ETV Bharat / bharat

India vs Bharat: পাঠ্যপুথিত দেশৰ নাম পৰিৱৰ্তন কৰাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ পৰামৰ্শ লোৱা উচিত NCERT এ: বিশেষজ্ঞ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 9:46 PM IST

"ইণ্ডিয়া বনাম ভাৰত" সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাটো প্ৰয়োজন আৰু NCERT এ ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰসমূহৰ মতামত লোৱা উচিত বুলি বৃহস্পতিবাৰে শিক্ষা বিশেষজ্ঞ আৰু সাংসদসকলে মতামত প্ৰকাশ কৰে ।

NCERT panel of classical history
India vs Bharat

নিউজ ডেস্ক, 26 অক্টোবৰ: নেশ্যনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (এন চি ই আৰ টি)ৰ পেনেলে বিদ্যালয়ৰ সকলো শ্ৰেণীৰ পাঠ্যপুথিত “ইণ্ডিয়াৰ”ৰ ঠাইত “ভাৰত” লিখি পাঠ্যক্ৰমত “প্ৰাচীন ইতিহাস”ৰ পৰিৱৰ্তে “ধ্ৰুপদী ইতিহাস”ৰ প্ৰৱৰ্তনৰ পৰামৰ্শ দিয়াৰ এদিন পিছত শিক্ষা বিশেষজ্ঞ আৰু সাংসদসকলে বৃহস্পতিবাৰে পৰামৰ্শ দিয়ে যে বিষয়টো বিশদভাৱে আলোচনা কৰাটো প্ৰয়োজনীয় ৷ লগতে NCERTয়েও চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰসমূহৰ মতামত ল’ব লাগে ।

‘‘সংবিধানৰ ২ নং দফাত লিখা আছে যে ইণ্ডিয়াই হৈছে ভাৰত । এতিয়া চৰকাৰে ভাবে যে ইণ্ডিয়া শব্দটোৱে গোলামী (দাসত্ব)ক বুজায় । গতিকে, তেওঁলোকে ইয়াক সলনি কৰিব বিচাৰে । NCERT আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আমি গ্ৰহণ কৰাটো বাধ্যতামূলক ।’’ ইটিভি ভাৰতক এইদৰে কয় সংখ্যালঘু শিক্ষানুষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ ন্যায়াধীশ নৰেন্দ্ৰ কুমাৰ জৈনে ।

অৱশ্যে ৰাজ্য চৰকাৰসমূহেও নিজৰ পৰামৰ্শ দিব পাৰে বুলিও তেওঁ কয় । “চিনিয়ৰ ছেকেণ্ডাৰীলৈকে শিক্ষাৰ অধ্যায় ৰাজ্য চৰকাৰৰ অধীনত আহে, উচ্চ শিক্ষা কেন্দ্ৰীয় চৰকাৰৰ অধীনলৈ আহে আৰু সকলোৱে ইয়াক মানি লোৱাটো নিশ্চিত । ৰাজ্য চৰকাৰসমূহেহে আপত্তি উত্থাপন কৰিব পাৰে ।’’ জৈনে কয় ।

এনে পৰিৱৰ্তনে ভাৰতৰ শৈক্ষিক পৰিস্থিতিত কোনো বৃহৎ উন্নয়ন আনিব পাৰে নেকি বুলি সোধাত জৈনে কয় যে প্ৰয়োজন সাপেক্ষে বিদ্যালয়ৰ পাঠ্যক্ৰমত পৰিৱৰ্তন অনাটো NCERTৰ ওপৰত নিৰ্ভৰশীল । বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধনৰ বাবে NCERTয়ে গঠন কৰা সমাজ বিজ্ঞানৰ এখন উচ্চস্তৰীয় সমিতিয়ে পাঠ্যপুথিত “ইণ্ডিয়া” নামটো সলনি কৰি “ভাৰত” নাম ব্যৱহাৰৰ পৰামৰ্শ দিছে ৷ লগতে পাঠ্যক্ৰমত “প্ৰাচীন ইতিহাস”ৰ পৰিৱৰ্তে “ধ্ৰুপদী ইতিহাস”ৰ প্ৰৱৰ্তন আৰু সকলো বিষয়ৰ পাঠ্যক্ৰমত ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS) অন্তৰ্ভুক্ত কৰিব লাগে বুলিও পৰামৰ্শ দিছিল ।

তেলেংগানাৰ পৰা ভাৰত ৰাষ্ট্ৰ সমিতিক প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ সাংসদ কে কেশৱ ৰাৱে কয় যে ধ্ৰুপদী ইতিহাসৰ নিজস্ব সংজ্ঞা আছে আৰু প্ৰাচীন হৈছে সময়সীমা । ‘‘মই ইয়াৰ বিৰোধিতা কৰা নাই, বিষয়টোৱে চূড়ান্ত আকৃতি পোৱাৰ আগতেই আলোচনা কৰা হওক । কিন্তু আপুনি (কৰ্তৃপক্ষই) হঠাতে পৰিৱৰ্তন আনিব নোৱাৰে ।’’ ৰাৱে কয় ।

“ইণ্ডিয়া”ৰ কথা উল্লেখ কৰি ৰাৱে পুনৰ কয় যে ভাৰতীয় সংবিধানত বিশেষভাৱে উল্লেখ কৰা হৈছে যে “ইণ্ডিয়া” হৈছে “ভাৰত”। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা চিপিআইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডি ৰাজাই এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি NCERTক “কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত কাম কৰা” বুলি সমালোচনা কৰে ।

“তেওঁলোকৰ আন কোনো সমস্যা নাই । ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে । মানুহে নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু অন্যান্য জটিল বিষয়ৰ কথা সুধিছে । সংবিধান আছে আৰু সংবিধানে ইণ্ডিয়া ভাৰত ৰাষ্ট্ৰ সংঘ বুলি অতি স্পষ্ট কৰি দিছিল । এতিয়া আমি জানিব বিচাৰো যে আজি আমাৰ হাতত থকা সংবিধান অনুসৰি NCERT যায় নেকি বা তেওঁলোকে নিজৰ সংবিধান সলনি কৰিছে নেকি ।’’ ৰাজাই কয় ।

NCERTয়ে অৱশ্যে কয় যে পেনেলৰ পৰামৰ্শ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই । NCERTয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ পাঠ্যপুথিৰ পাঠ্যক্ৰম সংশোধন কৰি আছে । শেহতীয়াকৈ পৰিষদে পাঠ্যক্ৰম, পাঠ্যপুথি আৰু শিক্ষণ সামগ্ৰী চূড়ান্ত কৰিবলৈ ১৯ জনীয়া ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু পাঠদান শিক্ষণ সামগ্ৰী সমিতি (এনএছটিচি) গঠন কৰিছে ।

লগতে পঢ়ক: Replacing India with Bharat: পাঠ্যপুথিত ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত ব্যৱহাৰৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.