ETV Bharat / bharat

জাহাজত ড্ৰোণ আক্ৰমণ, আইএনএছ বিশাখাপট্টনমৰ দ্ৰুত সঁহাৰি

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 2:42 PM IST

INS Visakhapatnam: এডেন উপসাগৰত ড্ৰোণ আক্ৰমণৰ সন্মুখীন হোৱা এখন জাহাজৰ সুৰক্ষা প্ৰদানত ভাৰতীয় নৌ সেনাৰ সফলতা । ২২ গৰাকী কৰ্মচাৰী থকা জাহাজখন পৰিদৰ্শন কৰি সুৰক্ষিতভাৱে বন্দৰলৈ প্ৰেৰণ কৰে আইএনএছ বিশাখাপট্টনমৰ বাহিনীয়ে । মাৰ্শ্বেল দ্বীপৰ পতাকাযুক্ত জাহাজখন হৈছে এমভি জেনকো পিকাৰ্ডি ।

INS Visakhapatnam
জাহাজত ড্ৰোণ আক্ৰমণ, আইএনএছ বিশাখাপট্টনমৰ দ্ৰুত সঁহাৰি

নেশ্যনেল ডেস্ক, ১৮ জানুৱাৰী : লোহিত সাগৰ আৰু এডেন উপসাগৰত বিদ্ৰোহীৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আমেৰিকাকে ধৰি কেইবাখনো দেশে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ভাৰতীয় নৌসেনা বাহিনীৰ সামৰিক জাহাজ আইএনএছ বিশাখাপট্টনমো জলদস্যু বিৰোধী অভিযানত নিয়োজিত হৈ আছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে আইএনএছ বিশাখাপট্টনমে এক ড্ৰোণ আক্ৰমণৰ দ্ৰুত সঁহাৰি দিবলৈ সক্ষম হয় ।

ড্ৰোণ আক্ৰমণৰ পিচত মাৰ্শ্বেল দ্বীপৰ পতাকাযুক্ত এমভি জেনকো পিকাৰ্ডিৰ এক আহ্বানৰ দ্ৰুত সঁহাৰি দিবলৈ সক্ষম হয় । সঁহাৰি লাভ কৰি আইএনএছ বিশাখাপট্টনমে জাহাজখন বিচাৰি উলিয়াই আৰু আক্ৰমণৰ বলি হোৱা জাহাজখন দিশে নৌসেনাৰ জোৱানসকল ৰাওনা হয় । জানিব পৰা মতে এমভি জেনকো পিকাৰ্ডিত ৯ গৰাকী ভাৰতীয়ৰ সৈতে ২২ গৰাকী কৰ্মচাৰী আছিল । অৱশ্যে কোনো লোক হতাহত হোৱা নাই আৰু কম সময়ৰ ভিতৰতে জুই নিৰ্বাপণৰ খবৰ পোৱা গৈছে ।

ইফালে আইএনএছ বিশাখাপট্টনমৰ ভাৰতীয় নৌ সেনাৰ বিশেষজ্ঞসকলে ক্ষতিগ্ৰস্ত অঞ্চলটো পৰীক্ষা কৰিবলৈ ১৮ জানুৱাৰীৰ পুৱতি নিশা জাহাজখনত উপস্থিত হয় । বিশেষজ্ঞসকলে এক পুংখানুপুংখ পৰিদৰ্শনৰ অন্তত পৰৱৰ্তী পৰিবহনৰ বাবে জাহাজখন সাজু কৰি তোলে। জানিব পৰা মতে জাহাজখন পৰৱৰ্তী বন্দৰলৈ ৰাওনা হৈছে ।

উল্লেখ্য যে শেহতীয়াকৈ লোহিত সাগৰ আৰু এডেন উপসাগৰত হুথি বিদ্ৰোহীৰ আক্ৰমণ বৃদ্ধি পাইছে । ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে আমেৰিকা আৰু মিত্ৰশক্তিয়ে হুথি বিদ্ৰোহীৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰিছে । ভাৰতেও হুথি বিদ্ৰোহী অভিযানত সমৰ্থন জনাইছে । তাৰ অংশস্বৰূপে ভাৰতৰ আইএনএছ বিশাখাপট্টনম জলদস্যু বিৰোধী অভিযানত নিয়োজিত হৈ আছে ।

লগতে পঢ়ক :হুথি বিদ্ৰোহীৰ শিবিৰত মিছাইলেৰে আক্ৰমণ আমেৰিকাৰ সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.