World Sleep Day 2023: এইবোৰ কাৰণতে ভুগিবলগীয়া হয় অনিদ্ৰাৰ সমস্যাত !

author img

By

Published : Mar 17, 2023, 5:04 AM IST

Due to these reasons sleep goes away, learn from experts how to sleep peacefully

সুস্থ হৈ থাকিবলৈ শান্তিৰে টোপনি যোৱাটো অতি প্ৰয়োজনীয় । কিন্তু কিছুমান অভ্যাসৰ বাবে আমি শান্তিৰ টোপনি ভোগ কৰিব নাপাওঁ । যদি আপুনিও এই সমস্যাৰ ভুক্তভোগী, তেন্তে ইয়াৰ কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানি লওক..

সুস্থ হৈ থাকিবলৈ ভাল টোপনি অতি প্ৰয়োজনীয় । স্বাস্থ্যসন্মত খাদ্য কেৱল ভাল জীৱনশৈলীৰ বাবেই প্ৰয়োজনীয় নহয়, তাৰ লগতে পৰ্যাপ্ত টোপনিৰো প্ৰয়োজন হয় । সুস্থ হৈ থাকিবলৈ আমাক টোপনিৰ অতি প্ৰয়োজন(World Sleep Day 2023)। গতিকে টোপনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আৰু টোপনিৰ সৈতে জড়িত সাধাৰণ সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰতি বছৰে মাৰ্চ মাহৰ তৃতীয়টো শুকুৰবাৰৰ দিনা বিশ্ব টোপনি বা নিদ্ৰা দিৱস হিচাপে পালন কৰা হয় ।

আজিকালি বহু লোক টোপনিৰ সৈতে জড়িত সমস্যাত ভুগিছে(Why World Sleep Day is celebrated )। সেয়ে বিশ্ব টোপনি দিৱস উপলক্ষে আজি আমি সেই কাৰণবোৰৰ আলোচনা কৰিম, যাৰ বাবে মানুহে অনিদ্ৰাৰ সমস্যাত ভুগে । ইয়াৰ লগতে সেই পদ্ধতিসমূহৰ বিষয়েও জানিব পাৰিব, যাৰ সহায়ত আপুনি শান্তিৰে টোপনি ল'ব পাৰিব । অনিদ্ৰাৰ আঁৰৰ কাৰণ বিশেষজ্ঞই বহুতো কাৰণৰ বিষয়ে উল্লেখ কৰে ৷

সুস্থ হৈ থাকিবলৈ ভাল টোপনিৰ প্ৰয়োজন

এই সন্দৰ্ভত বিশেষজ্ঞই কয় যে ভাল টোপনি সুস্থ জীৱনৰ মুলমন্ত্ৰ, কিন্তু বৰ্তমান ব্যস্ততাৰে ভৰা এই জীৱনত বহুলোক টোপনিৰ সমস্যাত ভুগিবলৈ ধৰিছে ​​যাৰ ফলত টোপনিৰ সৈতে জড়িত এই সমস্যাসমূহ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । টোপনিৰ গুৰুত্বও বিভিন্ন মানুহৰ বাবে বহুত বেলেগ । হতাশা অৱসাদত ভোগা ব্যক্তিৰ বাবে টোপনিয়ে তেওঁক তেওঁৰ অপৰ্যাপ্ততা, অক্ষমতাৰ কথা মনত পেলাই দিয়ে(How do we celebrate World Sleep Day) । একে সময়তে ভাৱনাত্মক দিশত আৱদ্ধ হৈ থকাৰ বাবে আৰামত শুবলৈ অসুবিধা হয় । এনে পৰিস্থিতিত পিছৰ দিনা ভাগৰুৱা অনুভৱ হয়, যাৰ ফলত কামত প্ৰভাৱ পৰে(Which day is called World Sleep Day?) ।

টোপনিৰ অভাৱৰ বাবে

অনিদ্ৰাৰৰ কাৰণ সন্দৰ্ভত বিশেষজ্ঞই কয় যে, বৰ্তমান জীৱনশৈলীৰ অৱনতি ঘটাৰ বাবে মানুহে টোপনিৰ সৈতে জড়িত সমস্যাৰ ভুক্তভোগী হৈ পৰিছে । ইয়াৰ উপৰিও আন কিছুমান অভ্যাসো আছে, যাৰ বাবে মানুহ নিৰন্তৰ টোপনিৰ সৈতে জড়িত সমস্যাৰ বলি হৈ আহিছে, ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ-

  • বেয়া খাদ্যাভ্যাস
  • ভুল সময়ত খাদ্য গ্ৰহণ
  • মদ্যপান আৰু ধূমপানৰ অভ্যাস
  • শুই থকাৰ সময়ত ডিজিটেল ডিভাইচ ব্যৱহাৰ কৰা
  • গভীৰ নিশা গধুৰ খাদ্য আদি

ভাল টোপনিৰ বাবে এই টিপছবোৰ মানি চলক

বিশেষজ্ঞসকলৰ মতে, গোটেই দিনটো চলি থকা প্ৰতিটো প্ৰক্ৰিয়াই আমাৰ টোপনিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । আমাৰ খাদ্যাভ্যাস, ব্যায়ামৰ নিয়ম, শাৰীৰিক স্বাস্থ্য আৰু মানসিক সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখিহে আমি ভাল টোপনি পাব পাৰো । ইয়াৰ বাহিৰেও তলত উল্লেখিত এই টিপচ্ সমূহৰ জৰিয়তে আপুনি ভাল টোপনি ল'ব পাৰে -

  1. নিৰ্দিষ্ট এক সময়ত সাৰ পোৱাটো অভ্যাস কৰি লওক, যাতে ৰাতি সময়মতে শুব পাৰে ।
  2. লগতে শুই থকাৰ সময়ত ফোন বা যিকোনো ইলেক্ট্ৰনিক ডিভাইচ ব্যৱহাৰ নকৰিব, কাৰণ স্ক্ৰীণ লাইটে টোপনিৰ ওপৰত প্ৰভাৱ পেলায় ।
  3. খাদ্যৰ সময় নিৰ্ধাৰণ কৰক আৰু লগতে শুৱাৰ পূৰ্বে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ।
  4. কফি, সুৰা আৰু ধূমপান কমকৈ সেৱন কৰক ।
  5. দিনৰ ভাগত নিজকে শাৰীৰিকভাৱে সক্ৰিয় কৰি ৰাখক, যাতে ক্লান্তিৰ বাবে ৰাতি ভালদৰে শুব পাৰে ।

লগতে পঢ়ক: Oats recipe for weight loss: বাঢ়ি অহা ওজনক লৈ আপুনি চিন্তিত নেকি ? তেন্তে গ্ৰহণ কৰক এই খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.