ETV Bharat / bharat

Mumbai incident : জয় শ্ৰী ৰাম ধ্বনি নিদিয়াৰ বাবে এজনক গুৰুতৰভাৱে প্ৰহাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 6:25 PM IST

মুম্বাইৰ কান্দিভালীত জয় শ্ৰী ৰাম ধ্বনি নিদিয়াৰ বাবে এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৪ জন যুৱকে । গুৰুতৰভাৱে আহত যুৱকজন । ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ ।

Mumbai incident
জয় শ্ৰী ৰাম ধ্বনি নিদিয়াৰ বাবে এজনক গুৰুতৰভাৱে প্ৰহাৰ

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : মুম্বাইত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । 'জয় শ্ৰী ৰাম' ধ্বনি দিবলৈ অস্বীকাৰ কৰাৰ বাবেই এগৰাকী ব্যক্তিক আক্ৰমণ । মুম্বাই আৰক্ষীয়ে ৪ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

এই ঘটনা মুম্বাইৰ কান্দিভালী পূবৰ গোকুলনগৰত সংঘটিত হৈছে । ঘটনাটো ২৫ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১১.৪৫ বজাত সংঘটিত হৈছিল । ভুক্তভোগী লোকজন সিদ্ধাৰ্থ আনগোৰ বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি, ৪ জন যুৱকে ভুক্তভোগী সিদ্ধাৰ্থক নিৰ্মমভাৱে প্ৰহাৰ কৰে । ইফালে সমগ্ৰ ঘটনাটো চিচিটিভি কেমেৰাত বন্দী হৈছে ।

আৰক্ষীক অৱগত কৰা মতে সিদ্ধাৰ্থই মঙলবাৰে নিশা প্ৰায় ১১:৩০ মান বজাত কামৰ পৰা ঘৰলৈ উভতি আহি আছিল । তেওঁ ফোনত ভাতৃৰ সৈতে কথা পাতি গৈ আছিল । সেই সময়তে তেওঁক ৪ জন যুৱকে কান্দিভালী পূবৰ গোকুল নগৰৰ ওচৰত ৰখাইছিল । সিদ্ধাৰ্থই তেওঁক ৰখোৱাৰ কাৰণ সোধাত সেই যুৱককেইজনে তেওঁক 'জয় শ্ৰী ৰাম' ধ্বনি দিবলৈ কয় । অভিযোগ অনুসৰি এজন অভিযুক্তই 'জয় শ্ৰী ৰাম' বুলি চিঞৰিবলৈ আৰম্ভ কৰে আৰু সিদ্ধাৰ্থকো ক'বলৈ দাবী জনায় ।

কিন্তু সিদ্ধাৰ্থই তেতিয়া যুৱককেইজনক কয় যে তেওঁ ভাগৰি আহিছে আৰু ঘৰলৈ যাব বিচাৰিছে । ইয়াৰ পাছতে এজন অভিযুক্তই সিদ্ধাৰ্থক দুৰ্ব্যৱহাৰ কৰে আৰু তেওঁক মাৰপিট কৰিবলৈ আৰম্ভ কৰে । ভুক্তভোগী সিদ্ধাৰ্থৰ ভাতৃয়ে যুৱককেইজনক বাধা দিবলৈ চেষ্টা কৰে যদিও তেওঁলোকে পুনৰ মাৰপিট কৰিবলৈ আৰম্ভ কৰে । পাছত আঘাতপ্ৰাপ্ত সিদ্ধাৰ্থক কান্দিভালী পশ্চিমৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসাৰ এদিন পাছতে সিদ্ধাৰ্থ আৰক্ষীৰ কাষ চাপে আৰু ৪ অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

আৰক্ষীয়ে গোচৰটোৰ ভিত্তিত মূল অভিযুক্ত সুৰজ তিৱাৰী আৰু ৰোশন ওৰফে কবিৰ মিশ্ৰক গ্ৰেপ্তাৰ কৰিছে । আন দুই অভিযুক্ত অৰুণ পাণ্ডে আৰু ৰাজেশ পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Child labour torture in Guwahati : বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰী লগাই ৰঙাঘৰত অধ্যাপিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.