ভাৰতত ভেনু-২ ছিৰিজৰ দুটাকৈ স্মাৰ্ট ঘড়ী মুকলি

author img

By

Published : Jul 6, 2021, 1:20 PM IST

Garmin launches 2 Venu series smartwatches in India

ভাৰতত ভেনু-২ ছিৰিজ(Venu series) ৰ দুটা নতুন আৰু জিপিএছৰ ব্যৱস্থা থকা অত্যাধুনিক স্মাৰ্ট ঘড়ী(smartwatch) মুকলি কৰিলে গাৰ্মিনে । ভেনু ছিৰিজৰ স্মাৰ্ট ঘড়ী দুটা হৈছে ভেনু-২ আৰু ভেনু-২এছ । স্মাৰ্ট ঘড়ী দুটাত ২৫ টাৰো অধিক বিল্ট-ইন স্পৰ্ট এপ্লিকেচন আছে ।

নেশ্যনেল ডেস্ক, ৬ জুলাই : গাৰ্মিন ইণ্ডিয়াই মুকলি কৰিছে ভেনু ছিৰিজ(Venu series)ৰ দুটা নতুন স্মাৰ্ট ঘড়ী । জিপিএছৰ ব্যৱস্থা থকা অত্যাধুনিক স্মাৰ্ট ঘড়ী দুটাৰ বেজেল ষ্টেইনলেছ ষ্টীলৰে নিৰ্মাণ কৰা হৈছে আৰু ফিটা দুডাল ছিলিকনৰ । ভেনু-২ আৰু ভেনু-২ এছ স্মাৰ্ট ঘড়ী দুটা ক্ৰমান্বয়ে ৪৫ মিলিমিটাৰ আৰু ৪০ মিলিমিটাৰ ঘড়ীৰ বাকচত থাকে । ভেনু-২ স্মাৰ্ট ঘড়ীটোৰ মূল্য ৪১,৯৯০ টকা ।

আনহাতে, ভেনু-২ এছৰ মূল্য ৩৭,৯৯০ টকা । অনলাইন আৰু অফলাইন মাধ্যমেৰে ঘড়ী দুটা গ্ৰাহকে ক্ৰয় কৰিব পাৰিব । স্মাৰ্ট ঘড়ী দুটাত ২৫ টাৰো অধিক বিল্ট-ইন স্পৰ্ট এপ্লিকেচন আছে । এনিমেটেড কাৰ্ডিঅ', যোগাসন আৰু পাইলেট আদি বিভিন্ন ধৰণৰ ব্যায়াম কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ স্মাৰ্ট ঘড়ী দুটাত এইবোৰ অন্তৰ্ভুক্ত কৰা হৈছে ।

স্ক্ৰীণত চাই ন-শিকাৰুৱেও অতি সহজে কঠিন ব্যায়াম কৰিব পাৰিব । গাৰ্মিন ইণ্ডিয়াৰ সঞ্চালক আলী ৰিজৱী কয় যে, ভেনু আৰু ভেনু এছ কিউ স্মাৰ্ট ঘড়ীয়ে ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ আকৰ্ষণীয় সঁহাৰি লাভ কৰিছে । গ্ৰাহকক ফিটনেছৰ ক্ষেত্ৰত সুবিধা আগবঢ়াবলৈ আৰু ব্যায়ামৰ কৰাৰ বাবে কিছু সাধাৰণ প্ৰশিক্ষণ দিবলৈ প্ৰয়াস কৰা হৈছে ।

এক সুন্দৰ জীৱনশৈলীক আদৰি লোৱাৰ বাবে ভেনু-২ আৰু ভেনু-২ এছ নিৰ্মাণ কৰা হৈছে বুলি আলী ৰিজৱীয়ে জানিবলৈ দিয়ে । ভেনু শৃংখলাত এম'লেড ডিচপ্লেৰ সৈতে ৩টা টাচ স্ক্ৰীণৰ কৰ্ণিং গৰিলা গ্লাছ সংযুক্ত কৰা হৈছে । নতুন হেল্থ স্নেপশ্বট সুবিধাই ৱৰ্ক আউটৰ সঠিক ফলাফল প্ৰকাশ কৰে । বেটাৰী ৰিচাৰ্জ আৰু নতুন বেটাৰী চেভাৰ মোডৰ সৈতে অত্যাধুনিক ৰূপটো ঘড়ী দুটা সজাই তোলা হৈছে ।

ভেনু শৃংখলাৰ শেহতীয়া সংস্কৰণত 'স্নেপশ্বট' সুবিধা আগবঢ়োৱা হৈছে । ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ২ মিনিটত মুখ্য স্বাস্থ্য পৰিসংখ্যা ৰেকৰ্ড লাভ কৰিব পাৰে । ২ মিনিটৰ ভিতৰত হৃদস্পন্দনৰ হাৰ, হৃদস্পন্দনৰ হাৰৰ পৰিৱৰ্তনশীলতা, পালচ আদি নিৰীক্ষণ কৰিবলৈ গাৰ্মিন কানেক্ট এপৰ জৰিয়তে এক প্ৰতিবেদন লাভ কৰিব ৷

এই বিষয়ে কোম্পানীটোৱে এক বিবৃতিযোগে জানিবলৈ দিছে । শ্বাস-প্ৰশ্বাস ট্ৰেকিং, পালচ অক্স চেন্সৰ, বডী বেটাৰী শক্তি নিৰীক্ষণ, চাপ ট্ৰেকিং, গৰ্ভধাৰণ আৰু ঋতুস্ৰাৱ চক্ৰ নিৰীক্ষণ, টোপনি নিৰীক্ষণ আদি কৰিব স্মাৰ্ট ঘড়ীটোৱে । এই নতুন শৃংখলাৰ স্মাৰ্ট ঘড়ী দুটা ভাৰতৰ গ্ৰাহকেও আদৰি ল'ব বুলি গাৰ্মিন ইণ্ডিয়াই আশা কৰিছে ।

লগতে পঢ়ক: গ্ৰাহকলৈ ডাটা ঋণৰ সুবিধা আগবঢ়াইছে জিঅ'(Jio)ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.