ETV Bharat / bharat

হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে মৃত্যু দুই বায়ুসেনা পাইলটৰ

author img

By ANI

Published : Dec 4, 2023, 12:25 PM IST

Updated : Dec 4, 2023, 1:06 PM IST

প্ৰশিক্ষণৰত অৱস্থাত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ দুই পাইলটৰ থিতাতে মৃত্যু ৷ ইয়াৰে এগৰাকী প্ৰশিক্ষক আৰু আনজন প্ৰশিক্ষাৰ্থী পাইলট আছিল বুলি জানিব পৰা গৈছে ৷ হায়দৰাবাদৰ বায়ুসেনা একাডেমীৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰা মৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ।

Two pilots killed as IAF aircraft crashes
বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে মৃত্যু দুই পাইলটৰ

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ: তেলেংগানাৰ মেদক জিলাত শোকাৱহ ঘটনা ৷ তেলেংগানাৰ মেডাকৰ ৰাভেলী উপকণ্ঠ অঞ্চলত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাটো ৷ প্ৰশিক্ষণৰত অৱস্থাত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ভাৰতীয় বায়ুসেনাৰ দুই পাইলটৰ থিতাতে মৃত্যু ঘটে । দুৰ্ঘটনাৰ কাৰণ জানিবলৈ ইতিমধ্যে তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

বায়ুসেনাই জনোৱা মতে, হেলিকপ্টাৰখনে হায়দৰাবাদৰ বায়ুসেনা একাডেমীৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰা মৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত ভিতৰত এজন প্ৰশিক্ষক আৰু এজন প্ৰশিক্ষাৰ্থী পাইলট আছিল আৰু দুয়োগৰাকীৰে মৃত্যু ঘটিছে ।

জানিব পৰা মতে, সোমবাৰ অৰ্থাৎ 4 ডিচেম্বৰৰ পুৱা প্ৰায় 8.30 বজাত হায়দৰাবাদৰ পৰা উৰা হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় । তীব্ৰ শব্দ শুনি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে । দুৰ্ঘটনাটোৰ পিচতে হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

সোমবাৰৰ পুৱাই এখন Pilatus PC 7 Mk II হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় বুলি দুৰ্ঘটনাটো সন্দৰ্ভত ভাৰতীয় বায়ুসেনাই জনায় ৷ দুৰ্ঘটনাটোৰ ফলত হেলিকপ্টাৰখনত থকা দুয়োজন পাইলটৰ মৃত্যু ঘটে । X যোগে এটা পোষ্টত ভাৰতীয় বায়ুসেনাই কয়, "আজি পুৱা হায়দৰাবাদৰ ভাৰতীয় বায়ুসেনাৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ সময়ত এখন Pilatus PC 7 Mk II হেলিকপ্টাৰ দুৰ্ঘটনাৰ সন্মুখীন হয় । গভীৰ দুখৰ বিষয় যে ভাৰতীয় বায়ুসেনাই বিমানখনত থকা দুয়োজন পাইলটৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে ।"

এই দুৰ্ঘটনাটোৰ ফলত কোনো সাধাৰণ নাগৰিকৰ জীৱন বা সম্পত্তিৰ কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই । দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ বায়ুসেনাই ইতিমধ্যে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ।"

  • A Pilatus PC 7 Mk II aircraft met with an accident today morning during a routine training sortie from AFA, Hyderabad. It is with deep regret that the IAF confirms both pilots onboard the aircraft sustained fatal injuries. No damage to any civil life or property has been…

    — Indian Air Force (@IAF_MCC) December 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Train accident in West Bengal : পশ্চিমবংগৰ দুখন মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ, লাইনচ্যুত 12 টা ডবা

Last Updated : Dec 4, 2023, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.