ETV Bharat / bharat

Priyanka visits Jakhoo temple : চিমলাৰ জাখু মন্দিৰত প্ৰিয়ংকা গান্ধী

author img

By

Published : May 13, 2023, 3:06 PM IST

Updated : May 13, 2023, 3:54 PM IST

পুৱাই চিমলাৰ জাখু মন্দিৰত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা (Priyanka visits Jakhoo temple)। ভগৱান হনুমানৰ আশীৰ্বাদ বিচাৰি মন্দিৰত প্ৰাৰ্থনা প্ৰিয়ংকা গান্ধীৰ । কৰ্ণাটক নিৰ্বাচনৰ ভোটগণনাৰ মাজতে কংগ্ৰেছ নেত্ৰীগৰাকীৰ মন্দিৰ দৰ্শন ।

Priyanka visits Jakhoo temple
চিমলাৰ জাখু মন্দিৰত প্ৰিয়ংকা গান্ধী

নেশ্যনেল ডেস্ক, ১৩ মে': পূৰ্ণগতিত চলি আছে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা (Karnataka Vote counting)। শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছ দলে বৃহৎ সংখ্যক আসনত আগবাঢ়ি আছে । ইতিমধ্যে কংগ্ৰেছ দলে 100 ৰো অধিক আসন নিজৰ হাতলৈ আনিছে । একে সময়তে বিজেপিৰ স্থিতি অতি দুৰ্বল দেখা গৈছে । কংগ্ৰেছ দলৰ সম্ভাব্য জয়ৰ কথা ইতিমধ্যে দেশজুৰি চৰ্চা হৈছে । অৱশ্যে এতিয়াও সঠিকভাৱে ক'ব নোৱাৰি !

অৱশ্যে দলটোৰ এই স্থিতিৰ বাবে এতিয়া শীৰ্ষ নেতৃত্ব যথেষ্ট আনন্দিত হোৱা দেখা গৈছে । ইয়াৰ মাজতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই শনিবাৰে চিমলাৰ জাখু মন্দিৰ পৰিদৰ্শন কৰিছে (Priyanka worships at Jakhoo temple)। জাখু এটা হনুমান মন্দিৰ । সচৰাচৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখত এই মন্দিৰটোৰ কথা প্ৰায়ে শুনা যায় । বিশ্বাস কৰা হৈছে যে কংগ্ৰেছে কৰ্ণাটকৰ বিধানসভাত ভাল প্ৰদৰ্শন দেখুওৱাবলৈ সক্ষম হোৱাৰ বাবে প্ৰিয়ংকা গান্ধীয়ে প্ৰাৰ্থনা কৰিবলৈ মন্দিৰত উপস্থিত হৈছে । পৰিদৰ্শনৰ সময়ত প্ৰিয়ংকা গান্ধীয়ে মন্দিৰত উপস্থিত হোৱা বৃদ্ধাসকলকো সাক্ষাৎ কৰে ।

উল্লেখ্য যে প্ৰিয়ংকা গান্ধীৰ চিমলাত এটা ঘৰ আছে আৰু তেওঁ প্ৰায়ে তালৈ যায় । এই মন্দিৰটো এই কাৰণে বেছি জনাজাত কিয়নো ইয়াৰ সংযোগ টেট্ৰাযুগৰ সৈতে আছে বুলি ধাৰণা কৰা হয় । জাখু মন্দিৰ জাখু পাহাৰত অৱস্থিত (Jakhoo Temple in Shimla)। ইয়াক যক্ষ ঋষিৰ নামেৰে নামাকৰণ কৰা হৈছে । ইয়াৰ নাম যক্ষৰ পৰা য়াকলৈ, য়াকৰ পৰা য়াকুলৈ আৰু য়াকুৰ পৰা জাখুলৈ পৰিৱৰ্তন হয় ।

জনবিশ্বাস অনুসৰি যেতিয়া ৰাম-ৰাৱণ যুদ্ধৰ সময়ত লক্ষ্মণ অজ্ঞান হৈ পৰিছিল তেতিয়া হনুমানে লক্ষ্মনৰ জীৱন ৰক্ষা কৰিবলৈ সঞ্জীৱনী দৰৱ আনিছিল । এই সঞ্জীৱনী আনিবলৈ তেওঁ আকাশেৰে হিমালয়ৰ ফালে গৈ আছিল । তেতিয়া হনুমানৰ চকু যক্ষ ঋষিৰ ওপৰত পৰিল । যক্ষ ঋষিৰ পৰা সঞ্জীৱনী দৰৱৰ বিষয়ে তেওঁ তথ্য লৈছিল আৰু কিছু বিশ্ৰাম লৈছিল ।

তাৰ পাচত, তেওঁ যক্ষ ঋষিক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ ঘূৰি অহাৰ সময়ত নিশ্চিতভাৱে তেওঁক সাক্ষাৎ কৰিব । বাটত হনুমানে কালনেমী নামৰ এটা অসুৰৰ মুখামুখি হ'ব লগা হৈছিল । জাখু মন্দিৰত গোটেই বছৰটোত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় । চিমলাকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ বহু সংখ্যক লোক এই মন্দিৰ পৰিদৰ্শনৰ বাবে আহে । প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপিৰ সাংগঠিনক কাম-কাজ চোৱাচিতা কৰাৰ সময়ত প্ৰায়ে এই মন্দিৰ পৰিদৰ্শন কৰিছিল ।

লগতে পঢ়ক :Karnataka Election Winners Update : কৰ্ণাটক নিৰ্বাচনত বৰ্তমানলৈ জয়ী হোৱা প্ৰাৰ্থী...

Last Updated : May 13, 2023, 3:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.