ETV Bharat / bharat

ৰমন সিং: ছত্তিশগড়ত বিজেপিৰ জয়ৰ নায়ক তথা সম্ভাব্য মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 8:52 PM IST

ছত্তিশগড়ত গেৰুৱা দলটোক পুনৰ ক্ষমতালৈ অনাত বিজেপিৰ জ্যেষ্ঠ নেতা ৰমন সিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ৰাজ্যখনত মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ ৰমন সিং ৷

Chhattisgarh Probable Chief Minister face
ৰমন সিং ছত্তিশগড়ৰ সম্ভাব্য মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, 3 ডিডেম্বৰ : বিজেপিৰ এজন নেতা ড৹ ৰমন সিং নিঃসন্দেহে ছত্তিশগড় বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ৰ মূল সূত্ৰধাৰ ৷ 1952 চনৰ 15 অক্টোবৰত জন্মগ্ৰহণ কৰা ড৹ ৰমন সিং পূৰ্বতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ বৰ্তমান তেওঁ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী হোৱাৰ এক প্ৰৱল দাবীদাৰ ৷ অভিজ্ঞ প্ৰচাৰক ড৹ সিঙে দুটা কাৰ্যকালৰ বাবে 1990 আৰু 1993 চনত মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচিত সদস্য আছিল ৷

বৰ্তমান ৰাজনান্দগোৱান বিধানসভা সমষ্টিৰ পৰা 35 হাজাৰৰো অধিক ভোটত জয়লাভ ড৹ ৰমন সিং এজন গণনেতা আৰু প্ৰশাসনৰ ওপৰত তেওঁৰ দখল আছে ৷ নক্সালবাদ প্ৰভাৱিত ৰাজ্যখনত গেৰুৱা দলৰ প্ৰচাৰৰ নেতৃত্ব দিছিল আৰু প্ৰথম দিনাৰ পৰাই বিজেপিৰ জয়ৰ ওপৰত আত্মবিশ্বাসী আছিল তেওঁ ৷ তেওঁ ৰাজ্যৰ চুক-কোণে ব্যাপকভাৱে ভ্ৰমণ কৰি বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল ৷

1999 চনত ড৹ ৰমন সিং ত্ৰয়োদশ লোকসভালৈ নিৰ্বাচিত হয় আৰু 1999 চনৰ 13 অক্টোবৰৰ পৰা 2003 চনৰ 29 জানুৱাৰীলৈ তেতিয়াৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰত কেন্দ্ৰীয় ৰাজ্যিক বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷ ইয়াৰ পিছত 2000 চনত অবিভাজিত মধ্যপ্ৰদেশৰ পৰা পৃথক হোৱাৰ পিছত ছত্তিশগড়ৰ ৰাজনীতিত ভৰি দিয়ে সিঙে ৷ প্ৰথমে 2004 চনত আৰু তাৰ পিছত 2008 আৰু 2013 চনত তেওঁ বিধায়ক হয় ৷

  • प्रदेश में @BJP4CGState की प्रचंड विजय पर हमारे नेता माननीय प्रधानमंत्री श्री @narendramodi जी के अथक परिश्रम और कुशल नेतृत्व के लिए हृदय से आभारी हूँ।

    आज हमारे संकल्प पत्र "मोदी की गारंटी" और माननीय श्री मोदी जी समेत केन्द्रीय नेताओं के वादों पर जनता ने विश्वास जताकर विजय तिलक… pic.twitter.com/biTRoKM47w

    — Dr Raman Singh (@drramansingh) December 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ড৹ ৰমন সিঙে 2018 চনৰ ছত্তিশগড় নিৰ্বাচনত জয়ৰ ধাৰা অব্যাহত ৰাখি পুনৰবাৰ নিজৰ ঘৰুৱা ৰাজনান্দগোৱান সমষ্টিৰ পৰা বিজয়ী হৈ ওলাই আহি 2023 চনৰ ছত্তিশগড় নিৰ্বাচনত পুনৰবাৰ নিজৰ যাদু দেখুৱাইছে ৷ এজন মৃদুভাষী ব্যক্তি ড৹ ৰমন সিঙে এই জয় সদায় মনত ৰাখিব ৷ এতিয়া বিজেপিৰ ওপৰত নিৰ্ভৰ কৰিব যে, ড৹ ৰমন সিঙক মুখ্যমন্ত্ৰী বনাব নে নতুন মুখ বিচাৰিব ৷

পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত এক্সত ড৹ ৰমন সিঙে এটা পোষ্টত কয় যে ছত্তিশগড়ৰ জনসাধাৰণে মোদীৰ গেৰান্টিৰ ওপৰত আস্থা প্ৰকাশ কৰিছে ৷ "ৰাজ্যত @BJP4CGState ৰ ব্যাপক বিজয়ৰ ওপৰত আমাৰ নেতা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী @narendramodi ji ৰ অক্লান্ত কঠোৰ পৰিশ্ৰম আৰু দক্ষ নেতৃত্বৰ বাবে মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ আজি জনসাধাৰণে আমাৰ সংকল্প পত্ৰ "মোদীৰ গেৰান্টি" আৰু... মাননীয় মোদী জীকে ধৰি কেন্দ্ৰীয় নেতাসকলৰ প্ৰতিশ্ৰুতি আৰু তেওঁলোকক বিজয় তিলক দিছে ৷ শ্ৰী মোদী জীৰ মাৰ্গদৰ্শনত এই জয় ছত্তিশগড়ৰ প্ৰতিজন ব্যক্তিৰ জয় ৷" তেওঁ কয় ৷

​লগতে পঢ়ক : মধ্যপ্ৰদেশত বিজেপিৰ উত্থানৰ অখ্য়াত নায়ক শিৱৰাজ সিং চৌহান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.