ETV Bharat / bharat

FSSAI Eat Right Campus award: ৰামোজী ফিল্ম চিটিয়ে লাভ কৰিলে ইট ৰাইট কেম্পাছ বঁটা

author img

By

Published : Dec 22, 2022, 4:26 PM IST

হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিয়ে কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ পৰা লাভ কৰিছে ‘ইট ৰাইট কেম্পাছ বঁটা’ (Eat Right Campus Award) ।

Ramoji Film City bags FSSAIs Eat Right Campus Award
ৰামোজী ফিল্ম চিটিলৈ ইট ৰাইট কেম্পাছ বঁটা

নেশ্যনেল ডেস্ক, 22 ডিচেম্বৰ: ৰামোজী ফিল্ম চিটি (Ramoji Film City) ! হায়দৰাবাদত অৱস্থিত এখন চলচ্চিত্ৰ ষ্টুডিঅ ৷ ১,৬৬৬ একৰত বিস্তৃত, বিশ্বৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ ষ্টুডিঅ হিচাপে জনাজাত ৰামোজী ফিল্ম চিটি ৷ সেইবাবেই ৰামোজী ফিল্ম চিটিৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত সন্নিৱিষ্ট কৰা হৈছে ৷ ১৯৯৬ চনত তেলুগু মিডিয়া টাইকুন ৰামোজী ৰাৱে প্ৰতিষ্ঠা কৰিছিল ৰামোজী ফিল্ম চিটি । প্ৰতি বছৰে প্ৰায় ১৫ লাখ পৰ্যটক আহে এই স্থানলৈ ৷

শেহতীয়াকৈ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত শীৰ্ষ পৰ্যায়ৰ মানদণ্ড বজাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই ৰামোজী ফিল্ম চিটিক প্ৰদান কৰিছে ‘ইট ৰাইট কেম্পাছ বঁটা’ (Eat Right Campus Award) ৷ জনপ্ৰিয়ভাৱে ‘ফিল্ম চিটি’ নামেৰে পৰিচিত চমুকৈ আৰ এফ চিয়ে ৰাষ্ট্ৰীয় খাদ্য নিয়ন্ত্ৰকৰ পৰা (Food Safety and Standards Authority of India) এই বঁটা লাভ কৰি আন এক সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ অংশ হিচাপে দেশৰ স্বাস্থ্যৰ মানদণ্ড উন্নীতকৰণৰ বাবে এফ এছ এছ এ আইয়ে ২০১৮ চনৰ ১০ জুলাইত ‘সঠিক খাদ্য, উন্নত জীৱন' (Sahi Bhojan Behatar Jeevan) শ্ল’গানেৰে আৰম্ভ কৰিছিল ‘ইট ৰাইট মুভমেণ্ট’। এই অভিযানৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ ষ্টুডিঅ’ আৰ এফ চিয়ে (RFC) এই বঁটা লাভ কৰাটো এক সন্মানৰ তথা গৌৰৱৰ বিষয় । ফিল্ম চিটিৰ ভিতৰত থকা প্ৰতিটো খাদ্যৰ মানদণ্ড আৰু সুৰক্ষাৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

ৰামোজী ফিল্ম চিটিত আছে তিনি-তাৰকা আৰু পাঁচতাৰকাযুক্ত হোটেলসহ মুঠ 15 খন ৰেষ্টুৰেণ্ট । এই সকলোবোৰ ৰেষ্টুৰেণ্ট এক কঠোৰ অডিটিং প্ৰক্ৰিয়াৰ দ্বাৰা পৰিচালনা কৰে এফএছএআইয়ে (FSSAI)। খাদ্য সুৰক্ষাৰ নিয়মৰ প্ৰতি ইয়াৰ নিৰন্তৰ প্ৰতিশ্ৰুতিৰ বাবে আৰএফচিক 'ইট ৰাইট কেম্পাছ' হিচাপে স্বীকৃতি দিয়া হৈছে (FSSAI launched The Eat Right Movement) । ফিল্ম চিটিখনত থকা তাৰকাযুক্ত হোটেলসমূহে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় ব্যৱস্থাৰ বাবে পাঁচ তাৰকা ৰেটিং লাভ কৰিছে ।

জনস্বাস্থ্য শক্তিশালী কৰাৰ লক্ষ্যৰে এফ এছ এছ এ আইয়ে গ্ৰহণ কৰিছিল ‘দ্য ইট ৰাইট মুভমেণ্ট’ (The Eat Right Movement) । এই পদক্ষেপে সুৰক্ষিত, স্বাস্থ্যকৰ আৰু বহনক্ষম খাদ্যৰ প্ৰসাৰ ঘটায়, যিটো দেশৰ সামগ্ৰিক সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে অতিকৈয়ে গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক: National Mathematics Day 2022: শ্ৰীনিবাস ৰামানুজনক স্মৰণ কৰি সমগ্ৰ দেশত পালন ৰাষ্ট্ৰীয় গণিত দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.