Flash Flood in Himachal Pradesh: হিমাচলত অহা আকস্মিক বানত আৱদ্ধ হৈ পৰিল শতাধিক লোক

author img

By

Published : Aug 1, 2022, 1:38 PM IST

Over 150 people stuck in HP's Lahaul-Spiti due to flash flood

বিগত কিছুদিন ধৰি জিলাখনত নেৰা নেপেৰা বৰষুণ হৈ থকাৰ ফলত বানৰ কবলত পৰিছে হিমাচল প্ৰদেশৰ লাহৌল-স্পিতি জিলা (Flash Flood in Himachal Pradesh)৷ বানৰ ফলত পথ অৱৰোধ হৈ 150 জনৰো অধিক লোক আৱদ্ধ হৈ আছে ৷

নেশ্যনেল ডেস্ক, 1 আগষ্ট: আকস্মিক বানৰ কবলত পৰিছে হিমাচল প্ৰদেশৰ লাহৌল-স্পিতি জিলা (Flash Flood in Himachal Pradesh)৷ বিগত কিছুদিন ধৰি জিলাখনত নেৰা নেপেৰা বৰষুণ হৈ থকাৰ ফলত বানত ককবকাইছে লাহৌল-স্পিতিবাসী (150 people are stucked in Flash Flood)৷

দেওবাৰে নিশাৰ পৰা হোৱা আকস্মিক বানৰ কবলত পৰি লাহৌল উপ বিভাগৰ চুমডো-কাজা-গ্ৰামফু (এছকেজি) পথচোৱা বন্ধ হৈ পৰাৰ ফলত চাট্ৰু আৰু ডৰনি নুল্লাহ নামৰ ঠাইৰ সমীপত 150 জনৰো অধিক লোক আৱদ্ধ হৈ আছে (Over 150 people stuck in flash flood)৷

জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰই (District Emergency Operations Centre)জনোৱা অনুসৰি প্ৰশাসন, আৰক্ষী আৰু সীমান্ত পথ সংস্থাৰ (Border Roads Organisation ) জোৱানক লৈ গঠিত এটা উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে ৷ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনো লোকক উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷

ইফালে বানৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জিলাখনত ৷

লগতে পঢ়ক: A Viral video: অৰুণাচলৰ কামেং নদীৰ পৰা দুটি শিশুক উদ্ধাৰৰ শিহৰণকাৰী দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.