মহামাৰীৰ পাছত প্ৰধান সমস্যা হ'ব মানসিক সমস্যা

author img

By

Published : May 6, 2021, 3:32 PM IST

COVID and mental problems

বৰ্তমান ক'ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বতে কেনেদৰে বিভীষিকাৰ সৃষ্টি কৰিছে সেয়া সৰ্বজনবিদিত । কিন্তু মহামাৰীৰ সংক্ৰমণ ৰোধ হোৱাৰ পিছত ৰোগীসকল তথা মানৱ সমাজে আন এক ভয়াৱহ পৰিস্থিতিৰে যুঁজ দিব লাগিব বুলি আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে । তেওঁলোকৰ মতে, মানুহে মানসিক সমস্যাত ভূগিব লাগিব । নিৰাশাই মানৱ জীৱনক এক প্ৰকাৰ ৰুগীয়া কৰিব ।

সম্প্ৰতি ক'ভিড মহামাৰীয়ে সৃষ্টি কৰা সমস্যাবোৰে পিছত আন এক মহামাৰীৰ ৰূপ ল'ব । বাৰ্চিলোনা ইনষ্টিটিউট অৱ গ্ল'বেল হেল্থ নামৰ সংস্থাটোৱে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে এই কথা । চীনৰ জিনহুৱা বাৰ্তা সন্থাটোৱে বহু সংখ্যক বিশেষজ্ঞৰ উদ্ধৃতি দি এক সমীক্ষাত কয় যে, মহামাৰীৰ এই সময়চোৱাত মানুহৰ মনত বিভিন্ন বিষয়ে ক্ৰিয়া কৰিছে, যিয়ে বহুতৰ বাবে মানসিক সমস্যাৰো সৃষ্টি কৰিছে ।

মানসিক সমস্যাৰ লগত জড়িত বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে এক বিলিয়ন মাৰ্কিন ডলাৰ পৰ্যন্ত অৰ্থনৈতিক ব্যয় বৃদ্ধি হৈছে ৷ কিন্তু ইয়াৰ ৮৫ শতাংশ ৰোগেই আৰোগ্য নোহোৱা ধৰণৰ । তাৰোপৰি ভুক্তভোগীসকলৰ আৰ্থিক সমস্যাই গোটেই বিশ্বতে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । বিশেষজ্ঞসকলে কয় যে, ক'ভিড মহামাৰীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ জীৱন সলনি কৰি দিছে ৷ য'ত তেওঁলোকৰ কামৰ নিশ্চয়তা নোহোৱা হৈছে, জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে আৰু ই আৰ্থিক সমস্যাৰ সৃষ্টি কৰিছে ।

ইয়াৰ উপৰিও তেওঁলোকৰ পাৰিবাৰিক জীৱনো প্ৰভাৱিত হৈছে, যিয়ে ঘৰুৱা হিংসা, একাকীকত্ব, পাৰিবাৰিক সমস্যা, বন্ধু-বান্ধৱৰ মৃত্যু আদিৰ দৰে অকল্পনীয় সমস্যাৰ মুখামুখি হ'বলৈ বাধ্য কৰাইছে । অধিকাংশ সমীক্ষাই প্ৰমাণ কৰিছে যে, ৩০-৬০ শতাংশ ক'ভিড ৰোগী চিন্তাজনিত সমস্যাৰ বাবে স্নায়াৱিক ৰোগ বা মানসিক ৰোগৰ সন্মুখীন হ'বলগীয়া হৈছে ।

বেছিভাগ ক'ভিড ৰোগীৰ ক্ষেত্ৰতে দিলিৰিয়াম নামৰ স্নায়ৱিক ৰোগৰ লক্ষণসমূহ দেখা দিছে, যাৰ বাবে তেওঁলোকক হতাশ হৈ পৰিছে । আই এচ গ্ল'বেল নামৰ সংস্থাটোৱে কৰ্ম সংস্থাপন হেৰুওৱা লোকসকলৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে । বহুসংখ্যক লোকে কৰ্ম সংস্থাপন, আত্মীয় স্বজন তথা বন্ধু-বান্ধৱক হেৰুওৱা লোকসকলৰ বাবে ন্যুনতম সুবিধাখিনি প্ৰদানৰ বাবেও ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.