ETV Bharat / bharat

তিনিদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ-পূৰ্বাঞ্চললৈ অমিত শ্বাহ: 20 জানুৱাৰীত আহিব অসমলৈ

author img

By ANI

Published : Jan 18, 2024, 12:12 PM IST

union home minister amit shahs visit to assam meghalaya
তিনিদিনীয়া কাৰ্যসূচী লৈ আজি অসম আৰু মেঘালয়লৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

Union Home Minister Amit Shah : মেঘালয়ত দুদিনীয়া আৰু অসমত এদিনীয়া কাৰ্যসূচী লৈ আজি শ্বিলঙত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ 18 আৰু 19 জানুৱাৰীত মেঘালয়ত কটোৱাৰ পাচত 20 জানুৱাৰীত অসমলৈ আহিব শ্বাহ ৷

নিউজ ডেস্ক, 18 জানুৱাৰী : বৃহস্পতিবাৰে মেঘালয়ৰ শ্বিলঙত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বৃহস্পতিবাৰে শ্বিলঙত উপস্থিত হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শ্বিলংস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ চৌহদত অসম ৰাইফলছৰ এটা চাইবাৰ নিৰাপত্তা কেন্দ্ৰ উদ্বোধন কৰিব ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব পৰিষদ চমুকৈ এন ই চিৰ 71 সংখ্যক পূৰ্ণাংগ অধিৱেশনত অংশগ্ৰহণ কৰিব ৷ ইফালে শুকুৰবাৰে অৰ্থাৎ 19 জানুৱাৰীত উত্তৰ-পূব মহাকাশ আবেদন কেন্দ্ৰ চমুকৈ এন ই এছ এ চিৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ৷

বুধবাৰে পূব খাচী পাহাৰ জিলাৰ উপায়ুক্তগৰাকীয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, 18 আৰু 19 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে মেঘালয়তে থাকিব ৷ মেঘালয়ৰ কাৰ্যসূচী সামৰি 20 জানুৱাৰীত অসমলৈ যাব য’ত বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে ৷

20 জানুৱাৰী দিনা প্ৰথমে তেজপুৰলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী শ্বাহ ৷ তেজপুৰৰ এছ এছ বি কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া এছ এছ বিৰ 61 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ উক্ত দিনাই শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া অল বাথৌ মহাসভাৰ বাৰ্ষিক সন্মিলনতো অংশগ্ৰহণ কৰিব । তাৰ পৰা পোনে পোনে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 2,551 জন অসম আৰক্ষী কমাণ্ডোৰ পেৰেডত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

তাৰ পাচত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত "অসমৰ ব্ৰেভহাৰ্ট লাচিত বৰফুকন " নামৰ এখন কিতাপও মুকলি কৰিব ।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই আজি অসমত উপস্থিত হ’ল ৷ তেনে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসম আৰু মেঘালয় ভ্ৰমণলৈ অহাই তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত দুগৰাকী আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.