ETV Bharat / bharat

Women’s reservation bill: আইনত পৰিণত হোৱাৰ পথত মহিলা সংৰক্ষণ বিধেয়ক; উপ-ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:46 AM IST

ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে মহিলা সংৰক্ষণ বিধেয়কত স্বাক্ষৰ কৰিছে, য’ত লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাক 33 % সংৰক্ষণ প্ৰদান কৰিব বিচৰা হৈছে । ভাৰতৰ সংবিধানৰ 111 নং অনুচ্ছেদৰ অধীনত এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে বিধেয়কখন দাখিল কৰা হ’ব ।

Women’s reservation bill
আইনত পৰিণত হোৱাৰ পথত মহিলা সংৰক্ষণ বিধেয়ক

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে বৃহস্পতিবাৰে সংসদে গৃহীত কৰা মহিলা সংৰক্ষণ বিধেয়কখন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতিৰ বাবে দাখিল কৰাৰ পূৰ্বে স্বাক্ষৰ কৰে । চলিত মাহৰ আৰম্ভণিতে সংসদৰ বিশেষ অধিৱেশনৰ সময়ত লোকসভা আৰু ৰাজ্যসভাই প্ৰায় সৰ্বসন্মতিক্ৰমে সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰে ।

লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাসকলক 33 % সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ বিচৰা এই বিধেয়কখন কাৰ্যকৰী হোৱাৰ পূৰ্বে কিছু সময় লাগিব ৷ কাৰণ পৰৱৰ্তী লোকপিয়ল আৰু পৰৱৰ্তী সীমা নিৰ্ধাৰণৰ (লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা) অনুশীলনে মহিলা প্ৰাৰ্থীৰ বাবে আসনসমূহ নিশ্চিত কৰা হ’ব বুলি নিৰ্ধাৰণ কৰা হৈছে ।

উপ-ৰাষ্ট্ৰপতি সচিবালয়ে X যোগে কয়, "মাননীয় অধ্যক্ষ, ৰাজ্যসভাই সংসদ সদনে গৃহীত কৰা সংবিধান (এশ অষ্টবিংশ সংশোধনী) বিধেয়ক, 2023, অনুচ্ছেদৰ অধীনত বিধেয়কখনত সন্মতি দিয়াৰ বাবে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিৰ ওচৰত ভাৰতীয় সংবিধানৰ 111 অনুচ্ছেদৰ অধীনত দাখিল কৰাৰ বাবে স্বাক্ষৰ কৰিছে ।" ইয়াৰ উপৰিও আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ধনখড়েৰ পৰা বিধেয়কখনৰ স্বাক্ষৰিত প্ৰতিলিপি লাভ কৰাৰ ছবিও শ্বেয়াৰ কৰা হৈছে ।

মহিলা সংৰক্ষণ বিধেয়ক, 2023 বা ‘নাৰী শক্তি বন্দন অধিনিয়ম’ ৰ জৰিয়তে লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাসকলক 33% সংৰক্ষণৰ ব্যৱস্থা কৰিব বিচৰা হৈছে আৰু ৰাষ্ট্ৰপতিয়ে সন্মতি দিয়াৰ পিছত এতিয়া আইনলৈ পৰিণত হ’ব ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 2010 চনত, কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰৰ দিনত ৰাজ্যসভাই মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল । কিন্তু লোকসভাত ইয়াক গ্ৰহণ কৰা নহ’ল আৰু পৰৱৰ্তী সময়ত নিম্ন সদনত সময়সীমা পাৰ হৈ যায় ।

লগতে পঢ়ক: Bidhuri remarks row: বিশেষাধিকাৰ সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে বিজেপি সাংসদ ৰমেশ বিধুৰীৰ বিৰুদ্ধে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.