ETV Bharat / bharat

দ্বিপাক্ষিক সম্পৰ্কক আগবঢ়াই নিয়াত সন্মতি প্ৰকাশ ভাৰত-নেপালৰ

author img

By

Published : Sep 27, 2021, 8:50 PM IST

India, Nepal agree to take bilateral ties forward
দ্বিপাক্ষিক সম্পৰ্কক আগবঢ়াই নিয়াত সন্মতি প্ৰকাশ ভাৰত আৰু নেপালৰ

ভাৰত(India) আৰু নেপাল(Nepal)ৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিলে দুয়োখন দেশে । নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে(S Jaishankar) নেপালৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰে । এই বৈঠকতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক লৈ আলোচনা কৰে বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে ।

নেশ্যনেল ডেস্ক, ২৭ ছেপ্টেম্বৰ : নেপালৰ বৈদেশিক মন্ত্ৰী ড৹ নাৰায়ণ খাড়কাক সাক্ষাৎ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ । নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনৰ সময়তে দুয়োখনৰ বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে এক বৈঠকত মিলিত হয় । এই বৈঠকতে ভাৰত(India) আৰু নেপাল(Nepal)ৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ মন্ত্ৰী দুগৰাকী । টুইটযোগে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, তেওঁ ড৹ নাৰায়ণ খাড়কাক আদৰণি জনাই আনন্দিত হৈছে ।

দুয়োখন দেশৰ বিশেষ সম্পৰ্কক আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰা উচিত বুলি তেওঁলোক দুয়ো সন্মত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । দুয়োগৰাকী মন্ত্ৰীৰ মাজত এইখনেই প্ৰথম বৈঠক । যোৱা সপ্তাহত, নেপালৰ বৈদেশিক মন্ত্ৰী হিচাপে খাড়কাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে মন্ত্ৰী জয়শংকৰে তেওঁক অভিনন্দন জনাইছিল । নেপালৰ সৈতে ভাৰতৰ এক ঐতিহাসিক আৰু সভ্যতাৰ সম্পৰ্ক আছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে আগতে কৈছিল যে, বিগত বছৰকেইটাত ভাৰত-নেপালৰ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী হৈছে । ভাৰতৰ সহায়ত কেইবাটাও মুখ্য আন্তঃগাঁথনি আৰু সীমান্ত সংযোগ প্ৰকল্প সম্পূৰ্ণ হৈছে ।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৱা ৮ মে'ত উত্তৰাখণ্ডৰ ধাৰচুলাৰ সৈতে লিপুলেখ পাছ সংযোগী ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৰুত্বপূৰ্ণ পথ কৌশলগতভাৱে উদ্বোধন কৰাৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কত কিছু পৰিমাণে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল । আনহাতে, যোৱা ২২ ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই নাৰায়ণ খাড়কাক বৈদেশিক মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰিছিল । দেউবাৰ কাৰ্যালয়ে নিশ্চিত কৰিছে যে, চলিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ দেশৰ প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ খাড়কাক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক:ত্ৰিপুৰা প্ৰদেশ কংগ্ৰছত অন্তৰ্কন্দল, বহু নেতাৰ দল ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.