Skin care tips: জাৰৰ দিনত ছালখনক সজীৱ কৰি ৰাখিবলৈ লওক এই উপায়

author img

By

Published : Nov 24, 2022, 6:32 PM IST

Skin Care Tips Skin looks dull and lifeless due to pollution take care like this

প্ৰদূষণৰ বাবে বহু লোক ছালৰ সৈতে জড়িত সমস্যাত ভোগে । প্ৰদূষণৰ বাবে ছিদ্ৰবোৰত মলি জমা হয় । ইয়াৰ বাবেই ছালখন শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে । এই ছালৰ সৈতে জড়িত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰি ফেচ পেক তৈয়াৰ কৰিব পাৰে । এই ফেচ পেকে ছালৰ পৰা টেন আঁতৰোৱাত আপোনাক সহায় কৰিব ।

প্ৰদূষণৰ বাবে বহু লোক ছালৰ সৈতে জড়িত সমস্যাত অশান্তিগ্ৰস্ত হয়(Skin Care Tips) । প্ৰদূষণৰ বাবে ছিদ্ৰবোৰত মলি জমা হয় । ইয়াৰ বাবেই ছালখন শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে । ছালত পিম্পলো ওলাবলৈ আৰম্ভ কৰে । ইয়াৰ বাবে ছালত টেন হ'বলৈ আৰম্ভ কৰে । টেনে আপোনাৰ সৌন্দৰ্য্য হ্ৰাস কৰে ।

এই ছালৰ সৈতে জড়িত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰি ফেচ পেক তৈয়াৰ কৰিব পাৰে । এই ফেচ পেকে ছালৰ পৰা টেন আঁতৰোৱাত আপোনাক সহায় কৰিব । ইয়াৰ লগতে ই আপোনাৰ ছাললৈ প্ৰাকৃতিক গ্লো কঢ়িয়াই আনিব । কোনবোৰ বস্তু ব্যৱহাৰ কৰি এই ফেচ পেক বনাব পাৰে আমাক জনাওক ।

চন্দন আৰু গাখীৰ

চন্দন, হালধি আৰু গাখীৰ ব্যৱহাৰ কৰি ফেচ পেক তৈয়াৰ কৰিব পাৰে । ইয়াৰ বাবে এটা বাটিত এচামুচ চন্দনৰ গুড়ি লওক । তাত অলপ গাখীৰ আৰু এচিকুট হালধি দিব । এই সকলোবোৰ ভালকৈ মিহলাই লওক(sandalwood and milk) । এই ফেচ পেকটো মুখ আৰু ডিঙিত লগাওক । কিছু সময় থাকিব দিয়ক । ইয়াৰ পিছত সাধাৰণ পানীৰে ছালখন ধুব লাগে । এই ফেচ পেকে ছালৰ অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰাত সহায় কৰিব । ইয়াৰ ফলত আপোনাৰ মুখত গ্লো অনাতো সহায়ক হ’ব । ব্ৰণৰ সমস্যাৰ পৰা সকাহ পোৱাতো এই পেকে সহায় কৰে ।

অমিতা আৰু নেমু ফেচ পেক

এই ফেচ পেকটো বনাবলৈ এটা বাটিত অলপমান অমিতা পিহি লওক(Papaya and lemon face pack) । তাত ২ৰ পৰা ৩ টোপাল নেমুৰ ৰস দিব । এই দুয়োটা বস্তু ভালদৰে মিহলাই লওক । এই ফেচ পেকটো মুখ আৰু ডিঙিত লগাওক । কিছু সময় থাকিব দিয়ক । এই ফেচ পেকে ছালৰ জ্বলা-পোৰা দূৰ কৰে ।

হালধি আৰু মৌ ফেচ পেক

হালধিৰ Anti Bacterial গুণেৰে ভৰপূৰ । নেমুত ভিটামিন C থাকে । ইয়াৰ এন্টিঅক্সিডেন্ট গুণ পোৱা যায় । ই ছালৰ পৰা টেন আঁতৰোৱাত সহায় কৰে । ইয়াৰ বাবে এটা বাটিত আধা চামুচ নেমুৰ ৰস লৈ লওক । তাত এচামুচ মৌ দিব । তাত অলপ হালধি দিব । এই সকলোবোৰ ভালকৈ মিহলাই লওক । ১৫ৰ পৰা ২০ মিনিট ছালত থৈ দিব । ইয়াৰ পিছত সাধাৰণ পানীৰে ছালখন ধুব লাগে ।

লগতে পঢ়ক: Winter Health Care: শীতকালত ছাল উজ্জ্বল কৰি ৰখাৰ লগতে হাইড্ৰেটেড কৰি থাকিবলৈ খাওক এইসমূহ পানীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.