ETV Bharat / bharat

Flats to Non Locals in JK : জম্মু-কাশ্মীৰত প্ৰব্ৰজিতৰ বাবে তিনি শতাধিক ফ্লেট আৱণ্টন

author img

By

Published : Apr 29, 2023, 9:12 PM IST

এই ফ্লেটবোৰ জম্মুৰ মুখ্য ঔদ্যোগিক অঞ্চল চুঞ্জৱানৰ ওচৰত অৱস্থিত । হাউছিং বোৰ্ডে এই ফ্লেট আৱণ্টনৰ বাবে ১৫ মে'ৰ ভিতৰত অনলাইন আবেদনৰ আহ্বান জনাইছে (Flats to Non Locals in Jammu and Kashmir) ।

Flats to Non Locals in JK
Flats to Non Locals in JK

নিউজ ডেস্ক, ২৯ এপ্ৰিল : জম্মু আৰু কাশ্মীৰ হাউছিং বোৰ্ডে (Jammu and Kashmir Housing Board) ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ) অভিযানৰ অধীনত প্ৰব্ৰজিত লোকসকলৰ ভিতৰত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী (economically weaker section, EWS) আৰু নিম্ন উপাৰ্জন শ্ৰেণীৰ (low income group, LIG) লোকক ৩৩৬ টা ফ্লেট আৱণ্টন কৰিব । হাউছিং বোৰ্ডৰ বিষয়াসকলে এই কথা প্ৰকাশ কৰিছে । বোৰ্ডে ফ্লেট আৱণ্টনৰ বাবে অস্থায়ী বা স্থায়ীভাৱে জম্মুলৈ প্ৰব্ৰজন কৰা দেশৰ লোকসকলৰ পৰা অনলাইন আবেদন আহ্বান জনাইছে (Flats to Non Locals in Jammu and Kashmir) ।

শেহতীয়াকৈ জাৰি কৰা এক ৰাজহুৱা জাননী অনুসৰি, হাউছিং বোৰ্ডে সুলভ ভাড়াঘৰ কমপ্লেক্স (Affordable Rental Housing Complexes scheme, ARHC) আঁচনিৰ অধীনত জম্মুৰ উপকণ্ঠ অঞ্চল চুঞ্জৱানত 336 ইডব্লিউএছ আৰু এলআইজি ফ্লেট আৱণ্টনৰ বাবে অনলাইন আবেদন দাখিলৰ বাবে অন্তিম তাৰিখ 15 মে' নিৰ্ধাৰণ কৰিছে ।

এই আঁচনিখনৰ অধীনত শ্ৰমিক, নগৰীয়া দৰিদ্ৰ (পদপথৰ ব্যৱসায়ী, ৰিক্সাচালক আৰু অন্যান্য সেৱা প্ৰদানকাৰী), ঔদ্যোগিক শ্ৰমিক আৰু প্ৰব্ৰজিত বজাৰ বা বাণিজ্য সংস্থাৰ কৰ্মচাৰী, শৈক্ষিক/স্বাস্থ্য প্ৰতিষ্ঠান, আতিথ্য খণ্ড, দীৰ্ঘম্যাদী পৰ্যটক বা দৰ্শনাৰ্থী, শিক্ষাৰ্থী বা এনে শ্ৰেণীৰ আন যিকোনো ব্যক্তিৰ সৈতে কাম কৰা প্ৰব্ৰজনকাৰীসহ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী বা নিম্ন উপাৰ্জনকাৰী নগৰীয়া প্ৰব্ৰজনকাৰীসকলৰ বাবে ভাড়াঘৰ প্ৰদান কৰে ।

উল্লেখ্য, এইসকল নগৰীয়া প্ৰব্ৰজনকাৰী/দৰিদ্ৰই তেওঁলোকৰ দৈনন্দিন উপাৰ্জনৰ পৰা অধিক সঞ্চয় কৰিবলৈ অতি নিম্নমানৰ বাসস্থানত বাস কৰি আহিছে । যাৰ ফলত তেওঁলোকৰ আৱাসৰ যি মৌলিক প্ৰয়োজনীয়তা, তাৰ সৈতে আপোচ কৰা হৈছে । এই ফ্লেট জম্মু-কাশ্মীৰৰ মুখ্য ঔদ্যোগিক অঞ্চল গংগায়াল (5 কিঃমিঃ) আৰু বাৰী ব্ৰহ্ম (10 কিঃমি)) অঞ্চলৰ ওচৰৰ চুঞ্জৱানত অতি উপযুক্তভাৱে নিৰ্মাণ কৰা হৈছে (rented flats to urban migrates in JK) ।

উল্লেখ্য যে, এই স্থানটুকুৰা জম্মু উপনগৰৰ এক উন্নয়নশীল এলেকাত অৱস্থিত । ইয়াত দৈনিক প্ৰয়োজনীয়তা, শৈক্ষিক আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ লগতে বাণিজ্যিক প্ৰতিষ্ঠানৰ সুবিধাও প্ৰদান কৰা হৈছে । সকলো বিল্ডিং ব্লক ভূমিকম্প প্ৰতিৰোধী আৰু ইয়াত শোৱনি কোঠা, লিভিং ৰুম, পাকঘৰ, শৌচালয় আৰু স্নানাগাৰ অন্তৰ্ভুক্ত আছে । এই ফ্লেটবোৰ মাহিলি 2,200 টকাৰ বিনিময়ত ভাড়াত উপলব্ধ (মুঠ 290 বৰ্গফুট কাৰ্পেট এলেকাৰ বাবে প্ৰতিটো ফ্লেটত) হ'ব ।

লগতে পঢ়ক :BYJUs CEO case : BYJUsৰ মুখ্য কাৰ্যবাহীৰ বাসগৃহ আৰু কাৰ্যালয়ত EDৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.