কংগ্ৰেছৰ সভাপতিৰ দৌৰত অশোক গেহলট

author img

By

Published : Sep 23, 2022, 1:52 PM IST

Congress

গান্ধী পৰিয়ালৰ কোনো সদস্য দলৰ মুৰব্বী নহয় । অশোক গেহলটক এই নিশ্চিতি দিছে ৰাহুল গান্ধীয়ে ৷ ইয়াৰ লগে লগে সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ ইংগিত দিছে গেহলটে (Ashok Gehlot in race for Congress president)। অৱশ্যে তেওঁ কেতিয়া মনোনয়ন দাখিল কৰিব সেয়া নিশ্চিত নহয় ।

নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ : কংগ্ৰেছ দলত এতিয়া সভাপতি নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ হৈছে (AICC President election 2022)। সিদ্ধান্ত অনুসৰি কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ ফলাফল ১৯ অক্টোবৰত ঘোষণা কৰা হ'ব । বহু কংগ্ৰেছ নেতাৰ নাম এই মুহূৰ্তত সভাপতি পদৰ প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহি আছে ।

ইয়াৰ মাজতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা স্পষ্ট কৰিছে (Gehlot confirmed his candidature for AICC election)। গেহলটে উল্লেখ কৰা মতে তেওঁ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব । আনহাতে গেহলটে কোৱা মতে এই নিৰ্বাচনত গান্ধী পৰিয়ালৰ কোনো লোকে দলৰ মুৰব্বী নহয় বুলি ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে ।

ভাৰত জোড়ো যাত্ৰাত (Bharat Jodo Yatra) অংশগ্ৰহণ কৰি কেৰালাত গেহলটে সংবাদ মাধ্যমৰ সন্মুখত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে । গেহলটে অৱশ্যে কয় যে তেওঁ এতিয়াও সভাপতিৰ আসনত ৰাহুল গান্ধী থকাটোৱে বিচাৰে আৰু ৰাহুল গান্ধীক তেওঁ তাৰ বাবে অনুৰোধো জনাইছে । কিন্তু ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে যে গান্ধী পৰিয়ালৰ কোনেও পৰৱৰ্তী মুৰব্বী নহয় (Rahul rejects congress president post)। ৰাহুল গান্ধীয়ে কিছুমান কাৰণত এই সিদ্ধান্ত লৈছে আৰু এইবাৰ এগৰাকী অ-গান্ধী পৰিয়ালৰ সদস্য দলৰ মুৰব্বী হ'ব বুলি ৰাহুল গান্ধীয়ে তেওঁক উল্লেখ কৰে (No one from Gandhi family will contest Cong chief election)।

গেহলটে লগতে কয় যে ৰাহুল গান্ধীয়ে ২০১৯ চনতে কৈছিল যে তেওঁ কোনো পদ অবিহনে অধিক কাম কৰিব । তেওঁ ৱৰ্কিং সমিতিক এই কথা জনাইছিল । ৰাহুল গান্ধী এতিয়াও নিজৰ স্থিতিত অটল আছে বুলি উল্লেখ কৰে গেহলটে । গেহলটে লগতে কয় যে ৰাহুল গান্ধীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে কোনো পদ অবিহনে তেওঁ দলৰ হৈ কাম কৰিব ।

সকলোবোৰ কথা বিবেচনা কৰি সভাপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলি অশোক গেহলটে ঘোষণা কৰে । মনোনয়নৰ দিন অতি শীঘ্ৰে ঘোষণা কৰিব বুলিও তেওঁ উল্লেখ কৰে । গেহলটৰ মতে দেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী দল শক্তিশালী হোৱাটো প্ৰয়োজনীয় । অৱশ্যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় মাকন আৰু দলৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে পৰৱৰ্তী ৰণনীতি তৈয়াৰ কৰিব বুলিও উল্লেখ কৰে গেহলটে ।

ইফালে যিটো সময়ত এক দল এক পদৰ নীতিত অটল আছে (Congress one party one post) ৰাহুল গান্ধী তেনে পৰিস্থিতিত গেহলট যদি অখিল ভাৰতীয় কংগ্ৰেছ সমিতিৰ (AICC) সভাপতি হিচাপে নিৰ্বাচিত হয় তেনেহ'লে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব নে ? সেয়া এক ডাঙৰ প্ৰশ্ন । সূত্ৰৰ মতে গেহলটে পূৰ্বে দলৰ সভাপতি হ'বলৈ সাজু আছিল কিন্তু ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপেও তেওঁৰ চকী খন ৰাখিব বিচাৰিছিল ।

লগতে পঢ়ক :ছোনিয়াৰ সেউজ সংকেত : AICC ৰ সভাপতিৰ যুঁজত নমাৰ পূৰ্ণ সম্ভাৱনা শশী থাৰুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.