ETV Bharat / bharat

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস: ইতিহাস আৰু বিশেষত্ব

author img

By

Published : Feb 28, 2021, 12:00 PM IST

চিভি ৰমণ হিচাপে জনাজাত পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ 'ৰমণ ইফেক্ট' ৰ আৱিস্কাৰ চিহ্নিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ৷ প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ৷

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস: ইতিহাস আৰু বিশেষত্ব
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস: ইতিহাস আৰু বিশেষত্ব

নিউজ ডেস্ক, 28 ফেব্ৰুৱাৰী: সমগ্ৰ ভাৰতবৰ্ষত 28 ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰা হয় ৷ 1928 চনত চন্দ্ৰশেখৰ ভেংকটৰমণে উদ্ভাৱন কৰা ৰমণ ইফেক্টৰ স্মৃতিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ৷

ভাৰতৰ বিজ্ঞানৰ ক্ষেত্ৰখনত তেওঁ লাভ কৰা বৃহৎ সফলতাৰ বাবে চি ভি ৰমণক 1930 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল ৷ এতিয়া ভাৰত চৰকাৰে প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীৰ দিনটোত বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিজ্ঞানীসকলক সন্মান জনায় ৷

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিয় পালন কৰা হয় ?

মানুহৰ দৈনন্দিন জীৱনত বিজ্ঞানে প্ৰদান কৰা সা-সুবিধাসমূহৰ বিশেষত্বৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় ৷ ইয়াৰ লগতে, মানৱ সমাজৰ কল্যাণৰ অৰ্থে বিজ্ঞানৰ ক্ষেত্ৰখনত হোৱা প্ৰত্যকটো কাৰ্যকলাপ, প্ৰচেষ্টা আৰু সফলতাক প্ৰদৰ্শন কৰা, ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ সফলতাসমূহৰ বিষয়ে অৱগত কৰা আৰু বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ৷

বিজ্ঞানৰ অগ্ৰগতিৰ বাবে বিষয়সমূহ আলোচনা কৰা তথা নতুন প্ৰযুক্তি প্ৰয়োগ কৰা আৰু দেশৰ বৈজ্ঞানিক মানসিকতাৰ লোকসকলক সা-সুবিধা প্ৰদান কৰি উৎসাহিত কৰাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক জনপ্ৰিয় কৰাটোও ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰাৰ এক অন্যতম উদ্দেশ্য ৷

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 2021 ৰ থিম

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ এই বৰ্ষৰ থিম হৈছে , "বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভৱিষ্যৎ: শিক্ষা, দক্ষতা আৰু কামত প্ৰভাৱ" ৷

কিয় 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ?

1928 চনৰ 28 ফেব্ৰুৱাৰীৰ দিনটোতেই চি ভি ৰমণে তেওঁ ৰমণ ইফেক্ট উদ্ভাৱন কৰা কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল ৷ এই গুৰুত্বপূৰ্ণ আৱিস্কাৰৰ বাবে 1930 চনত তেওঁক নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল ৷ নেচনেল কাউঞ্চিল ফৰ চায়েন্স এণ্ড টেকন’ল’জী কমিউনিকেশ্যনে 28 ফেব্ৰুৱাৰীৰ দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰিব লাগে বুলি আহ্বান জনোৱাৰ পাছতে উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই 1987 চনৰ 28 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হৈছিল ৷

লগতে পঢ়ক: বিশ্ব পৰিৱেশ দিৱসৰ আঁত ধৰিব পাকিস্তানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.