ETV Bharat / bharat

Asian Games 2023: 19 সংখ্যক এছিয়ান গেমছত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 9:40 AM IST

এছিয়ান গেমছত দেশে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক ৷ 10 মিটাৰ এয়াৰ ৰাইফলত ৰুদ্ৰাংকক্ষ বালাছাহেব পাটিল, দিব্যাংশ সিং পানৱাৰ আৰু ঐশ্বৰী প্ৰতাপ সিং টোমাৰে একেলগে মুঠ 1893.7 পইণ্ট সংগ্ৰহ কৰি গঢ়িবলৈ সক্ষম হয় বিশ্ব অভিলেখ ৷ চীনৰ হাংঝোত অনুষ্ঠিত হৈ আছে এই এছিয়ান গেমছ ৷

Asian Games 2023
19 সংখ্যক এছিয়ান গেমছত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

স্পৰ্টছ ডেস্ক, 25 ছেপ্টেম্বৰ: ভাৰতৰ বাবে গৌৰৱৰ মুহূৰ্ত ৷ 2023 বৰ্ষৰ এছিয়ান গেমছত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক ৷ ৰুদ্ৰাংকক্ষ বালাছাহেব পাটিল, দিব্যাংশ সিং পানৱাৰ আৰু ঐশ্বৰী প্ৰতাপ সিং টোমাৰে একেলগে মুঠ 1893.7 পইণ্ট সংগ্ৰহ কৰি গঢ়িবলৈ সক্ষম হয় বিশ্ব অভিলেখ ৷ উল্লেখ কৰা প্ৰয়োজন যে, চীনৰ পূৰ্বৰ বিশ্ব অভিলেখতকৈ এইবাৰৰ বিশ্ব অভিলেখ 0.4 পইন্ট বেছি । চীনৰ হাংঝোত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছ 2023 ত দেশে লাভ কৰিবলৈ সক্ষম হোৱা এইটোৱে প্ৰথমটো স্বৰ্ণ পদক ।

চলিত বৰ্ষৰ এছিয়ান গেমছৰ সংস্কৰণত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল দলে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় । ৰুদ্ৰাংকক্ষ বালাছাহেব পাটিল, দিব্যাংশ সিং পানৱাৰ, আৰু ঐশ্বৰী প্ৰতাপ সিং টোমাৰক লৈ গঠিত দলটোৱে চীনৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়, যিয়ে স্বাভাৱিকতে দেশলৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা ।

ব্যক্তিগত অৰ্হতা ৰাউণ্ডত ত্ৰিপুৰাৰ এই দলটোৱে মুঠ 1893.7 ৰান সংগ্ৰহ কৰি দলীয় ইভেণ্টৰ বাবে সোণৰ পদক লাভ কৰে । যোৱা মাহত বাকু বিশ্ব চেম্পিয়নশ্বিপত চীনে স্থাপন কৰা পূৰ্বৰ বিশ্ব অভিলেখৰ তুলনাত এই ক্ৰমবৰ্ধমান স্ক’ৰ 0.4 পইণ্ট বেছি ৷ এই খবৰ লাভ কৰাৰ পিচতে সামাজিক মাধ্যমযোগে বিভিন্নজনে শুভেচ্ছা বাৰ্তা জনোৱা পৰিলক্ষিত হৈছে বিজয়া খেলুৱৈক ৷

23 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই এছিয়ান গেমছত এছিয়াৰ অলিম্পিক কাউন্সিলৰ 45 গৰাকী সদস্যৰ 12 হাজাৰতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । মুঠ 481 টা ইভেণ্টত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাবোৰ । 8 অক্টোবৰলৈ চীনৰ হাংঝুত অনুষ্ঠিত হ’ব 19 সংখ্যক এছিয়ান গেমছ ৷

লগতে পঢ়ক : Asian Games 2023 : এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.