ETV Bharat / bharat

আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, 3 জন আৰক্ষী জোৱান থিতাতে নিহত

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 12:01 PM IST

Updated : Jan 17, 2024, 1:45 PM IST

Road Accident
শোকাৱহ দুৰ্ঘটনা

পঞ্জাৱৰ মুকেৰিয়াত শোকাৱহ দুৰ্ঘটনা ৷ 3 জন আৰক্ষী জোৱান থিতাতে নিহত ৷ 10 জন আৰক্ষী জোৱান আহত ৷ জন্তুক বচাবলৈ চেষ্টা কৰোতেই সংঘটিত হয় এই যন্ত্ৰণাদায়ক দুৰ্ঘটনাটো ৷

নেশ্যনেল ডেস্ক, 17 জানুৱাৰী: ঘন কুঁৱলীৰ বাবে পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা ৷ পঞ্জাৱত প্ৰতিদিনে সংঘটিত হৈছে পথ দুৰ্ঘটনাৰ ঘটনা । শেহতীয়াকৈ ৰাজ্যখনৰ মুকেৰিয়াৰ পৰা এই ঘটনা পোহৰলৈ আহিছে । পঞ্জাৱ আৰক্ষীৰ এখন বাছ ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ।

পঞ্জাৱ আৰক্ষীৰ এখন বাছে এখন ৰখাই থোৱা ট্ৰ’লী গাড়ীত খুন্দা মাৰি দিয়াৰ ফলত এগৰাকী মহিলাকে ধৰি 3 জন আৰক্ষী জোৱান নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছে ৷ আহত জোৱানকেইজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । জানিব পৰা মতে, বাছখন জলন্ধৰৰ পৰা গুৰদাসপুৰলৈ গৈ আছিল । থিতাতে প্ৰায় 10 জন আৰক্ষী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে ।

পাঠানকোটৰ ASI কুলৱিন্দৰ সিঙে গুৰুদ্বাৰ চাহাবলৈ গৈ থকা অৱস্থাতে আত্মীয় এজনৰ পৰা ফোনযোগে খবৰটো লাভ কৰাত দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৷ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বাছখন বেয়াকৈ ট্ৰ’লীৰ চকাত আৱদ্ধ হৈ পৰি থকা দেখিবলৈ পায় আৰু উপস্থিত আন লোকৰ সহযোগত আহতসকলক ক্ষিপ্ৰতাৰে বাহিৰলৈ উলিয়াই অনা হৈছে বুলি সিঙে জনায় ।

সিঙে কয় যে এগৰাকী মহিলা আৰক্ষীকে ধৰি 3 জন আৰক্ষীৰ বৰ্তমানলৈ মৃত্যু হৈছে । তেওঁ কয় যে এই বাছখন জলন্ধৰৰ পৰা গুৰদাছপুৰলৈ গৈ আছিল । তেওঁ কয় যে থিতাতে মৃত্যু হোৱা মৃতকৰ ভিতৰত এ এছ আইও আছে । বাকী আহত আৰক্ষীসকলক চিকিৎসালয়লৈ লৈ যোৱা হয় ।

পঞ্জাৱ আৰক্ষীয়ে বুধবাৰে চণ্ডীগড়ত 461 জন নতুন কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে । উক্ত দিনাই সংঘটিত হৈছে এনে শোকাৱহ দুৰ্ঘটনাটো । নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী মানে 2 মিনিটৰ মৌনতা অৱলম্বন কৰি মৃত আৰক্ষীসকললৈ শ্ৰদ্ধাঞ্জলি জনায় । তেওঁ কয় যে অতি সোনকালে পথ দুৰ্ঘটনাত হোৱা ক্ষতি হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে । শীঘ্ৰে মোতায়েন কৰা হ’ব এছ এছ এফৰ দল ।

পথ দুৰ্ঘটনাত তিনিজন আৰক্ষী জোৱানৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ দুই কোটি টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে মানে । সাহায্যৰ ধনৰ ভিতৰত এক কোটি টকা ৰাজ্য চৰকাৰে এক্স-গ্ৰেচিয়া হিচাপে দিব, আনহাতে এক কোটি টকাৰ বীমাৰ ধন এইচ ডি এফ চি বেংকে প্ৰদান কৰিব ।

বাছখনত উপস্থিত থকা আৰক্ষী জোৱানসকলে কয়, "পুৱা প্ৰায় 6.10 বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । আমি জালন্ধৰৰ পৰা গুৰদাপুৰলৈ ডিউটিৰ বাবে গৈ আছিলো ।" এ এছ আই যতীন্দৰ সিঙে কয়, "দুৰ্ঘটনাৰ সময়ত বাছখনত বহু লোক শুই আছিল, হঠাতে বাছখনত শব্দ হয়, তাৰ পিছত গম পোৱা যায় যে বাছখনে ট্ৰেইলাৰত খুন্দা মাৰিছে । তেওঁ কয় যে প্ৰায় 10 জন আৰক্ষী জোৱান আহত হোৱাৰ বিপৰীতে 3 জনৰ মৃত্যু ঘটিছে ।"

এছ এছ পি সুৰিন্দৰ লাম্বাই দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু কয়, " প্ৰায় 13-15 জন আৰক্ষী আহত হৈছে । বাছখনত থকা আৰক্ষীসকলে বাছখনৰ সন্মুখত এটা জন্তু আহিছিল আৰু তাক বচাবলৈ চেষ্টা কৰোতেই এই যন্ত্ৰণাদায়ক দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি জনাইছে । এই পৰ্যন্ত চাৰিজন আৰক্ষীৰ মৃত্যু হোৱাৰ লগতে আহত পাঁচজনক অমৃতসৰ আৰু জলন্ধৰলৈ প্ৰেৰণ কৰা হৈছে ।

দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ কৰা হ’ব ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত দুখন বাছৰ সংঘৰ্ষত ৪০ জন আহত

Last Updated :Jan 17, 2024, 1:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.