ETV Bharat / bharat

Wfi Elections : নিৰ্বাচনত স্থগিতাদেশৰ বিৰুদ্ধে Wfi ৰ তদৰ্থ সমিতিৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ জাননী

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:42 PM IST

ভাৰতীয় মল্লযুঁজ সংস্থাৰ নিৰ্বাচন সন্দৰ্ভত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে দিয়া স্থগিতাদেশৰ বিৰুদ্ধে ভাৰতীয় মল্লযুঁজ ফেডাৰেচন চলাবলৈ গঠন কৰা তদৰ্থ সমিতিয়ে কৰা আবেদনৰ উত্তৰ বিচাৰিছে ৷

Wrestling Federation of India
WFI elections

নিউজ ডেস্ক, 13 অক্টোবৰ: শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু অন্যান্যৰ পৰা ভাৰতীয় মল্লযুঁজ সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে দিয়া স্থগিতাদেশৰ বিৰুদ্ধে ভাৰতীয় মল্লযুঁজ ফেডাৰেচন চলাবলৈ গঠন কৰা তদৰ্থ সমিতিয়ে কৰা আবেদনৰ উত্তৰ বিচাৰে ।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে তদৰ্থ সমিতিখনে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে ৷ যাৰ ফলত নিৰ্বাচন স্থগিত ৰখা হয় । আজি ন্যায়াধীশ অভয় এছ ওকা আৰু পংকজ মিঠালৰে গঠিত বিচাৰপীঠে কেন্দ্ৰ, হাৰিয়ানা মল্লযুঁজ সন্থা, হাৰিয়ানা অলিম্পিক সন্থাকে আদি কৰি বিভিন্ন পক্ষলৈ জাননী জাৰি কৰে । অহা ৩ নৱেম্বৰৰ ভিতৰত তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে ।

২০২৩ চনৰ ২৯ আগষ্টত উচ্চতম ন্যায়ালয়ে ডব্লিউ এফ আইৰ নিৰ্বাচন স্থগিত ৰখাৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছিল । ২৮ আগষ্টত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচনত ২৫ ছেপ্টেম্বৰলৈ স্থগিতাদেশ বৃদ্ধি কৰে ।

ন্যায়াধীশ বিনোদ এছ ভৰদ্বাজৰ বিচাৰপীঠে ১১ আগষ্টত পৰৱৰ্তী শুনানিৰ তাৰিখ (২৮ আগষ্ট)লৈকে নিৰ্বাচন স্থগিত ৰাখিছিল । এই ক্ৰীড়াৰ বিশ্বব্যাপী শাসক সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেছলিঙে সময়মতে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে ডব্লিউ এফ আইক নিলম্বন কৰাৰ কিছুদিন পিছতে এই স্থগিতাদেশ জাৰি কৰা হৈছিল ।

ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে নিযুক্তি দিয়া ডব্লিউ এফ আই পৰিচালনা কৰা এড-হক পেনেলে প্ৰথমে ৬ জুলাইত নিৰ্বাচনৰ দিন ধাৰ্য কৰিছিল যদিও মহাৰাষ্ট্ৰ, হাৰিয়ানা, তেলেংগানা, ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ একাংশ অসংলগ্ন ৰাজ্যিক সংস্থাই ইয়াৰ কাষ চাপি অহাৰ বাবে নিৰ্বাচন ১১ জুলাইলৈ পুনৰ নিৰ্ধাৰণ কৰিবলৈ বাধ্য হয় ৷

লগতে পঢ়ক: Delhi Liquor scam case: দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল আপ সাংসদ সঞ্জয় সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.