ETV Bharat / bharat

Cheap AC for Summer: 3 হাজাৰতকৈও কম মূল্যত উপলব্ধ এইসমূহ AC, নিমিষতে শীতল কৰিব আপোনাৰ কোঠা

author img

By

Published : Apr 27, 2023, 8:49 PM IST

যদি আপুনি গ্ৰীষ্মকালত শীতল হৈ থকাৰ নতুন উপায় বিচাৰিছে, তেন্তে আপোনাৰ বাবে উপলব্ধ আছে বহুতো বিকল্প । কম খৰচতে এইসমূহ পর্টেবল AC অনলাইনযোগে ক্ৰয় কৰক...

These powerful ACs come in less than rupees 3 thousand will cool the room
3 হাজাৰতকৈও কম মূল্যত উপলব্ধ এইসমূহ AC, নিমিষতে শীতল কৰিব আপোনাৰ কোঠা

যদি আপুনি গৰমৰ দিনত ছানষ্ট্ৰ’ক আৰু ঘামচিৰ পৰা আঁতৰি থাকিব বিচাৰে, তেন্তে বজাৰত আপোনাৰ বাবে কুলাৰ আৰু এচিৰ দৰে বহুতো বিকল্প আছে । কুলাৰ আৰু এচিয়ে গ্ৰীষ্মকালত সকাহ দিয়ে কিন্তু অধিক টকা খৰছ কৰিব নোৱাৰা বহুলোক আছে, তেনে লোকে কেৱল ফেন ব্যৱহাৰ কৰে । কিন্তু অত্যধিক গৰমৰ ফলত ফেনেও কাম কৰিব নোৱাৰে । কিন্তু এনে বহু সৰু এচি বজাৰত বিক্ৰী হয়, যাৰ দাম ৫ হাজাৰ টকাতকৈও কম (Cheap AC for Summer)। এনে সস্তা পৰ্টেবল এচিৰ বিষয়ে জানো আহক-

One94Store Portable Air Conditioner: আমাজনত এই ACৰ দাম ২,১৯৯ টকা । বিশেষ কথাটো হ’ল প্ৰতি গ্ৰাহকে EMIত মাত্ৰ ১০৭ টকাত ঘৰলৈ আনিব পাৰিব এই এয়াৰ কণ্ডিচনাৰ । যদি আমি ৰিভিউ চাবলৈ যাও তেন্তে বহুলোকে কয় যে, এই এচি ফেন খুবেই ভাল, যিটো গ্ৰীষ্মকালত যিকোনো ঠাইলৈ লৈ যাব পাৰি । ইয়াত ৫০০ মিলিলিটাৰ পানীৰ টেংক দিয়া হৈছে । লগতে ভাল কথাটো হ’ল ইয়াক ইউএছবি পাৰ্চনেল কুলাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি (low price AC) । ইয়াৰ উপৰিও ই মিনি হিউমিডিফায়াৰ হৈ পৰে । ইয়াৰ সৈতে ৭টা ৰঙৰ LED আছে, আৰু লগতে আছে এটা টাইমাৰ (Cheap AC in Amazon)।

Cupex Portable Air Conditioner: আমাজনত এই এচিৰ দাম ২,৪৯৯ টকা । ইয়াত কাৰ্টিজ মেটেৰিয়েল, আৰু ফেন মটৰ আছে, যিয়ে শীতলতা প্ৰদান কৰে । ই গ্ৰীষ্মকালত বতাহ ঠাণ্ডা কৰি শুকান বতাহ আৰ্দ্ৰতালৈ ৰূপান্তৰিত কৰে । ইয়াতো পানী ভৰোৱাৰ বাবে এটা পানীৰ টেংক দিয়া হৈছে (Cooler in Amazon) ।

Auslese Portable Table Top Air Conditioner: এই এচি ফেনটো আমাজনত ২,২৮০ টকাত উপলব্ধ । এইটো এটা 4 ইন 1 পৰ্টেবল এয়াৰ কণ্ডিচনাৰ । ইয়াত ফেনৰ লগতে হিউমিডিফায়াৰ আৰু এল ই ডি নাইট লাইটো উপলব্ধ । Auslese পৰ্টেবল টেবুল টপ এয়াৰ কণ্ডিচনাৰ এটা উচ্চ গতিৰ ঠাণ্ড বতাহ প্ৰদান কৰে । ইয়াৰ শব্দ কম হয়, আৰু ইয়াৰ দ্বাৰা চাৰিওফালৰ উষ্ণতাও কম হয় ।

লগতে পঢ়ক: Amazon Prime Video: এতিয়াৰে পৰা আপুনি Prime Videoৰ বাবে পৰিশোধ কৰিব লাগিব অধিক ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.