ETV Bharat / bharat

আজিৰে পৰা দক্ষিণ আফ্ৰিকাত ১৯ অনূৰ্ধ্ব এদিনীয়া বিশ্বকাপ ক্ৰিকেট

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 1:48 PM IST

Updated : Jan 19, 2024, 2:24 PM IST

U19 World Cup 2024 : দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ১৯ অনূৰ্ধ্ব বিশ্বকাপ ২০২৪ত উদয় চাহাৰনৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে গ্ৰুপ এ-ত খেলিব । ২০ জানুৱাৰীত গ্ৰুপ পৰ্যায়ত ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে খেলিব ।

U19 World Cup 2024
আজিৰে পৰা দক্ষিণ আফ্ৰিকাত ১৯ অনূৰ্ধ্ব এদিনীয়া বিশ্বকাপ ক্ৰিকেট

স্পৰ্টছ ডেস্ক, ১৯ জানুৱাৰী : দক্ষিণ আফ্ৰিকাত ১৯ জানুৱাৰী অৰ্থাৎ আজিৰে পৰা ১৯ অনূৰ্ধ্ব বিশ্বকাপ আৰম্ভ হৈছে । এই বিশ্বকাপত ভাৰতীয় দলটোক চেম্পিয়নৰ আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে । উদয় চাহাৰনৰ নেতৃত্বত ভাৰতীয় দলে যিকোনো প্ৰকাৰে এই বিশ্বকাপত জয়ী হোৱাটো বিচাৰিব । এই বিশ্বকাপত ১৬ টা দল আছে যি ৪-৪ ৰ গ্ৰুপত আছে । গ্ৰুপ পৰ্যায়ৰ অন্তত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । এই প্ৰতিযোগিতাখন ৫০ অভাৰৰ অৰ্থাৎ এদিনীয়া ফৰ্মেটত খেলা হ'ব ।

এই ১৯ অনুৰ্ধ্ব বিশ্বকাপত ডিআৰএছৰ ব্যৱহাৰ কৰিব নোৱাৰিব । কেৱল খেলপথাৰ আৰু টিভি আম্পায়াৰেহে সিদ্ধান্ত ল'ব । এই বিশ্বকাপৰ খেলসমূহ ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আনহাতে লাইভ ষ্ট্ৰীমিং ডিজনী প্লাছ হটষ্টাৰত হ'ব ।

এই প্ৰতিযোগিতাত প্ৰতিটো দলে গ্ৰুপ পৰ্যায়ত মুঠ ৩ খনকৈ মেচ খেলিব পাৰিব । ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ত মুঠ ৩ খন খেল খেলিব লাগিব আৰু ইয়াৰ তিনিওখন খেল ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১.৩০ বজাৰ পৰা সম্প্ৰচাৰ কৰা হ'ব । গ্ৰুপ এত, ভাৰতে ২০ জানুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল, ২৫ জানুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন মেচ আৰু ২৮ জানুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে তৃতীয়খন মেচ খেলিব ।

ভাৰতৰ গ্ৰুপ মেচসমূহ-

প্ৰথম এদিনীয়া - ভাৰত বনাম বাংলাদেশ (২০ জানুৱাৰী)

দ্বিতীয় এদিনীয়া - ভাৰত বনাম আয়াৰলেণ্ড (২৫ জানুৱাৰী)

তৃতীয় এদিনীয়া - ভাৰত বনাম আমেৰিকা (২৮ জানুৱাৰী)

১৯ অনুৰ্ধৰ বিশ্বকাপৰ গ্ৰুপসমূহ-

গ্ৰুপ এ - ভাৰত, বাংলাদেশ, আয়াৰলেণ্ড, আমেৰিকা

গ্ৰুপ বি - ইংলেণ্ড, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ

গ্ৰুপ চি - অষ্ট্ৰেলিয়া, শ্ৰীলংকা, নামিবিয়া, জিম্বাবোৱে

গ্ৰুপ ডি - আফগানিস্তান, নেপাল, নিউজিলেণ্ড, পাকিস্তান

১৯ অনুৰ্ধ্ব ভাৰতীয় দল-

অৰ্শিন কুলকাৰ্ণী, আদৰ্শ সিং, ৰুদ্ৰ ময়ূৰ পেটেল, শচীন ধছ, প্ৰিয়ংশু মোলিয়া, মুছিৰ খান, উদয় চাহাৰন (অধিনায়ক), আৰ্ভেলি অৱনীশ ৰাও, সৌম্য কুমাৰ পাণ্ডে (উপ-অধিনায়ক), মুৰুগান অভিষেক, ইনেশ মহাজন, ধনুষ গৌড়া, অৰাধ্য শুক্লা, ৰাজ লিম্বানী আৰু নমন তিৱাৰী ।

লগতে পঢ়ক : অলিম্পিকৰ যোগ্যতা অৰ্জন, ভাৰতীয় মহিলা হকী দলৰ সন্মুখত অন্তিম সুযোগ

Last Updated : Jan 19, 2024, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.