ETV Bharat / bharat

Service Revolver Missing in Patna : বিহাৰত আৰক্ষী মহাপৰিদৰ্শকৰ ৰিভলভাৰ চুৰি

author img

By

Published : Nov 25, 2022, 6:28 PM IST

বিহাৰ আৰক্ষীত অঘটন । আইপিএছ বিষয়া বিকাশ বৈভৱৰ চৰকাৰী পিষ্টল চুৰি (Bihar police IG pistol stolen) । পাটনাৰ গাৰ্ডানিবাগ আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে । ঘটনা সন্দৰ্ভত আইজি বিকাশ বৈভৱে এখন এজাহাৰ দাখিল কৰিছে ।

Bihar
Bihar

নিউজ ডেস্ক, ২৫ নৱেম্বৰ : বিহাৰ আৰক্ষীৰ আৰক্ষী মহাপৰিদৰ্শক বিকাশ বৈভৱৰ চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত থকা ৰিভলভাৰ চুৰি (IG Vikas Vaibhav revolver missing in Patna) । তেওঁৰ বাসগৃহৰ পৰাই চুৰি হয় ৰিভলভাৰটো । বৃহস্পতিবাৰে ৰিভলভাৰটো নিৰুদ্দেশ হোৱাৰ বিষয়ে তথ্য পোৱাৰ পিছত আৰক্ষীয়ে তেওঁৰ বাসগৃহ পৰিষ্কাৰ কৰা যুৱকজনক আটক কৰে । আৰক্ষীয়ে তেওঁক জেৰা চলাই আছে । এই সন্দৰ্ভত পাটনাৰ গাৰ্ডানিবাগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে (Bihar police IG pistol stolen) ।

ঘটনা সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শক বিকাশ বৈভৱে কয়, "বৃহস্পতিবাৰে তেওঁৰ বাসগৃহৰ পৰা তেওঁৰ চৰকাৰী পিষ্টলটো চুৰি কৰা হৈছে । যথেষ্ট অনুসন্ধানৰ পিছত পাটনাৰ গাৰ্ডানিবাগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে । ঘৰটোত সংস্থাপিত চিচি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি থকা হৈছে ।" উল্লেখ্য যে গৃহ প্ৰতিৰক্ষা বাহিনীৰ আৰক্ষী মহাপৰিদৰ্শকজনৰ বাসগৃহৰ পৰা চৰকাৰী ৯ এমএম পিষ্টল (9mm pistol) আৰু ২৫ টা সজীৱ কাৰ্টিজ চুৰি কৰা হৈছে । এই ঘটনাৰ বিষয়ে তথ্য পোৱাৰ পিছতে সমগ্ৰ আৰক্ষী বিভাগত এক আলোড়নৰ সৃষ্টি হৈছে । বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে (IG Vikas Vaibhav Service Revolver Missing in Patna) ।

ইফালে আইজি বিকাশ বৈভৱে চুৰিৰ কথা নিশ্চিত কৰিছে । ইটিভি ভাৰতৰ প্ৰতিনিধিৰ সৈতে টেলিফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত আৰক্ষী মহাপৰিদৰ্শক আইপিএছ বিকাশ বৈভৱে এইকথা নিশ্চিত কৰিছে । চৰকাৰী পিষ্টলটো বৃহস্পতিবাৰে তেওঁৰ বাসগৃহৰ পৰা চুৰি হোৱা বুলি তেওঁ প্ৰকাশ কৰে । আনহাতে, যথেষ্ট অনুসন্ধানৰ পিছতো পিষ্টলটো বিচাৰি নোপোৱাত তেওঁ এখন এজাহাৰ দাখিল কৰে । ইতিমধ্যে তেওঁৰ ঘৰত স্থাপন কৰা চিচি টিভি কেমেৰা (CCTV) আৰক্ষীয়ে স্কেন কৰিছে ।

আনহাতে, ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত জিলাখনৰ আৰক্ষী অধীক্ষকে গাৰ্ডানিবাগ আৰক্ষী থানাত এখন সভা অনুষ্ঠিত কৰে আৰু সমগ্ৰ বিষয়টোৰ বিষয়ে তথ্য লয় আৰু এটা বিশেষ তদন্তকাৰী দল গঠন কৰি যিমান সম্ভৱ সোনকালে দোষীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :Delhi Excise Policy scam case : CBIৰ অভিযোগনামাত মনীষ চিছোদিয়াৰ নাম আছে নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.