ETV Bharat / bharat

'কংগ্ৰেছে লাড়ু প্ৰস্তুত কৰি থাকিলে আৰু বিজেপিয়ে নীৰৱে কাম কৰিলে': সিন্ধিয়া

author img

By ANI

Published : Dec 3, 2023, 4:10 PM IST

চাৰি ৰাজ্যৰ ভোটগণনাত শেহতীয়া ট্ৰেণ্ড অনুসৰি মধ্যপ্ৰদেশত বিজেপি যথেষ্ট সংখ্যক আসনত আগবাঢ়ি আছে । বিজেপিৰ ৰণনীতিত প্ৰতিষ্ঠান বিৰোধী কাৰকো বিফল হ'ল । বিজয়ৰ সপোন দেখা কংগ্ৰেছক উপহাস কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ।

Madhya Pradesh elections
কংগ্ৰেছে লাড়ু প্ৰস্তুত কৰি থাকিলে আৰু বিজেপিয়ে নিৰৱে কাম কৰিলে

নেশ্যনেল ডেস্ক,৩ ডিচেম্বৰ : মধ্যপ্ৰদেশত পুনৰ চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি । নিৰ্বাচন আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা মতে বিজেপি দলে ১৬১ খন আসন, কংগ্ৰেছে ৬৬ খন আসন, বহুজন সমাজ পাৰ্টীয়ে দুখন আসনত আগবাঢ়ি আছে । লগতে ভাৰত আদিবাসী দলে মাত্ৰ এখন আসন লাভ কৰিছে । এনে পৰিস্থিতিত বিজেপি ৰাজ্যখনত পুনৰ শাসনলৈ আহিব বুলি দলৰ নেতা-কৰ্মীসকল একপ্ৰকাৰ নিশ্চিত হোৱা দেখা গৈছে । নিৰ্বাচনৰ পূৰ্বে প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখা গৈছিল যদিও বিজেপিয়ে ২০ বছৰ শাসন কৰা ৰাজ্যখনত পুনৰ শাসন চলাবলৈ সাজু হৈছে । অৱশ্যে ২০১৮ চনত মুখ্যমন্ত্ৰী কমল নাথৰ নেতৃত্বত কংগ্ৰেছ দল কিছুদিনৰ বাবে শাসনত আছিল ।

ইফালে ৰাজ্যৰ ৰাজধানী ভূপালৰ দলীয় কাৰ্যালয়ত ইতিমধ্যে বিজেপিৰ বিজয় উদযাপন আৰম্ভ হোৱা দেখা গৈছে । উদযাপনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ৰাজ্যখনত শিৱৰাজ সিং চৌহান নেতৃত্বাধীন চৰকাৰৰ কল্যাণমূলক আঁচনিয়ে ৰাজ্যখনত বিজেপিৰ সফলতাত অৰিহণা যোগাইছে । তেওঁ দাবী কৰা মতে মধ্যপ্ৰদেশত দ্বৈত ইঞ্জিন চৰকাৰৰ ৰাজহুৱা কল্যাণমূলক আঁচনিসমূহৰ পৰিপ্ৰেক্ষিতত মানুহৰ আশীৰ্বাদ বিজেপিৰ সৈতে থাকিব বুলি তেওঁ নিশ্চিত আছিল । বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলিও সিন্ধিয়াই দাবী কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক উপহাস কৰি কয় যে কংগ্ৰেছে লাড়ু প্ৰস্তুত কৰি আছিল আৰু অভিনন্দনৰ পোষ্টাৰো লগোৱা হৈছিল । সেই সময়ত বিজেপিয়ে তেওঁলোকৰ কাম নিঃশব্দে কৰি আছিল । সিন্ধিয়াৰ মতে 'লাডলি বেহনা আঁচনি' এক খেল পৰিৱৰ্তনকাৰী আৰু তেওঁ ইয়াৰ সম্পূৰ্ণ কৃতিত্ব শিৱৰাজ সিং চৌহানক দিয়ে ।

ইফালে বিজেপিয়ে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ নকৰাকৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আনহাতে কংগ্ৰেছে প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল ।

চৌহানৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী অভিযোগ উঠাৰ পাছতে বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ আৰু প্ৰহ্লাদ পেটেলকে ধৰি কেইবাজনো শীৰ্ষ নেতা আৰু সাংসদক নিৰ্বাচনত অৱতীৰ্ণ কৰিছিল আৰু জয়লাভো কৰিছে । ইফালে চৌহানে 'লাডলি বেহনা আঁচনি'ৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিছিল যাৰ অধীনত ৰাজ্যখনৰ দৰিদ্ৰ পৰিয়ালৰ যোগ্য মহিলাসকললৈ মাহিলী ১২৫০ টকা প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক :"তিনি ৰাজ্যত বিজেপিৰ অগ্ৰগতিৰ মূলতে বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰ": মুখ্যমন্ত্ৰী একনাথ সিন্দে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.