ETV Bharat / bharat

Encounter in Chhattisgarh: ছত্তিশগড়ত সংঘৰ্ষত নিহত শীৰ্ষ নক্সালবাদী নেতা DVCM নাগেশ

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 11:50 AM IST

ছত্তিশগড়ৰ মাদ্দেদৰ ঘন অৰণ্যত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ ৷ এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত নক্সালবাদীৰ এজন শীৰ্ষ নেতা ৷ সম্প্ৰতি অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীৰ দলটোৱে ৷

Encounter in Chhattisgarh
ছত্তিশগড়ত নক্সালবাদীৰ শীৰ্ষ নেতা নিহত

নিউজ ডেস্ক, ১৭ অক্টোবৰ: ছত্তিশগড়ৰ বিজাপুৰৰ মাদ্দেদৰ বান্দেপাৰা বনাঞ্চলত মঙলবাৰে পুৱা নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । মাদ্দেদৰ ঘন অৰণ্যত সংঘটিত এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নক্সালবাদীৰ এজন শীৰ্ষ নেতা মৃত্যু হয় ৷ নিহত নক্সালবাদীটো মাদ্দেদ এলেকা কমিটীৰ ভাৰপ্ৰাপ্ত DVCM নাগেশ বুলি চিনাক্ত কৰা হৈছে ৷ নিৰাপত্তাৰক্ষীয়ে নক্সালবাদীটোৰ মৃতদেহৰ লগতে এটা AK 47 ৰাইফল উদ্ধাৰ কৰে ।

উল্লেখ্য যে, ৭ নৱেম্বৰত ছত্তীশগড়ৰ বস্তৰত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ১২খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । ঠায়ে ঠায়ে মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী; বৃদ্ধি কৰা হৈছে তালাচী অভিযান । ইয়াৰ মাজতে মঙলবাৰে পুৱা বিজাপুৰত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হয় ।

উল্লেখ্য যে, কোৰঞ্জেদ-বান্দেপাৰাৰ অৰণ্যত নক্সালবাদী শিবিৰ স্থাপন কৰা হৈছিল । মাদ্দেদ এলেকা কমিটীৰ ভাৰপ্ৰাপ্ত DVCM নাগেশ, সচিব ACM বুচান্না, ACM বিশ্বনাথৰ সৈতে প্ৰায় ১৫-২০জনীয়া সশস্ত্ৰ নক্সালবাদী উপস্থিত থকাৰ তথ্য লাভ কৰাৰ পিচত বিজাপুৰৰ পৰা ডি আৰ জি, বস্তৰ ফাইটাৰছ, এছ টি এফ আৰু চি আৰ পি এফ ১৭০জনীয়া যুটীয়া দল এটা উক্ত স্থানলৈ ৰাওনা হয় । আৰক্ষী-জোৱানৰ যুটীয়া দলটো প্ৰত্যক্ষ কৰি নক্সালবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ দলটোৰ ওপৰত গুলীচালনা কৰে ।

নক্সালবাদীৰ দলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী দলটোৱে গুলীচালনা কৰিবলৈ ধৰে ৷ প্ৰায় এঘণ্টা ধৰি চলা উক্ত সংঘৰ্ষত নক্সালবাদীৰ শীৰ্ষ নেতাজনৰ মৃত্যু হয় ৷ সম্প্ৰতি অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীৰ দলটোৱে ৷

লগতে পঢ়ক: Sukma encounter: ছত্তীশগড়ৰ চুকমা জিলাত ডিআৰজি আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষত দুজন নক্সালবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.