ETV Bharat / bharat

ASI survey in Gyanvapi campus: জ্ঞানবাপী চৌহদত চলোৱা জৰীপে ভৰি দিলে 16 সংখ্যক দিনত

author img

By

Published : Aug 19, 2023, 10:16 AM IST

জ্ঞানবাপী চৌহদত আৰম্ভ জৰীপৰ কাম ৷ পুৱা 8 বজাৰ পৰা ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে আৰম্ভ কৰিছে জৰীপৰ কাম ৷ জৰীপ কাৰ্যই সম্পূৰ্ণ কৰিলে 16 দিন ।

Survey work continues in Gyanvapi campus in Varanasi
জ্ঞানবাপি চৌহদত চলোৱা জৰীপে ভৰি দিলে 16 সংখ্যক দিনত

নেশ্যনেল ডেস্ক, 19 আগষ্ট: ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে জ্ঞানবাপী চৌহদত আৰম্ভ কৰিছে জৰীপৰ কাম ৷ ইতিমধ্যে জৰীপৰ 15 দিন সম্পূৰ্ণ হৈছে । আজি ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে জৰীপৰ 16 সংখ্যক দিন । পুৱা 8 বজাত জ্ঞানবাপী চৌহদত প্ৰৱেশ কৰিছে প্ৰত্নতাত্ত্বিক বিভাগৰ দলটোৱে । চাৰিটা ভাগত বিভক্ত কৰি তদন্ত অব্যাহত ৰাখিছে প্ৰত্নতাত্ত্বিক বিভাগৰ দলটোৱে । সন্ধিয়া 5 বজালৈ চলিব এই সমীক্ষা । দুপৰীয়া 12:30 বজাৰ পৰা 2:30 বজালৈ নামাজ আৰু বিৰতিৰ বাবে কাম বন্ধ থাকিব ।

4 আগষ্টৰ পৰা জ্ঞানবাপী কেম্পাছত আৰম্ভ হৈছে জৰীপৰ কাম । ইয়াৰ পূৰ্বে 21 জুলাইত আদালতৰ নিৰ্দেশৰ পিছত 24 জুলাইৰ পৰা জৰীপ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও মুছলমান পক্ষই উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে আবেদন জনাইছিল আৰু শীঘ্ৰে এই প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনাইছিল । আদালতে এই ব্যৱস্থা বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰোতে উচ্চ ন্যায়ালয়ক হস্তক্ষেপ কৰি সমগ্ৰ খণ্ডটোত শুনানি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল ।

ইয়াৰ পিছত উচ্চ ন্যায়ালয়ে শুনানিৰ পিছত জৰীপৰ ব্যৱস্থাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰি প্ৰত্নতাত্ত্বিক বিভাগৰ জৰীপ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ পিছত 62 জনীয়া এটা দল মোতায়েন কৰি জৰীপৰ কাম সম্পূৰ্ণ কৰা হয় । ইয়াত এটা দলে প্ৰথম পৰ্যায়ত জৰীপৰ কাম আগবঢ়াই নিছে, আনহাতে আনটো দলে দ্বিতীয় পৰ্যায়ত সম্পূৰ্ণ কৰি আছে । আজি জৰীপ কাৰ্যই সম্পূৰ্ণ কৰিলে 16 দিন ।

দলটোৱে এতিয়াও থ্ৰীডি মেপিং প্ৰযুক্তি ব্যৱহাৰ কৰি আছে । থ্ৰীডি মেপিঙৰ জৰিয়তে সমগ্ৰ কেম্পাছৰ ডিজিটেল মেপ প্ৰস্তুত কৰা হৈছে । ইয়াত প্ৰতিটো অংশতে গঠনসমূহ কি ৰূপত আছে আৰু ইয়াক কেনেকৈ নিৰ্মাণ কৰা হৈছে সেয়া ডিজিটেলভাৱে চাবলৈ প্ৰয়াস কৰা হৈছে । ইয়াৰ উপৰিও অধিক কৌশল ব্যৱহাৰ কৰি দেৱাল, মাটি আৰু গম্বুজৰ ভিতৰৰ অংশও জানিবলৈ চেষ্টা কৰা হৈছে ।

বৰ্তমান দলটোৰ সকলো সদস্যকে বিভিন্ন ঠাইত তদন্তৰ বাবে প্ৰতিনিধি নিয়োগ কৰা হৈছে । দিল্লী প্ৰত্নতাত্ত্বিক বিভাগৰ সহকাৰী সঞ্চালক আলোক ত্ৰিপাঠীয়ে এই সমগ্ৰ দলটোৰ নেতৃত্ব প্ৰদান কৰিছে । ইয়াৰ পূৰ্বে শ্ৰী ৰাম মন্দিৰ কমপ্লেক্স সন্দৰ্ভত জৰীপ কাৰ্যৰ সৈতেও জড়িত হৈ আহিছে আলোক ত্ৰিপাঠী । ইয়াৰ উপৰিও দলটোৰ আন বহু সদস্যও অযোধ্যাত পূৰ্বে কৰা জৰীপৰ কামত নিয়োজিত হৈ আহিছে ।

বাৰাণসীৰ উপৰিও এই দলত কলকাতা, পাটনা, আগ্ৰা, লক্ষ্ণৌ আৰু বাৰাণসীৰ দলৰ সদস্যসকলো আছে ।

লগতে পঢ়ক: Amarnath Yatra 2023: 300 ফুট উচ্চতাৰ পৰা পিচলি মৃত্যু তীৰ্থযাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.