ETV Bharat / bharat

Gujarat Assembly polls: আজি অন্ত পৰিব গুজৰাট নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Nov 29, 2022, 1:59 PM IST

Gujarat Assembly polls
Gujarat Assembly polls

গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ মঙলবাৰে সমাপ্ত হ’ব (First phase of Gujarat Assembly polls)। গুজৰাটৰ মুঠ ১৮২খন আসনৰ ভিতৰত ৮৯ খন আসনৰ বাবে অহা 1 ডিচেম্বৰত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন (First phase of Gujarat Assembly polls) ৷

নিউজ ডেস্ক, 29 নৱেম্বৰ: গুজৰাটৰ মুঠ ১৮২খন আসনৰ ভিতৰত ৮৯ খন আসনৰ বাবে অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ মঙলবাৰে সমাপ্ত হ’ব (First phase of Gujarat Assembly polls)। ১ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । বাকী ৯৩ খন আসনৰ বাবে ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থীৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জেপি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মঙলবাৰে ক্ৰমে ভৱনগৰ আৰু গান্ধীধামত প্ৰচাৰ চলাব (Gujrat Poll campaigning)।

প্ৰথম পৰ্যায়ৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে দেৱভূমি দ্বাৰকা জিলাৰ খাম্ভলীয়া আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইছুদান গাধৱী (Gujrat assembly poll 2022) । গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পাৰ্শ্বোত্তম চোলাংকি, ছবাৰৰ বিধায়ক কোঁৱৰজী বাৱলীয়া, মৰ্বিৰ ‘নায়ক’ কান্তিলাল অমৰুটিয়া, ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা ৷ গুজৰাট আপৰ সভাপতি গোপাল ইটালিয়াও ৰাজ্যৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিশিষ্ট প্ৰাৰ্থীৰ ভিতৰত আছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, সভাপতি জেপি নড্ডাকে ধৰি অন্যান্য বিজেপি নেতাসকলে ইতিমধ্যে প্ৰথম পর্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা তেওঁলোকৰ দলীয় প্ৰার্থীসকলৰ বাবে জনসমর্থন লাভ কৰিবলৈ সমদল উলিয়াইছে৷ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰ চলাইছে আৰু গুজৰাটৰ জনসাধাৰণক বহু প্ৰতিশ্ৰুতি দিছে ৷ যদিহে তেওঁৰ দলটোক যোৱা ২৭ বছৰ ধৰি বিজেপিৰ দ্বাৰা পৰিচালিত ৰাজ্যখনত ক্ষমতালৈ ভোট দিয়া হয় তেন্তে প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিব বুলি জনায় কেজৰিৱালে ।

কংগ্ৰেছৰ পৰা সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও তেওঁলোকৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত নামি পৰিছে । মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ৫ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থীৰ বাবে ৰাজ্যখনত প্ৰচাৰ চলাব (BJP election campaign in Gujrat)।

উল্লেখ্য যে, ৫ ডিচেম্বৰত মধ্য গুজৰাট আৰু উত্তৰ গুজৰাটত অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৮৩৩ জনতকৈ অধিক প্ৰাৰ্থীয়ে যুঁজত নামি পৰিছে (Gujarat elections 2022 second phase) । ইয়াৰে ৬১ শতাংশ প্ৰাৰ্থীৰে শিক্ষাগত অৰ্হতা কম ৷ মাত্ৰ দ্বিতীয় শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীও কেইবাজনো এই তালিকাত আছে ।

দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ শৈক্ষিক অৰ্হতা সন্দৰ্ভত Gujarat Election Watch আৰু The Association of Democratic Reforms এ কৰা গৱেষণাত প্ৰকাশ পাইছে এই তথ্য । মুঠ ৮৩৩ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৫০৫ জনতকৈ অধিক পৰীক্ষাৰ্থীয়ে পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ । ইয়াৰে ৬১ জন পৰীক্ষাৰ্থীয়ে ৫ম শ্ৰেণী উত্তীৰ্ণ, ১১৬ গৰাকীয়ে অষ্টম শ্ৰেণী উত্তীৰ্ণ, ১৬২ গৰাকীয়ে দশম শ্ৰেণী উত্তীৰ্ণ আৰু ১৬৬ গৰাকী দ্বাদশ শ্ৰেণী উত্তীৰ্ণ বুলি তথ্য প্ৰকাশ পাইছে (Educational qualifications of candidates)।

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত ৮৩৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৬৯ গৰাকী (৮ শতাংশ) মহিলাইহে প্ৰতিদ্বন্দ্বিতা কৰিব । ইয়াৰে প্ৰায় ২১ গৰাকী মহিলাই স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ লগতে বিজেপিৰ পৰা ৮ গৰাকী, কংগ্ৰেছৰ পৰা ৭ গৰাকী আৰু আম আদমী পাৰ্টিৰ পৰা ১ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব (women candidates in Gujarat elections)।

লগতে পঢ়ক: Gujarat assembly polls: গুজৰাট বিধানসভা নিৰ্বাচনত নিৰক্ষৰ প্ৰাৰ্থীয়েও কৰিছে প্ৰতিদ্বন্দিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.