BJP Leader Umesh Pal murder case: প্ৰয়াগৰাজত ভাইৰেল গেংষ্টাৰ আতিক আহমেদৰ ভাবুকিমূলক অডিঅ’

author img

By

Published : Mar 13, 2023, 2:14 PM IST

Atiq Ahmed threatening audio goes viral

চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজত বিজেপি নেতা উমেশ পালক হত্যা কৰা হৈছিল (Umesh Pal Murder Case) য’ত গেংষ্টাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা আতিক আহমেদক প্ৰধান অভিযুক্ত হিচাপে ঘোষণা কৰা হৈছে। এতিয়া প্ৰয়াগৰাজত ইটোৰ পিছত সিটোকৈ ভাইৰেল হৈ পৰিছে আতিক আহমেদৰ ভাবুকিমূলক অডিঅ’ ৷

নিউজ ডেস্ক, 13 মাৰ্চ: প্ৰয়াগৰাজত ইটোৰ পিছত সিটোকৈ ভাইৰেল হৈ পৰিছে গেংষ্টাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা আতিক আহমেদৰ ভাবুকিমূলক অডিঅ’(threatening audio of ateeq ahmed)৷ উমেশ পাল হত্যাকাণ্ডৰ গোচৰে প্ৰয়াগৰাজক(Prayagraj murder case) জোকাৰি যোৱাৰ পিছতে গেংষ্টাৰ-ৰাজনীতিবিদ আৰু এই গোচৰৰ প্ৰধান অভিযুক্ত আতিক আহমেদে ভাবুকি দিয়া অডিঅ’ আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে (Atiq Ahmed threatening audio viral) ৷ অভিযুক্ত ৰাজনীতিবিদ আতিক আহমেদে ২০১৬ চনতে এজন যুৱকক ভাবুকি দিয়াৰ এটা অডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে । হাৰাশাস্তি সম্পৰ্কীয় এটা বিষয়ত আশ্ৰফ হাৰৱাৰা নামৰ এজন ব্যক্তিক আতিক আহমেদে তেওঁৰ গুণ্ডাবাহিনীৰ দ্বাৰা প্ৰহাৰ কৰাৰ ভাবুকি দিছিল ।

দেওবাৰৰ পৰা ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অভিযুক্ত গৰাকীৰ ভাবুকিমূলক অডিঅ’ । বৰ্তমান গুজৰাটৰ এখন কাৰাগাৰত বন্দী হৈ আছে আতিক আহমেদ ৷ যদিও ভাইৰেল অডিঅ’ সন্দৰ্ভত কোনো নিশ্চয়তা পোৱা হোৱা নাই, তথাপিও ছ’চিয়েল মিডিয়াত এইয়া প্ৰয়াগৰাজৰ যুৱকজনক গেংষ্টাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা আতিক আহমেদেই(Gangster turned politician) দিয়া ভাবুকি হিচাপে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ উমেশ পাল হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছৰে পৰা আতিক আহমেদ(Mafia politician Atiq Ahmed) আৰু তেওঁৰ গেঙৰ সদস্যৰ গ্ৰুপ ফটোও ভাইৰেল হৈ পৰিছে । আতিক আহমেদ, তেওঁৰ পুত্ৰ, ভাতৃ আৰু পত্নীৰ সৈতে জড়িত ফটো, ভিডিঅ’ আৰু অডিঅ’সমূহ এতিয়া ভাইৰেল হৈ পৰিছে । শেহতীয়া অডিঅ’ত অভিযুক্ত আতিক আহমেদে, আশ্ৰফ হাৰৱাৰাক তেওঁৰ এজন ঘনিষ্ঠ সহায়ক কুদ্দুছক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি ভাবুকি দিয়া বুলি প্ৰকাশ পাইছে।

ইয়াৰ লগতে আতিক আহমেদে(Politician Atiq Ahmed), কুদ্দুছক পুনৰ হাৰাশাস্তি কৰিলে আশ্ৰাফক নিজৰ ঘৰতে মাৰপিট কৰা হ’ব বুলিও ভাবুকি দিছিল । আশ্ৰাফক মৰিয়াদিহ নামৰ অঞ্চললৈ লৈ গৈ প্ৰহাৰ কৰা হ’ব বুলি কোৱাৰ লগতে আতিক আহমেদে আশ্ৰাফ হৰৱাৰাক পথত জনসাধাৰণৰ উপস্থিতিতে মাৰপিট কৰা হ'ব বুলি ফোনযোগে ভাবুকি দিছিল ।

ভাইৰেল অডিঅ’টো ২০১৬ চনৰ মে’ মাহৰ বুলি জানিব পৰা গৈছে । ইয়াৰ পৰাই আতিক আহমেদৰ কিমান প্ৰভাৱ তাৰ এক অনুমান কৰিব পৰা গৈছে । ফোনযোগে ভাবুকি দিয়াৰ পিছত আতিকৰ লোকে আশ্ৰাফক ঘেৰাও কৰি অপহৰণ কৰিবলৈ চেষ্টা কৰে আৰু লগতে ভাবুকিও দিয়ে। ২০১৬ চনৰ মে’ মাহত সংঘটিত হোৱা এই ঘটনাৰ পাছতেই থানাত অভিযোগ উত্থাপন কৰে যদিও তেওঁৰ গোচৰ পঞ্জীয়ন নহ’ল বুলি অভিযোগ কৰে আশ্ৰাফ হাৰৱাৰাই ।

ইয়াৰ পিছত ২০১৭ চনত উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ চৰকাৰ গঠন হোৱাৰ পিছত আশ্ৰফ হৰৱাৰাৰ পিতৃয়ে আতিক আহমেদৰ লগতে কুদ্দুছ আৰু ৰাজেশ কুমাৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।

লগতে পঢ়ক: Assam HSLC Exam 2023: বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি উত্তাল সদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.