ETV Bharat / bharat

RSS Chief to visit Tripura : 24 জানুৱাৰীত ত্ৰিপুৰা ভ্ৰমণলৈ মোহন ভাগৱত

author img

By

Published : Jan 22, 2022, 1:11 PM IST

২৪ জানুৱাৰীত চাৰিদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত হ'ব আৰএছএছৰ মুৰব্বী মোহন ভাগৱত (Mohan Bhagwat will be arriving in Tripura on a four day visit) ৷ ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে RSS ৰ মুৰব্বীগৰাকীৰ ত্ৰিপুৰা ভ্ৰমণ বিজেপিৰ জয়ৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল বুলি বিবেচিত হৈছিল ।

RSS Chief to visit Tripura
24 জানুৱাৰীত ত্ৰিপুৰা ভ্ৰমণলৈ মোহন ভাগৱত

আগৰতলা, 22 জানুৱাৰী : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱতে ২৪ জানুৱাৰীত চাৰিদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত হ'ব (Mohan Bhagwat will be arriving in Tripura on a four day visit)। ২০১৭ চনৰ পিছত ৰাজ্যখনলৈ এয়া সম্ভৱতঃ ভাগৱতৰ দ্বিতীয় ভ্ৰমণ ।

সূত্ৰ অনুসৰি, আৰএছএছ প্ৰধান ভাগৱত ২৪ জানুৱাৰীৰ আবেলি ত্ৰিপুৰাত উপস্থিত হ’ব (RSS Chief to visit Tripura) ৷ ভাগৱতে আগৰতলাৰ দেৱধামত থাকি ২৭ জানুৱাৰীত নতুন দিল্লীলৈ উভতিব । ৰাজ্যখনত তেওঁৰ চাৰিদিনীয়া কাৰ্যসূচীত বিভিন্ন ক্ষেত্ৰৰ দলৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব ।

সূত্ৰটোৱে নিশ্চিত কৰিছে যে, ভাগৱতৰ ৰাজহুৱা সভা কৰ’ণাৰ সংক্ৰমণৰ বাবে ইতিমধ্যে বাতিল কৰা হৈছিল । সূত্ৰসমূহে দাবী কৰিছিল যে, মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰা ভ্ৰমণৰ পিছত মোহন ভাগৱতক সৌজন্যমূলক সাক্ষাৎ কৰিব । এই সাক্ষাতৰ সময়তে ত্ৰিপুৰাৰ কল্যাণকামী বিষয়বোৰ কেবিনেট সদস্যসকলৰ সৈতে আলোচনা কৰিব ।

উল্লেখ্য যে, ভাগৱতক ৰাজ্যখনত জেড প্লাছ সুৰক্ষা প্ৰদান কৰা হ’ব ৷ সেই অনুসৰি সকলো ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে । ত্ৰিপুৰালৈ মোহন ভাগৱতৰ আগমনে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰাৰ সম্ভাৱনা আছে ৷ ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে RSS ৰ মুৰব্বীগৰাকীৰ ত্ৰিপুৰা ভ্ৰমণ বিজেপিৰ জয়ৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল বুলি বিবেচিত হৈছিল ।

লগতে চাওক: Covid 19 update in India : বিগত 24 ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত 94,540 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.