ETV Bharat / bharat

ত্ৰিপুৰাত আৰক্ষী মুখ্য কাৰ্যালয় ঘেৰাও তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Sep 15, 2022, 5:21 PM IST

আজি বিয়লি আগৰতলাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (TMC gheraoed Tripura Police Headquarters) । বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখি ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে (Rajya Sabha MP Sushmita Dev) কয় যে তৃণমূল কংগ্ৰেছৰ সকলো শাখাই আজি আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত এই বিক্ষোভ প্ৰদৰ্শন কৰে ।

TMC
TMC

আগৰতলা, ১৫ ছেপ্টেম্বৰ : তৃণমূল কংগ্ৰেছে বৃহস্পতিবাৰে ত্ৰিপুৰা আৰক্ষী মুখ্য কাৰ্যালয় ঘেৰাও কৰে (TMC gheraoed Tripura Police Headquarters) । লগতে উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰ থকা শ শ বাইক আগৰতলাত কিয় ৰখাই থোৱা হৈছে আৰু বিৰোধী দলৰ নেতা-কৰ্মীসকলৰ সুৰক্ষাৰ বাবে আৰক্ষীয়ে কি পদক্ষেপ লৈছে সেই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা তাৎক্ষণিক উত্তৰ দাবী জনায় ।

উল্লেখ্য, আজি বিয়লি আগৰতলাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখি ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে (Rajya Sabha MP Sushmita Dev) কয় যে তৃণমূল কংগ্ৰেছৰ সকলো শাখাই আজি আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত এই বিক্ষোভ প্ৰদৰ্শন কৰে ।

"উপ-নিৰ্বাচন হওক বা নাগৰিক সমিতিৰ নিৰ্বাচন, আমি ৰাজ্যখনৰ আটাইতকৈ শোচনীয় আইন-শৃংখলা পৰিস্থিতি দেখিছোঁ (law and order situation in Tripura) । ভোটাৰসকলে ভোটদান কৰিব নোৱাৰিলে, ভোটকেন্দ্ৰসমূহৰ ভিতৰত ভোটদান এজেণ্টক অনুমতি দিয়া হোৱা নাছিল আৰু বিৰোধী দলৰ নেতাসকলৰ ওপৰত আক্ৰমণ কৰা হৈছিল আনকি বিৰোধী দলবোৰে নিৰ্বাচনী প্ৰচাৰো চলাব নোৱাৰিলে । ত্ৰিপুৰাত এই পৰিস্থিতি বিৰাজ কৰি আছে ।" সুস্মিতা দেৱে কয় ।

তেওঁ লগতে দাবী কৰে যে শেহতীয়াকৈ তেওঁলোকে সামাজিক মাধ্যমত দেখিছে যে আগৰতলাত উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰ থকা ১০০ তকৈও অধিক মটৰচাইকেল ৰখাই থোৱা আছে ।

"এই বিষয়ত, মই ডিজিপিলৈ এখন পত্ৰ লিখিছোঁ (Sushmita Dev letter to DGP Tripura) । তাত তেওঁক সুধিছোঁ যে এনে বাইক ক'ৰ পৰা আহিছে । বা ত্ৰিপুৰা বিজেপিয়ে এইবোৰ ক্ৰয় কৰিছে নেকি আৰু ইয়াৰ উদ্দেশ্য কি । মই ডিজিপিলৈ এনে সকলো বিষয়ৰ ওপৰত আলোকপাত কৰি এখন পত্ৰও লিখিছোঁ । কিন্তু এইটো অতি দুৰ্ভাগ্যজনক যে ডিজিপিয়ে মোৰ পত্ৰৰ উত্তৰ দিবলৈ গুৰুত্ব দিয়া নাই । বিৰোধী দলৰ নেতা আৰু ইয়াৰ কৰ্মীসকলক নিৰাপত্তা দিয়াটো ডিজিপিৰ দায়িত্ব আৰু এই মটৰচাইকেলসমূহৰ বিষয়ে আৰু কি উদ্দেশ্যৰ বাবে এইবোৰ অনা হৈছে তাৰ উত্তৰ দিয়াটোও তেওঁৰ দায়িত্ব ।" তেওঁ কয় ।

আনহাতে, বিজেপিক তীব্ৰ সমালোচনা কৰি সুস্মিতাই কয় যে ত্ৰিপুৰা এতিয়া সমগ্ৰ দেশতে 'বাইক বাহিনী' (বাইক-বাহিত দুৰ্বৃত্ত)ৰ বাবে বিখ্যাত হৈ পৰিছে (TMC criticized Tripura BJP) ।

"শেহতীয়াকৈ তেওঁলোকে অমৰপুৰ মহকুমাত আমাৰ দলীয় কৰ্মীক আক্ৰমণ কৰিছে । ইয়াৰ উপৰি তেওঁলোকে সম্পত্তি ধ্বংস কৰা, বিৰোধী কৰ্মীসকলৰ ওপৰত আক্ৰমণ কৰাত জড়িত । আমি ডিজিপিক মটৰচাইকেলসমূহৰ বিষয়ে তাৎক্ষণিকভাৱে তথ্য দিবলৈ দাবী জনাইছোঁ আৰু বিৰোধী দলৰ কৰ্মী, নেতাসকলৰ নিৰাপত্তাৰ বাবে কি পদক্ষেপ লোৱা হৈছে সেই বিষয়ে জনাবলৈ কৌছোঁ ।" সুস্মিতা দেৱে লগতে কয় ।

লগতে পঢ়ক :জৈৱিক প্ৰমাণ পত্ৰ এজেন্সী স্থাপনৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.