ETV Bharat / bharat

Border Roads Construction: বেইলি দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিলে ভাৰতীয় সেনা-সীমান্ত পথ সংস্থাই

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 12:35 PM IST

Border Roads Construction
বেইলি দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিলে ভাৰতীয় সেনা-সীমান্ত পথ সংস্থাই

ছিকিমৰ চুংথাঙত তীস্তা নদীৰ ওপৰত থকা বেইলী দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ । সীমান্ত পথ সংস্থাৰ (বি আৰ অ’) সহায়ত ত্ৰিশক্তি কৰ্পছ ভাৰতীয় সেনাৰ জোৱানে পুনৰ নিৰ্মাণ কৰে দলঙখন ৷ দলংখনৰ জৰিয়তে উত্তৰ ছিকিমত ২৩ অক্টোবৰৰ নিশা অহা আকস্মিক বানৰ ফলত মূল ভূখণ্ডৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱা বানপীড়িত অঞ্চলসমূহৰ সৈতে সংযোগ পুনৰ স্থাপন কৰাত সুবিধা হ’ব ৷

বেইলি দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিলে ভাৰতীয় সেনা-সীমান্ত পথ সংস্থাই

তেজপুৰ, ১৬ নৱেম্বৰ: সীমান্ত পথ সংস্থাৰ (বি আৰ অ’) সহায়ত ত্ৰিশক্তি কৰ্পছ ভাৰতীয় সেনাৰ জোৱানে ছিকিমৰ চুংথাঙত তীস্তা নদীৰ ওপৰত থকা বেইলী দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰে । ইয়াৰ ফলত উত্তৰ ছিকিমত ২৩ অক্টোবৰৰ নিশা অহা আকস্মিক বানৰ ফলত মূল ভূখণ্ডৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱা বানপীড়িত অঞ্চলসমূহৰ সৈতে পুনৰ সংযোগ স্থাপন কৰা হৈছে ৷ এই দলংখনে এতিয়া বানপীড়িত অঞ্চলসমূহলৈ যান-বাহনৰ নিৰৱচ্ছিন্ন গতিবিধি আৰু সাহায্য সামগ্ৰী যোগান ধৰাৰ পথ প্ৰশস্ত কৰিব ।

প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনায় যে, প্ৰায় ২০০ ফুট উচ্চতাৰ বেইলী দলংখন নিজৰ বাবেই অভিযান্ত্ৰিক আশ্চৰ্য ৷ এইখনেই হৈছে আটাইতকৈ দীঘল আৰু গধুৰ একক স্পেন বেইলী দলং । ২৪ ঘণ্টাই কাম কৰি বি আৰ অ’ই প্ৰথমে কংক্ৰিটৰ এবাটমেণ্ট নিৰ্মাণ কৰিছিল আৰু তাৰ পিছত ত্ৰিশক্তি চেপাৰ্ছে প্ৰায় পাঁচদিন সময় লৈ দলঙখন নিৰ্মাণ কৰিছিল । ভাৰতীয় সেনা, বি আৰ অ’ আৰু অসামৰিক প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত ছিকিম চৰকাৰৰ গড়কাপ্তানী আৰু দলং বিভাগৰ মন্ত্ৰী ছামদুপ লেপচাই এই দলংখন উদ্বোধন কৰে ।

এই ব্ৰীজিং অভিযানৰ বাবে ত্ৰিশক্তি কৰ্পছ আৰু বি আৰ অ'ৰ অভিযন্তা-জোৱানৰৰ লগতে কেইবাটাও গধুৰ আৰ্থ মুভিং প্লাণ্ট নিয়োগ কৰা হৈছিল । ভাৰতীয় সেনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে, ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোক সদায় দায়বদ্ধ আৰু দেশৰ জনসাধাৰণৰ প্ৰয়োজনৰ সময়ত তেওঁলোক সদায় ঐক্যবদ্ধভাৱে থিয় দিব ৷ ইয়াৰ পূৰ্বে ৯ নৱেম্বৰত ত্ৰিশক্তি কৰ্পছ আৰু টেলিকম কোম্পানী এয়াৰটেলৰ বিষয়াসকলে ছিকিমৰ উপত্যকাৰ লাচেনত যোগাযোগ নেটৱৰ্ক পুনৰ স্থাপন কৰিছিল

উল্লেখ্য যে, উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত ৩ অক্টোবৰত ডাৱৰ বিস্ফোৰণৰ ফলত তীস্তা নদীৰ অৱবাহিকাত হোৱা আকস্মিক বানৰ ফলত প্ৰায় ৫২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২২ জন সেনা জোৱানসহ ৮০ জন লোক নিৰুদ্দেশ হৈছিল ।

লগতে পঢ়ক: Border Roads Construction: পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.