ETV Bharat / bharat

2000 notes exchange : ২০০০ টকীয়া নোট সলনিক লৈ আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

author img

By

Published : May 22, 2023, 5:13 PM IST

২০০০ টকীয়া নোট সলনি কৰাক লৈ বেংকে জাৰি কৰা নিৰ্দেশনাৰ বিৰুদ্ধে আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (2000 notes exchange controversy)। আৰবিআই আৰু এছবিআইৰ অধিসূচনাসমূহে স্বেচ্ছাচাৰী, অযৌক্তিক আৰু ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪ ক অৱমাননা কৰিছে ।

2000 notes exchange
২০০০ টকীয়া নোট সলনিক লৈ আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

নেশ্যনেল ডেস্ক,২২ মে': ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধক লৈ বিতৰ্ক অব্যাহত আছে (2000 notes exchange controversy)। ইয়াৰ মাজতে ২০০০ টকীয়া নোট সলনি সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত দাখিল এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন । নোট সলনিৰ ক্ষেত্ৰত কোনো পৰিচয় প্ৰমাণ দিব নালাগে বুলি ঘোষণা কৰাৰ পাছতে সোমবাৰে এই আবেদন দাখিল কৰা হৈছে ।

অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে তেওঁৰ আবেদনত যুক্তি দৰ্শাইছে যে এই সন্দৰ্ভত আৰবিআই আৰু এছবিআইৰ দ্বাৰা অধিসূচনাসমূহ স্বেচ্ছাচাৰী, অযৌক্তিক আৰু ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪ ক অৱমাননা কৰিছে (PIL against exchange of Rs 2000 note)।

আবেদনখনত কোৱা হৈছে যে বৃহৎ পৰিমাণৰ ধন হয় কোনো ব্যক্তিৰ লকাৰত সোমাইছে নহ'লে বিচ্ছিন্নতাবাদী, সন্ত্ৰাসবাদী, মাওবাদী, ড্ৰাগছ চোৰাং ব্যৱসায়ী, খনি মাফিয়া আৰু দুৰ্নীতিগ্ৰস্ত লোকৰ দ্বাৰা জমা কৰা হৈছে । আবেদনখনত উল্লেখ কৰা হৈছে যে অত্যাধিক মূল্যৰ মুদ্ৰাত নগদ লেনদেন হৈছে দুৰ্নীতিৰ মুখ্য উৎস আৰু ইয়াক সন্ত্ৰাসবাদ, নক্সালবাদ, বিচ্ছিন্নতাবাদ, মৌলবাদ, জুৱা, চোৰাং ব্যৱসায়, ধন ৰপ্তানি, অপহৰণ, ধন দাবী, উৎকোচ দিয়া আৰু যৌতুক আদিৰ দৰে অবৈধ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হয় । আৰবিআই আৰু এছবিআইয়ে নিশ্চিত কৰিব লাগে যে কেৱল সংশ্লিষ্ট বেংক একাউণ্টত হে যাতে ২,০০০ টকীয়া নোট জমা কৰা হয় ।

শেহতীয়াকৈ, কেন্দ্ৰই ঘোষণা কৰিছিল যে প্ৰতিটো পৰিয়ালৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট থাকিব লাগিব । তেনেহ'লে আৰ.বি.আই.-য়ে কিয় পৰিচয় প্ৰমাণ প্ৰাপ্ত নোহোৱাকৈ ২০০০ টকীয়া নোট সলনি কৰাৰ অনুমতি দিছে ।

ইফালে ৮০ কোটি বিপিএল পৰিয়ালে বিনামূলীয়া শস্য লাভ কৰে । ইয়াৰ অৰ্থ হৈছে ৮০ কোটি ভাৰতীয়ই কেতিয়াবাহে ২,০০০ টকীয়া নোট ব্যৱহাৰ কৰে । সেয়েহে, আবেদনকাৰীয়ে আৰবিআই আৰু এছবিআইক কেৱল বেংক একাউণ্টত ২০০০ টকীয়া নোট জমা কৰাটো নিশ্চিত কৰিবলৈ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়াটো বিচাৰে ।

বেংক একাউণ্টত ২,০০০ টকীয়া নোট জমা কৰিলে ক'লা ধন আৰু অসামঞ্জস্যপূৰ্ণ সম্পত্তি থকা লোকসকলক সহজে চিনাক্ত কৰিব পাৰি । ১৯ মে'ত, ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল আৰু কৈছিল যে প্ৰচলিত নোটবোৰ হয় বেংক একাউণ্টত জমা কৰিব পাৰিব বা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সলনি কৰিব লাগিব (2000 notes withdraw from circulation)।

আৰবিআইয়ে ঘোষণা কৰা মতে ২৩ মে'ৰ পৰা যিকোনো বেংকত একেসময়তে ২০,০০০ টকালৈ ২,০০০ টকীয়া নোট সলনি কৰিব পাৰিব । ভাৰতীয় ষ্টেট বেংকেও অনুৰূপ ঘোষণা কৰি কৈছিল যে নোট সলনিৰ ক্ষেত্ৰত পৰিচয় পত্ৰ বা কোনো বিশেষ নথি দিয়াৰ প্ৰয়োজন নাই (No need requisition slip for exchange 2000 notes)।

লগতে পঢ়ক :SBI circular for 2000 notes exchange : ২০০০ টকীয়া নোট সলনি কৰিবলৈ কি নথি লাগিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.