ETV Bharat / bharat

This is a vote for progress: এই জনাদেশ উন্নয়নৰ হকে; ত্ৰিপুৰাবাসী ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Mar 2, 2023, 10:23 PM IST

বৃহস্পতিবাৰে ঘোষণা কৰা ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে বিজেপি মিত্ৰজোঁটে ৷ মুঠ 60 খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰে 32 খন আসন আৰু মিত্ৰদল আইপিএফটিয়ে লাভ কৰে 1 খন আসন ৷ টিপ্ৰা মঠাই 13 খন আসন লাভ কৰাৰ বিপৰীতে চিপিআই(এম) আৰু কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰে 14 খন আসন (Tripura assembly election result updates) ৷

This is a vote for progress
Tripura assembly election result updates

This is a vote for progress
Tripura assembly election result updates

নিউজডেস্ক, 2 মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পাচতেই ৰাজ্যখনৰ ভোটাৰ ৰাইজক ধন্যবাদ জনায় ৷ প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে, ত্ৰিপুৰাৰ ৰাইজে উন্নয়ন আৰু স্থায়িত্বৰ হকে ভোটদান কৰিছে ৷ বিজেপি দলে ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে (PM Modi thanked people of Tripura) ৷

তেওঁ টুইটত কয়, ‘‘ধন্যবাদ, ত্ৰিপুৰাত এয়া উন্নয়ন আৰু স্থায়িত্বৰ বাবে দিয়া জনাদেশ ৷ ত্ৰিপুৰা বিজেপিয়ে উন্নয়নৰ হকে সদায় কৰ্তব্য পালন কৰি যাব ৷ ত্ৰিপুৰা বিজেপিৰ সকলো কাৰ্যকৰ্তাই দলৰ বিজয়ৰ বাবে কৰা অহোপুৰুষাৰ্থৰ বাবে মই গৌৰৱ বোধ কৰিছোঁ ৷’’(BJP victory in Tripura election 2023)

যোৱা 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বৃহস্পতিবাৰে ফলাফল ঘোষণা কৰা হয় ৷ এই ফলাফলত দেখা গৈছে যে, বাওঁ দলক পৰাভূত কৰি দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মচনদ দখল কৰিছে বিজেপিয়ে ৷ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি মিত্ৰজোঁটে লাভ কৰিছে 33 খন আসন ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বিজেপিয়ে ত্ৰিপুৰাত 32 খন আসন লাভ কৰিছে ৷ বিজেপিৰ মিত্ৰদল আইপিএফটিয়ে 1 খন আসন লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে, নতুনকৈ নিৰ্বাচনত নমা টিপ্ৰা মঠাই লাভ কৰে 13 খন আসন ৷ বিৰোধী চিপিআই(এম) দলে লাভ কৰে 11 খন আসন ৷ ইফালে চিপিআই(এম)ৰ মিত্ৰদল কংগ্ৰেছে লাভ কৰিছে 3 খন আসন (Tripura assembly election results 2023) ৷

লগতে পঢ়ক: Three state election results: নাগালেণ্ড ত্ৰিপুৰাত পুনৰ গেৰুৱা চৰকাৰ; মচনদত বহিবলৈ মিত্ৰ শক্তিৰ প্ৰয়োজন চাংমাক

চিপিআই(এম) আৰু কংগ্ৰেছে বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ উদ্দেশ্যে এইবাৰ উত্তৰ-পূবত একত্ৰিত হৈছিল । চিপিআই(এম) আৰু কংগ্ৰেছৰ সংযুক্ত ভোট অংশ প্ৰায় 33 শতাংশ হৈয়েই আছে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই কংগ্ৰেছৰ আশীষ কুমাৰ সাহাক বৰদুৱালি টাইন সমষ্টিত 1257 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ ত্ৰিপুৰাত চৰকাৰ গঠন কৰিবৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা হৈছে 31 খন (Tripura assembly poll 2023) ৷

2018 চনৰ পূৰ্বলৈকে বিজেপিয়ে ত্ৰিপুৰাত কোনো আসন দখল কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিন্তু এক ধুমুহাৰ দৰে গেৰুৱা বাহিনীটো 2018 চনত আইপিএফটিৰ সহযোগত শাসনলৈ আহে ৷ লগে লগে 1978 চনৰ পৰা ত্ৰিপুৰাত 35 বছৰ শাসন চলোৱা চিপিআই(এম) দলৰ ভাগ্যৰ ৰবি অস্ত যায় ৷ বিজেপিয়ে এইবাৰ 55 খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে মিত্ৰদল আইপিএফটিয়ে 6 খন আসনত প্ৰতিদ্বন্দিতা কৰিছে ৷ অৱশ্যে গোমতী জিলাৰ আম্পিনগৰ সমষ্টিত দুয়োটা দলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰে (Tripura election result updates) ৷

লগতে পঢ়ক: Meghalaya polls result: চৰকাৰ গঠনৰ বাবে সহায় বিচাৰি অমিত শ্বাহলৈ চাংমাৰ ফোন !

বাওঁ দলে 47 খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰে 13 খন আসনত ৷ বাওঁ দলৰ 47 খন আসনৰ ভিতৰত চিপিএম দলে 43 খনত প্ৰতিদ্বন্দিতা কৰে ৷ ফৰ্ৱাৰ্ড ব্লক, চিপিআই আৰু আৰএছপি দলে এখনকৈ আসনত প্ৰতিদ্বন্দিতা কৰে ৷ চিপিআই(এম) নেতৃত্বাধীন বাওঁ মৰ্চাই ত্ৰিপুৰাত প্ৰায় চাৰিটা দশক শাসন কৰিছিল ৷ মাত্ৰ 1988 ৰ পৰা 1993 লৈকে এটা কাৰ্যকাল শাসনলৈ আহিছিল কংগ্ৰেছ দল ৷ কিন্তু এইবাৰ দুয়োটা দলেই বিজেপিক উৎখাত কৰাৰ বাবে হাতে হাত মিলাই নিৰ্বাচনত অৱতীৰ্ণ হোৱা দেখা যায় ৷ অৱশ্যে এই মিত্ৰজোঁটে প্ৰতিহত কৰিব নোৱাৰিলে গেৰুৱা বাহিনীক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.