ETV Bharat / bharat

Bihar Katihar firing case: প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনা; তিনিজনৰ মৃত্যু

author img

By

Published : Jul 26, 2023, 6:18 PM IST

বিহাৰৰ কাটিহাৰ জিলাত হিংসাত্মক ঘটনা ৷ আৰক্ষীৰ গুলীচালনাত নিহত তিনিজনকৈ লোক ৷ বিদ্যুৎ যোগান ব্যাহত হোৱাৰ বিৰুদ্ধে সাব্যস্ত কৰা এক প্ৰতিবাদৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ আহত কেইবাজনো লোক ৷

Bihar Katihar firing case
Bihar Katihar firing case

নেশ্যনেল ডেস্ক, 26 জুলাই: বুধবাৰে বিহাৰৰ কাটিহাৰ জিলাত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গুলীচালনা কৰাত তিনিজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাই ৷ তথ্য অনুসৰি প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ সৃষ্টি হৈছিল, যাৰ ফলত এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷

এই ঘটনা বাৰচোই খণ্ড কাৰ্যালয়ত সংঘটিত হয়, য'ত জিলাখনত অনিয়মীয়া বিদ্যুৎ যোগানৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি স্থানীয় বাসিন্দাসকল একত্ৰিত হৈছিল ৷ প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰা আৰম্ভ কৰাৰ পাচতে পৰিস্থিতি অস্থিৰ হৈ পৰে ৷

শিলগুটি নিক্ষেপৰ প্ৰতিক্ৰিয়াস্বৰূপে আৰক্ষীয়ে গুলীচালনা কৰে, যাৰ ফলত তিনিজন লোকৰ মৃত্যু হয় ৷ নিহতসকলৰ মাজৰ এজন মহম্মদ খুৰ্ছিদ (35) আৰু নিয়াজ আলম (32)ক বুলি চিনাক্ত কৰা হৈছে ৷ অৱশ্যে এজনৰ পৰিচয় এতিয়ও উদ্ধাৰ হোৱা নাই ৷

এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, ‘‘যেতিয়া আৰক্ষীয়ে আমাক লক্ষ্য কৰি গুলীচালনা কৰিছিল তেতিয়া আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিলো ৷ তেওঁলোকে (আৰক্ষী) সেই সময়তে পাঁচজন লোকক লক্ষ্য কৰি গুলীচালনা কৰে, যাৰ ভিতৰত তিনিজনৰ মৃত্যু হৈছে ৷’’

স্থানীয় গাঁৱবাসীৰ বিৱৰণ অনুসৰি, পৰৱৰ্তী লাঠী চাৰ্জৰ সময়ত আন কেইবাজনো লোক আহত হয় ৷ পুৱা 5 বজাৰ পৰা পুৱা 11 বজালৈ বিদ্যুৎ যোগান ব্যাহত হোৱাৰ বিৰুদ্ধে বিদ্যুৎ যোগান কাৰ্যালয়ৰ সন্মুখত বুধবাৰে দিনৰ 3 বজাত সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ ৷

এই দুৰ্ঘটনাৰ পাচতেই জনসাধাৰণ অধিক ক্ষোভিত হৈ পৰে ৷ অঞ্চলটোৰ পৰিৱেশ এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে আৰু আৰক্ষীয়ে আইন-শৃংখলা পুনৰুদ্ধাৰ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Seema Haider Case: পাকিস্তানী মহিলা সীমা হাইদৰৰ ভাৰতীয় নাগৰিকত্ব দাবী অধিবক্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.