

2018-19 বৰ্ষত ছৌদি আৰৱে ভাৰতক 40.33 মিলিয়ন টন খনিজ তেল বিক্ৰী কৰিছিল ৷ ইৰাকৰ পাচতেই ছৌদি আৰৱ ভাৰতৰ বাবে বৃহৎ তৈল ৰপ্তানীকাৰী দেশ হিচাপে চিহ্নিত হৈছে ৷ ছৌদি আৰৱৰ পৰা প্ৰায় 18 শতাংশ তেল আমদানী কৰে ভাৰতে ৷ আমেৰিকা আৰু চীনৰ পাচতে ভাৰত হৈছে তৃতীয় বৃহৎ শক্তি উপভোক্তাৰ দেশ ৷ ভাৰতে প্ৰায় 200,000 টন LPG গেছ প্ৰতিমাহে ছৌদি আৰৱৰ পৰা ক্ৰয় কৰে যিটো ভাৰতত প্ৰয়োজনীয় মুঠ পৰিমাণৰ 32 শতাংশ ৷

প্ৰধানমন্ত্ৰী মোডীৰ শেহতীয়া দুদিনীয়া ভ্ৰমণসূচীৰ সময়ছোৱাত হোৱা দ্বিপাক্ষিক চুক্তিৰ পাচত দুয়োখন দেশৰ শক্তি সম্পৰ্কই এক নতুন পৰ্যায় লাভ কৰিছে ৷ ইয়াৰ ভিতৰত ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰ'লিয়াম ৰিজাৰ্ভছ লিমিটেড আৰু ছৌদিৰ আৰামকোৰ মাজত হোৱা চুক্তিৰ ফলশ্ৰুতিত কৰ্ণাটকৰ পাদুৰত দ্বিতীয় বৃহৎ তৈল সংৰক্ষণকাৰী স্থান হিচাপে ছৌদিৰ বৃহৎ ভূমিকা পালন হ'ব ৷

ভাৰত-ছৌদি আৰৱ দ্বিপাক্ষিক সম্পৰ্ক
মোডী আৰু ছৌদি আৰৱৰ ৰজা মহম্মদ বিন ছলমান

বিগত বৰ্ষত নতুন দিল্লীয়ে কৌশলগত তৈল সংৰক্ষণৰ বাবে কেইবাটাও স্থানত অনুমোদন জনাইছিল ৷ সেই সমূহৰ ভিতৰত উৰিষ্যাৰ ছাণ্ডিখোল আৰু কৰ্ণাটকৰ পাদুৰত 6.5 মিলিয়ন মেট্ৰিক টন তৈল সামগ্ৰী সংৰক্ষণৰ ব্যৱস্থা কৰা হয় ৷

মোডীৰ ভ্ৰমণকালত হোৱা দ্বিপাক্ষিক চুক্তিসমূহৰ ভিতৰত ভাৰতীয় তৈল নিগমৰ পশ্চিম এছীয় গোট আৰু ছৌদি আৰৱৰ আল জেৰিৰ মাজত হোৱা চুক্তি অন্যতম ৷ ইয়াৰ ভিতৰত ছৌদি আৰৱত এটা তৈল কেন্দ্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনাও আছে ৷ এই বিনিয়োগৰ দ্বাৰাই ভাৰতে তৈল আৰু গেছ প্ৰকল্পৰ ভিতৰত যোগান,বজাৰ,বিশুদ্ধিকৰণ আদি অন্যতম ব্যৱস্থা হাতত ল'ব, যাৰ দ্বাৰাই দুয়োখন দেশৰ মাজত শক্তিখণ্ডৰ সহযোগিতা বৃদ্ধি পাব ৷ ছৌদি আৰৱৰ ৰাষ্ট্ৰীয় তৈল কোম্পানী আৰামকো আৰু UAEৰ ৰাষ্ট্ৰীয় কোম্পানী আবু ধাবি নেশ্যনেল কোম্পানী দুটাই ভাৰতৰ তৈল নিগমৰ সৈতে এক চুক্তিত স্বাক্ষৰিত হৈছে য'ত ভাৰতৰ 50 শতাংশ অংশীদাৰিত্ব থাকিব৷ দৈনিক 1.2 মিলিয়ন বেৰেল উৎপাদন ক্ষমতা সম্পন্ন ৰিফাইনেৰীটো মহাৰাষ্ট্ৰৰ ৰাজগড়ত স্থাপন কৰাৰ বাবে এই দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় ৷ এই ৰিফাইনেৰীটো বিশ্বৰ সৰ্ববৃহৎ সেউজ ৰিফাইনেৰী হিচাপে পৰিগণিত হ'ব ৷

ছৌদি আৰৱৰ আৰামকো তৈল কোম্পানীত বিগত ছেপ্তেম্বৰ মাহত সংঘটিত মিছাইল আৰু ড্ৰোণ আক্ৰমণৰ দৰে ভয়াৱহ আক্ৰমণ সংঘটিত হোৱা স্বত্তেও দেশখনে ইয়াৰ প্ৰতিশ্ৰুতি বাহাল ৰাখিছে ৷ সেই সময়ছোৱাত ছৌদিৰ তৈল উৎপাদন অৰ্ধ শতাংশলৈ অৱনমিত হোৱাৰ লগতে বিশ্বৰ বজাৰত বেয়াকৈ প্ৰভাৱিত কৰিছিল ৷

সেই দেশখনৰ সৈতে ৰিলায়েঞ্চ উদ্যোগ আৰু আৰামকোৰ মাজত হ'বলগা প্ৰস্তাৱিত বুজাপৰাইও শক্তিখণ্ডত দুয়ো দেশৰ বিকাশমুখী ভূমিকাকে প্ৰতিপন্ন কৰিছে ৷ ছৌদি আৰৱৰ সৈতে থকা তৈল আৰু অ-তৈলজাত সামগ্ৰীৰ বাণিজ্যিক লেনদেনে ভাৰতৰ চতুৰ্থ বৃহৎ বাণিজ্যক সম্পৰ্ক থকা দেশ হিচাপে পৰিগণিত হৈছে ৷ 2017-18 বৰ্ষত ছৌদিৰ সৈতে এই লেনদেন 27.48 ডলাৰ হৈছিলগৈ ৷

দুয়োখন দেশৰ মাজত মানৱ সম্পদ আৰু মূলধনী লেনদেনৰ সুযোগ অতুলনীয় ৷ অঞ্চলটোৰ সম্পদৰাজি আৰু তৈল লেনদেনে আকৰ্ষণীয় লাভালাভ নিৰ্ধাৰণ কৰিছে ৷ ভাৰত ইয়াৰ অৰ্থনৈতিক বিকাশৰ দিশত এক উদ্ভাৱনী বজাৰ হিচাপে পৰিগণিত হৈছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ শেহতীয়া ছৌদি ভ্ৰমণৰ সময়ত ভৱিষ্যৎ বিনিয়োগ শীৰ্ষক সন্মিলনত দিয়া মুখ্য ভাষণত "Davos in desert" বুলি সম্বোধন কৰে ৷ ছেপ্তেম্বৰ মাহত ছৌদি আৰৱে ঘোষণা কৰিছিল যে, ভাৰতৰ শক্তিখণ্ড,ৰিফাইনেৰী,পেট্ৰ' কেমিকেল,আন্তগাঁথনি,কৃষি,খনিজ আদি ক্ষেত্ৰসমূহত 100 বিলিয়ন ডলাৰ বিনিয়োগ কৰিব ৷ দেশখনে যুটীয়া সহযোগিতা আৰু বিনিয়োগৰ ক্ষেত্ৰখনত 40 টাৰো অধিক সুযোগ চিহ্নিত কৰিছে ৷

-পুজা মেহৰা

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.