ETV Bharat / bharat

ISIS Module Plan Serial Blast : ISIS মডিউল গোচৰ সন্দৰ্ভত অভিযোগপত্ৰ দাখিল NIA ৰ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 2:12 PM IST

ISIS মডিউল গোচৰ সন্দৰ্ভত অভিযোগপত্ৰ দাখিল NIA ৰ ৷ অভিযুক্তৰ আন্তৰ্জাতিক পৰ্যায়ত সংযোগ থকাৰ কথাও পোহৰলৈ আহিছে। তেওঁলোকে এই কাৰ্য কলাপৰ বাবে বিদেশৰ পৰা ধন লাভ কৰিছিল। ধৃত সাত লোকে আইচিছৰ নিৰ্দেশনা অনুসৰি কাম কৰি আছিল।

ISIS Module Plan Serial Blast
ISIS মডিউল গোচৰ সন্দৰ্ভত অভিযোগপত্ৰ দাখিল NIA ৰ

নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ : ISIS মডিউল গোচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে। এই অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি পুনেত ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰিবলৈ সন্ত্ৰাসবাদীসকলে ষড়যন্ত্ৰ কৰিছিল । এই সন্দৰ্ভত সন্ত্ৰাসবাদীসকলে চিৰিয়াৰ পৰা কিছুমান নিৰ্দেশনাও লাভ কৰিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

এই ঘটনা সন্দৰ্ভত পুনেত ISIS মডিউল গোচৰত এক অভিযোগপত্ৰ দাখিল কৰা হৈছে। অভিযোগপত্ৰখন ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ দ্বাৰা দাখিল কৰা হৈছে। তেওঁলোকে দেশৰ নিৰাপত্তা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰ বাবে তেওঁলোকে বিদেশৰ পৰা টকা লাভ কৰিছিল বুলি এন আই এয়ে এই অভিযোগপত্ৰত উল্লেখ কৰিছিল ৷ NIA এ সাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছে, যেনে মহম্মদ য়াকুব চাকি, ছামিল চাকিব নাচন, আব্দুল কাদিৰ, নাছিৰুদ্দিন কাজী, মহম্মদ ইমৰাণ, জুলফিকাৰ আলী আৰু আকিফ আতিক নাচন। বিশেষ আদালতত NIA য়ে বিস্ফোৰক পদাৰ্থ আইন, অস্ত্ৰ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) বিভিন্ন ধাৰাৰ অধীনত অভিযোগপত্ৰ দাখিল কৰিছে ৷

এনআইএয়ে শেহতীয়াকৈ মহম্মদ শ্বাহনাৱাজ আলমক গ্ৰেপ্তাৰ কৰিছিল ৷ শ্বাহনাৱাজ আলমৰ আন অভিযুক্তৰ সৈতে পোনপটীয়া সম্পৰ্ক থকাৰ তথ্য লাভ কৰাৰ পিচতেই গ্ৰেপ্তাৰ কৰা হৈছিল। 2023 চনৰ 19 জুলাইত শ্বাহনাৱাজ আলমৰ লগতে মহম্মদ ইমৰান খান আৰু মহম্মদ ইউনুছ চাকিক পুনেৰ কোথ্ৰুদ অঞ্চলত এখন দুচকীয়া বাহন চুৰি কৰাৰ চেষ্টা কৰোঁতে পুনে আৰক্ষীয়ে ধৰা পেলাইছিল। কিন্তু ঘৰটো তন্নতন্ন কৈ বিচাৰি যাওঁতে শ্বাহনাৱাজে পুনেৰ কোন্ধৱা অঞ্চলৰ পৰা আৰক্ষীৰ পৰা পলাই যায় ৷ আৰক্ষীৰ সোধা পোছাত সন্ত্ৰাসবাদীয়ে আইইডি তৈয়াৰ কৰিবলৈ সামগ্ৰী একত্ৰিত কৰিছিল। সন্ত্ৰাসবাদীৰ দলটোৱে জংঘলত বোমা বিস্ফোৰণৰ পৰীক্ষাও কৰিছিল।

আনহাতে অভিযুক্তৰ আন্তৰ্জাতিক পৰ্যায়ত সংযোগ থকাৰ কথাও পোহৰলৈ আহিছে। তেওঁলোকে এই কাৰ্য কলাপৰ বাবে বিদেশৰ পৰা ধন লাভ কৰিছিল। ধৃত সাত লোকে আইচিছৰ নিৰ্দেশনা অনুসৰি কাম কৰি আছিল। তাৰ বাবে দলটোৱে এটা নেটৱৰ্ক সৃষ্টি কৰিছিল। দলটোৱে মহাৰাষ্ট্ৰ, কৰ্ণাটক, গোৱা, তেলেংগানা ৰাজ্যত তালাচী অভিযান চলাইছিল।

লগতে পঢ়ক: Israel Hamas War : ইজৰাইল-হামাছ যুদ্ধ সম্পৰ্কীয় প্ৰস্তাৱ গ্ৰহণত ব্যৰ্থ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.