ETV Bharat / bharat

৮ অক্টোবৰৰ পৰা পুনৰ মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটী ‘ৰামোজী ফিল্ম চিটী’

author img

By

Published : Oct 2, 2021, 11:54 AM IST

পৰ্যটকৰ বাবে চলিত বৰ্ষৰ ৮ অক্টোবৰৰ পৰা পুনৰ মুকলি হ'ব ৰামোজী ফিল্ম চিটীৰ দ্বাৰ । পৰ্যটকে যাতে সুৰক্ষিতভাৱে ভ্ৰমণৰ আনন্দ ল'ব পাৰে, সেয়া নিশ্চিত কৰাৰ বাবে ক'ভিড-১৯ সম্পৰ্কীয় সকলো সাৱধনতা অৱলম্বন কৰা হৈছে ।

Ramoji Film City is re opening for tourists from October 8
৮ অক্টোবৰৰ পৰা পুনৰ মুকলি হ'ব ৰামোজী ফিল্ম চিটী

নেশ্যনেল ডেস্ক, ২ অক্টোবৰ: পৰ্যটকক আদৰিবলৈ সাজু ৰামোজী ফিল্ম চিটী । ক'ভিড-১৯ প্ৰট'কল মানি চলি পুনৰ ৮ অক্টোবৰৰ পৰা মুকলি কৰা হ'ব বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটীখন । ইতিমধ্যে, ৰামোজী ফিল্ম চিটীত ক'ভিড-১৯ সম্পৰ্কীয় যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ৰামোজী ফিল্ম চিটীলৈ আহি পৰ্যটকসকল যাতে ক'ভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হ'বলগীয়া নহয়, তাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । ২,০০০ একৰ ভূমিত ফিল্ম চিটীখন বিস্তৃত হৈ আছে । ষ্ট্ৰাইকিং বাগিচা, মেক-বিলিভ লোকেলছ, কেচকেডিং ফাউণ্টেইন আৰু মনোৰঞ্জনৰ বাবে থকা বিভিন্ন সৃষ্টিশীল সামগ্ৰীয়ে পৰ্যটকক সততে আকৰ্ষিত কৰে ।

৮ অক্টোবৰৰ পৰা পুনৰ মুকলি হ'ব ৰামোজী ফিল্ম চিটী

বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটীঃ

গিণিজ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটী হিচাপে স্বীকৃতি দিয়া এই ৰামোজী ফিল্ম চিটী হৈছে বহু নিযুত সপোনৰ এক বাস্তৱ ৰূপ আৰু বিভিন্ন বিষয়ৰ ওপৰত ভিত্তি কৰি সজোৱা দেশৰ ভিতৰতে একমাত্ৰ পৰ্যটনস্থলী । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞই বিভিন্ন প্ৰযুক্তি, স্থাপত্য শিল্প আৰু লেণ্ডস্কেপ ডিজাইনিঙৰ ক্ষেত্ৰত কাম কৰি ফিল্ম চিটীখনত পৰ্যটকৰ বাবে সুবিধাবোৰ উপলব্ধ কৰাইছে ।

চিনেমেটিক চাৰ্ম স্থায়ী কৰাঃ

বহু ছবিৰ নিখুঁত পটভূমি হৈছে ৰামোজী ফিল্ম চিটী । কোনো অসুবিধা নোহোৱাকৈ ছবিৰ দৃশ্যগ্ৰহণ কৰাৰ বাবে ছবি নিৰ্মাণৰ আন্তঃগাঁথনি আৰু এই সম্পৰ্কীয় সকলো পেছাদাৰী সেৱা আগবঢ়োৱা হয় । এই ফিল্ম চিটীখনত উপলব্ধ সুবিধাবোৰৰ বাবে ইয়াত এটা দিনতে কেইবাখনো ছবিৰ দৃশ্যগ্ৰহণ একেলগে কৰিব পৰা যায় । ৰামোজী ফিল্ম চিটীত থকা এই ছবিৰ দৃশ্যগ্ৰহণস্থলীবোৰে বছৰি আকৰ্ষিত কৰে প্ৰায় ১.৫ নিযুত পৰ্যটকক । বিস্তৃত মনোৰঞ্জন ক্ষেত্ৰ আৰু থীমভিত্তিক ইন্টাৰেক্টিভ মনোৰঞ্জন ক্ষেত্ৰৰ বাবে বিখ্যাত ৰামোজী ফিল্ম চিটী ।

ইউৰেকাঃ

মধ্যযুগৰ ৰাজকীয় দুৰ্গৰ আৰ্হিত নিৰ্মাণ কৰা ইউৰেকা নামৰ বিশাল অট্টালিকাটোৱে পৰ্যটকক আকৰ্ষিত কৰে । ইউৰেকাত নৃত্য আৰু গীতৰ অনুষ্ঠান, শিশুৰ খেলৰ সামগ্ৰী, থীমেটিক ৰেষ্টুৰেণ্ট, থীম বজাৰ আদি আছে ।

ফানদুষ্টান আৰু বৰাচুৰাঃ

কেৱল শিশুৰ বাবে সজাই তোলা হৈছে ফানদুষ্টান । ইয়াত থকা আকৰ্ষণীয় সামগ্ৰীবোৰে অতি সহজেই শিশুসকলক আকৰ্ষিত কৰে আনন্দ দিয়ে । শিশুসকল এই আমোদজনক ঠাইত উপস্থিত হ'লেই থ্ৰীল, ৰাইডছ আৰু বিভিন্ন খেল আৰম্ভ হয় । বৰাসুৰ হৈছে সঁচাকৈয়ে এক যাদুৰ কৰ্মশালা । যাদু ভাল পোৱা সকলৰ বাবে এইয়া এক উৎকৃষ্ট স্থান । বৰাচুৰাৰ অলৌকিক অভিজ্ঞতাৰ আমোদ লয় পৰ্যটকে ।

ৰামোজী ছবি যাদুঃ

ইয়াত ছবি এখন কেনেকৈ নিৰ্মাণ হয় তাৰ এক আভাস দিবলৈ চেষ্টা কৰা হৈছে । ছবি নিৰ্মাণৰ জটিলতা, সম্পাদনা, স্পেচিয়েল এফেক্ট আৰু ডাবিঙৰ আদিৰ সৈতে পৰিচয় কৰাই দিয়া হয় । ফিল্মী দুনিয়া– কল্পনাৰ পৃথিৱীলৈ এই আকৰ্ষণীয় যাত্ৰা যথেষ্ট আনন্দদায়ক । ৰামোজী মহাকাশ যাত্ৰাৰ জৰিয়তে পৰ্যটকক মহাকাশলৈ ভ্ৰমণ কৰাৰ অনুভৱ ল'বলৈ সুযোগ দিয়া হয় । অৱশ্যে এয়া সঁচা মহাকাশ যাত্ৰা নহয় ।

দৈনিক লাইভ শ্ব':

ৰামোজী ফিল্ম চিটীত প্ৰদৰ্শন কৰা লাইভ শ্ব'বোৰেও পৰ্যটকক আকৰ্ষিত কৰে । আকৰ্ষণীয় অনুষ্ঠানবোৰৰ ভিতৰত আছে "স্পিৰিট অৱ ৰামোজীৰ" । শিল্পীসকলৰ চমকপ্ৰদ প্ৰদৰ্শনে আপ্লুত কৰে দৰ্শকক । দ্য ৱাইল্ড ৱেষ্ট ষ্টাণ্ট শ্ব' হৈছে ৰামোজী ফিল্ম চিটীৰ আন এক জনপ্ৰিয় অনুষ্ঠান । ৬০ৰ দশকত হলীউডৰ কাউবয় ছবিসমূহৰ বাবে এয়া এক থ্ৰো-বেক । আনহাতে বেকলাইট শ্ব'ত, বেকলাইট থিয়েটাৰ নীতি আৰু বিশেষ এনিমেছন সুন্দৰভাৱে প্ৰদৰ্শন কৰা হয় আৰু প্ৰতিভাশালী শিল্পীসকলে বিভিন্ন বিখ্যাত কাহিনীক নাট্যৰূপ দিয়ে ।

বাছেৰে ফিল্ম চিটী ভ্ৰমণৰ সুবিধাঃ

পৰ্যটকসকলে বিশেষভাৱে ডিজাইন কৰা ডবাবোৰত বহি ৰামোজী ফিল্ম চিটী ভ্ৰমণৰ অভিজ্ঞতা ল'ব পাৰে । মেক-বিলিভ ৱৰ্ল্ড, ছবিৰ দৃশ্যগ্ৰহণস্থলী, সুন্দৰ বাগিচা আৰু পথবোৰেৰে লৈ যোৱা হয় পৰ্যটকক । সেউজীয়া প্ৰকৃতিৰ পৰিৱেশৰ মাজত কিছু সময় কটোৱাৰো সুন্দৰ অভিজ্ঞতা লাভ কৰে পৰ্যটকে । বিদেশী পখিলা আৰু বনছাই গছৰ বাগিচা ভামানো পৰিদৰ্শন কৰে পৰ্যটকে ।

উইংছ- পক্ষী উদ্যানঃ এই পক্ষী উদ্যানত সমগ্ৰ বিশ্বৰ পৰা আগমণ ঘটা পক্ষী সংৰক্ষণ কৰা হৈছে । প্ৰাকৃতিক সৌন্দৰ্য, সেউজীয়া গছ-গছনি, পাৰ্চ, চৰাইৰ বাহ আদি নিৰ্মাণ কৰি দিয়া হৈছে, যাতে পক্ষীয়ে সেয়া নিজৰ বাসস্থান বুলি ভাৱিব পাৰে । পক্ষী উদ্যানখনক চাৰিটা অঞ্চলত বিভক্ত কৰা হৈছে- পানীত থকা চৰাইৰ ক্ষেত্ৰ, বাহত থকা চৰাইৰ ক্ষেত্ৰ, ফ্ৰী-ৰেঞ্জাৰ বাৰ্ড জোন আৰু অষ্ট্ৰিচ জ'ন ।

সাহস– ৰামোজী এডভেঞ্চাৰ লেণ্ডঃ

ৰামোজী ফিল্ম চিটীত থকা এই সাহস হৈছে এছিয়াৰ ভিতৰতে এনে এখন দুঃসাহসিক ক্ৰীড়াৰ ভূমি, য'ত সকলো বয়সৰ লোকৰ বাবে বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ বিকল্প আছে । দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহীসকলক আকৰ্ষিত কৰাৰ বাবে এড্ৰেনালাইন-চালিত ক্ৰীড়াৰ উপৰিও আমোদজনক দুঃসাহসিক অভিযান আৰু মনোৰঞ্জনৰ ব্যৱস্থা কৰা হৈছে, যি পৰিয়াল, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু আন পৰ্যটকসকলকো বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট কৰে ।

হাই ৰ'প কোৰ্চ, নেট কোৰ্চ, এটিভি ৰাইডচ, মাউণ্টেইন বাইক, পেইণ্টবল, টাৰ্গেট-শ্বুটিং (আৰ্চাৰী/শ্বুটিং ইত্যাদি), ইনফ্লেটেবল, জৰ্বিং আৰু বাঞ্জি ইজেকচন আদিৰ আনন্দ ল'ব পাৰে পৰ্যটকে ।

আন্তৰ্জাতিক পেছাদাৰী খেলুৱৈসকলে ডিজাইন কৰা এই দুঃসাহসিক ক্ৰীড়াৰ ব্যৱস্থাবোৰে পৰ্যটকৰ বাবে দুঃসাহসিক অভিযান অধিক সুৰক্ষিত কৰি তোলে ।

হোটেলত থকাৰ পেকেজসমূহঃ

যিহেতু ৰামোজী ফিল্ম চিটী এদিনতে সম্পূৰ্ণকৈ ভ্ৰমণ কৰাতো সম্ভৱ নহয়, সেয়েহে পৰ্যটকৰ বাজেটৰ সৈতে খাপ খোৱাকৈ হোটেলত থকাৰ আকৰ্ষণীয় পেকেজ আগবঢ়োৱা হয় । ৰামোজী ফিল্ম চিটীৰ হোটেলবোৰৰ ভিতৰত আছে বিলাসী হোটেল "চিতাৰা", আৰামদায়ক হোটেলৰ ভিতৰত "তাৰা" । আনহাতে, "বসুন্ধৰা ভিল্লা"ত ফাৰ্ম-হাউচ আৱাসৰ ব্যৱস্থা থকাৰ লগতে শান্তি নিকেতনতো কম মূল্য পৰিশোধ কৰি পৰ্যটকে থকাৰ সুবিধা আছে । চাহাৰা আৰু গ্ৰীণছ ইনত চুপাৰ ইক'নমী ডৰমিটৰী আৱাসৰ সুবিধা প্ৰদান কৰা হৈছে ।

ক'ভিড-১৯ সম্পৰ্কীয় সুৰক্ষা ব্যৱস্থাঃ

ৰামোজী ফিল্ম চিটীত পৰিস্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰাৰ লগতে মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শাৰীৰিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে ফিল্মী চিটীখনত পৰ্যটকৰ বাবে বিশেষ নিৰ্দেশনা দিয়া হৈছে । সততে স্পৰ্শ কৰি থকা ঠাইবোৰ নিয়মীয়াকৈ ছেনিটাইজ কৰা হৈছে । পৰ্যটকসকলক এই বিষয়ে অৱগত কৰাবলৈ সুৰক্ষা প্ৰক্ৰিয়া বিষয়ত প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰীও সকলো সময়তে ৰামোজী ফিল্ম চিটীত উপস্থিত থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে । মুঠতে পৰ্যটকক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ।

লগতে পঢ়ক:লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.