ETV Bharat / bharat

ৰাম মন্দিৰত স্থাপন হ’বলগীয়া ৰামলালাৰ প্ৰতিমূৰ্তিটো শ্যাম বৰণৰ; জন চক্ষুৰ মাজলৈ আহিছে প্ৰথমখন প্ৰতিচ্ছবি

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 9:30 AM IST

Photo of Ramlala statue : অৱশেষত জন চক্ষুৰ মাজলৈ আহিছে অযোধ্যা ৰাম মন্দিৰত স্থাপন হ’বলগীয়া ৰামলালাৰ প্ৰতিমূৰ্তিৰ প্ৰথমখন প্ৰতিচ্ছবি ৷ এই মূৰ্তিটো শ্যাম বৰণৰ ৷

statue of ramlala in ram temple
জন চক্ষুৰ মাজলৈ আহিছে অযোধ্যা ৰাম মন্দিৰত স্থাপন হ’বলগীয়া ৰামলালাৰ প্ৰতিমূৰ্তিৰ প্ৰথমখন প্ৰতিচ্ছবি

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী : অৱশেষত পোন প্ৰথমবাৰৰ বাবে জনচক্ষুৰ মাজলৈ আহিছে অযোধ্যা ৰাম মন্দিৰত স্থাপন হ’বলগীয়া ভগৱান ৰামৰ প্ৰতিমূৰ্তি ৷ এই ৰামলালাৰ মূৰ্তিটো শ্যাম বৰণৰ । বৃহস্পতিবাৰে ৰীতি-নীতিৰ মাজেৰে গৰ্ভত স্থাপন কৰা হয় ৰামলালাৰ মূৰ্তি । তাৰ পাচতে পোহৰলৈ আহে ৰামলালাৰ প্ৰতিমূৰ্তিৰ এই প্ৰথমখন ছবি । ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে ৰামলাল্লাৰ এই প্ৰতিমূৰ্তি পূজা-অৰ্চনা কৰি প্ৰাণ প্ৰতিষ্ঠা কৰিব ।

১৬ জানুৱাৰীত ইটিভি ভাৰতে কৰা দাবী সঁচা হ’ল :

১৬ জানুৱাৰীত ইটিভি ভাৰতে এই খবৰটো বিস্তৃতভাৱে প্ৰকাশ কৰাৰ সময়তে নিৰ্ভৰযোগ্য সূত্ৰৰ উদ্ধৃতি দি দাবী কৰিছিল যে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে বিতৰণ কৰি থকা আমন্ত্ৰণ পত্ৰত ছবিখন প্ৰকাশ পাইছে । আচলতে ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তিকহে গৰ্ভ গৃহত স্থান দিয়া হ’ব আৰু ২২ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰতিমূৰ্তিৰ আৰতি কৰি দৰ্শন কৰিব । ইয়াৰ পিচত বৃহস্পতিবাৰে মাজ নিশা যেতিয়া ৰামলালাৰ প্ৰতিমূৰ্তিৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ পাইছিল, তেতিয়া ইটিভি ভাৰতৰ এই দাবী ১০০% সত্য বুলি প্ৰমাণিত হয় ।

  • Ayodhya, UP | Glimpse of the idol of Lord Ram inside the sanctum sanctorum of the Ram Temple in Ayodhya.

    (Source: Sharad Sharma, media in-charge of Vishwa Hindu Parishad) pic.twitter.com/kZ6VeuYvSt

    — ANI UP/Uttarakhand (@ANINewsUP) January 18, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

মহীশূৰৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰিছে এই প্ৰতিমূৰ্তি :

মহীশূৰৰ বিখ্যাত ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা বুলি কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল । কোৱা হৈছিল যে প্ৰতিমূৰ্তিটো শ্যাম বৰণৰ হ’ব আৰু হাতত ধনু-কাঁড় লৈ থাকিব । ইয়াৰ লগতে এই ৰামলালৰ প্ৰতিমূৰ্তিত ভগৱান বিষ্ণুৰ অৱতাৰৰ প্ৰতিচ্ছবিও দেখা যাব ।

অৱশ্যে ৰামলালাৰ কোনো ফটো ৰাম জন্মভূমি ট্ৰাষ্টে প্ৰকাশ কৰা নাই । ইয়াৰ পিচতে ANI য়ে শৰদ শৰ্মাৰ উদ্ধৃতি দি ছ’চিয়েল মিডিয়া একাউণ্ট X ত প্ৰকাশ কৰে এখন ফটো । ইয়াত ৰামলালাৰ মূৰ্তি গৰ্ভত স্থাপন কৰা হ’ব বুলি দাবী কৰা হৈছিল ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা; আধ্যাত্মিকভাৱত বুৰ গৈছে ৰাম নগৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.