ETV Bharat / bharat

Strike against Indian Wrestling Federation: ভাৰতীয় কুস্তি ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বজৰং-সাক্ষী-বিনেশ

author img

By

Published : Jan 18, 2023, 7:56 PM IST

wrestlers-came-against-indian-wrestling-federation-bajrang-punia-and-sakshi-malik-sat-on-protest-at-jantar-mantar
ভাৰতীয় কুস্তি ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ

ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ সভাপতিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অলিম্পিক বিজয়ী বজৰং পুনিয়াই ৷ দিল্লীৰ যন্তৰ মন্তৰত বুধবাৰে মল্লযোদ্ধা বজৰং পুনিয়া (Tokyo Olympics bronze medallist Bajrang Punia), সাক্ষী মালিকসহ দেশৰ অন্যান্য প্ৰখ্যাত খেলুৱৈসকলে প্ৰতিবাদ সাব্যস্ত কৰে (Strike against Indian Wrestling Federation)।

ভাৰতীয় কুস্তি ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ

নেশ্যনেল ডেস্ক, 18 জানুৱাৰী: ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ বিৰুদ্ধে প্ৰতিবাদত বহিল অলিম্পিক বিজয়ী মল্ল যুঁজাৰুসহ কেইবাগৰাকীও প্ৰখ্যাত মল্লযুঁজাৰু ৷ মঙলবাৰে নতুন দিল্লীৰ যন্তৰ মন্তৰত মল্লযোদ্ধা বজৰং পুনিয়া (Tokyo Olympics bronze medallist Bajrang Punia), সাক্ষী মালিকসহ দেশৰ অন্যান্য প্ৰখ্যাত খেলুৱৈসকলে দিনযোৰা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে (Strike against Indian Wrestling Federation)।

এই সন্দৰ্ভত বজৰং পুনিয়াই টুইট (Bronze medallist Bajrang Punia tweet)কৰি ফেডাৰেশ্যনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে খেলুৱৈসকলৰ ওপৰত কুস্তি ফেডাৰেশ্যনে নিজ ইচ্ছামতে নীতি নিয়ম জাপি দি অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিছে ৷ সেই বাবে খেলুৱৈসকলে ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতিক অপসাৰণৰ দাবী উত্থাপন কৰা হৈছে ৷ খেলুৱৈসকলৰ ওপৰত একনায়কত্ববাদ চলালে সহ্য কৰা নহ’ব ৷

একে সময়তে সাক্ষী মালিকে কয় যে খেলুৱৈসকলে দেশৰ বাবে পদক জিকিবলৈ কঠোৰ পৰিশ্ৰম কৰে ৷ কিন্তু ফেডাৰেচনে আমাক অৱমাননা কৰাৰ বাহিৰে আন একো কৰা নাছিল ।

  • फेडरेशन का काम खिलाड़ियों का साथ देना, उनकी खेल की जरूरतों का ध्यान रखना होता है। कोई समस्या हो तो उसका निदान करना होता है। लेकिन अगर फेडरेशन ही समस्या खड़ी करे तो क्या किया जाए?
    अब लड़ना पड़ेगा, हम पीछे नहीं हटेंगे । #BoycottWFIPresident#BotcottWrestlingPresident

    — Bajrang Punia 🇮🇳 (@BajrangPunia) January 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পিছতে বজৰং পুনিয়াই দ্বিতীয়টো টুইটত উল্লেখ কৰে যে ফেডাৰেচনৰ কাম হৈছে খেলুৱৈসকলক সমৰ্থন কৰা, তেওঁলোকৰ ক্ৰীড়াৰ ক্ষেত্ৰত হোৱা প্ৰয়োজনীয়তাৰ যত্ন লোৱা । খেলুৱৈসকলে যদি কোনো সমস্যাত ভুগিছে ইয়াক সমাধান কৰিব লাগে ৷ তেনে ক্ষেত্ৰত যদি ফেডাৰেশ্যনে সমস্যাৰ সৃষ্টি কৰে তেন্তে কি কৰিম ? এতিয়া আমি যুঁজ দিব লাগিব, এইখন আমাৰ যুঁজ ৷ এই যুঁজৰ পৰা আমি পিছুৱাব নোৱাৰো ৷

ইয়াৰ লগতে অলিম্পিক বিজয়ী পুনিয়াই বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয়- "প্ৰশিক্ষকসকলে মহিলা খেলুৱৈসকলক হাৰাশাস্তি কৰিছে ৷ লগতে ফেডাৰেচনৰ কিছু প্ৰশিক্ষকে মহিলা প্ৰশিক্ষকসকলৰ সৈতেও দুৰ্ব্যৱহাৰো কৰে । তেওঁলোকে মহিলাসকলক যৌন নিৰ্যাতন কৰে । ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতিগৰাকীয়ে বহুতো মহিলা খেলুৱৈক যৌন নিৰ্যাতন কৰিছে । টকিঅ' অলিম্পিকৰ পৰাজয়ৰ পিছত সভাপতিগৰাকীয়ে মোক 'খোটা চিক্কা' বুলি অভিহিত কৰিছিল, মোক মানসিকভাৱে অত্যাচাৰ কৰিছিল। মানসিকভাৱে ভাগি পৰাৰ ফলত মই প্ৰতিদিনে আত্মহননৰ পথ বাচি লোৱাৰ কথা ভাবিছিলো । যদি কোনো মল্লযোদ্ধাৰ কিবা অঘটন হয়, তেন্তে ইয়াৰ দায়িত্ব ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতিৰ ওপৰত হ'ব । মই ভাৰতীয় কুস্তি ফেডাৰেচনৰ বিষয়াসকলৰ পৰা মৃত্যুৰ ভাবুকিও লাভ কৰিছিলো ৷"

এই প্ৰতিবাদৰ পিছতে কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক বিনোদ কুমাৰে ইটিভি ভাৰতক জনায়- "আমাৰ দেশৰ খেলুৱৈসকলে যন্তৰ মন্তৰত বহি থকা বুলি গম পোৱাৰ পিছতে আমি ইয়াত উপস্থিত হৈছোহি । আমি তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ ইয়ালৈ আহিছো । আমি বজৰং পুনিয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁ আমাক এতিয়ালৈ একো কোৱা নাই । তেওঁলোকৰ যিকোনো সমস্যা আৰু দাবী থাকিলে সেইবোৰ পূৰণ কৰা হ'ব । তেওঁলোকে কিয় প্ৰতিবাদ কৰিছে আমাক জনালে আমি সকলো সমাধান কৰিম ৷"

লগতে পঢ়ক: Rishabh Pant Health Update : সোনকালেই খেলপথাৰলৈ উভতিব ঋষভ পণ্ট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.