ETV Bharat / bharat

১৮ জানুৱাৰীত স্থাপন হ’বলগীয়া ৰামৰ নতুন মূৰ্তিটো দেখাত বাৰু কেনেকুৱা ?

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:18 PM IST

Ram Mandir Invitation Letter: শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে ইতিমধ্যে ভগৱান ৰামৰ মূৰ্তিটোৰ বিষয়ে কৈছে ৷ এটা ৫ বছৰীয়া শিশু ল’ৰাৰ ৰূপত নিৰ্মাণ কৰা মূৰ্তিটোৰ আকৃতি আৰু প্ৰকাৰৰ বিষয়ে পূৰ্বেই কৈছে তেওঁ । বৰ্ণনা অনুসৰি, হাতত ধনু-কাঁড় লৈ পদুম ফুলৰ ওপৰত বহি আছে । শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ নিমন্ত্ৰণী পত্ৰতো একে ধৰণৰ ছবি প্ৰকাশ কৰা হৈছে ৷

How New Idol of Lord Ram Looks Like will be Installed in New Building on 18 January 2024
প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সকলো সাজু

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী : আগন্তুক ২২ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি অন্যান্য বিশিষ্ট অতিথিসকলে নৱনিৰ্মিত ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তিৰ অভিষেক কাৰ্যসূচী ৰূপায়ণ কৰিব । প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে । ৬ দিনীয়া এই বিশেষ অনুষ্ঠান আজিৰে পৰা অযোধ্যাত আৰম্ভ হৈছে । ১৬ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া সকলো অনুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰিছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে ৷

সকলোবোৰ প্ৰস্তুতিৰ মাজত এতিয়া কেৱল ভগৱান শ্ৰী ৰামৰ সুন্দৰ মূৰ্তিটো চাবলৈহে বাকী আছে যিটো 18 জানুৱাৰীত নৱনিৰ্মিত নিউ বিল্ডিঙত স্থাপন কৰা হ’ব । সকলোৱে সেই বিশাল মূৰ্তিটো চাবলৈ আগ্ৰহী হৈ আছে । ইটিভি ভাৰতৰ অনুসন্ধানত এটা কথা প্ৰকাশ পাইছে যে এতিয়ালৈকে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ট্ৰাষ্ট আৰু ইয়াৰ বিষয়াসকলে ভগৱান শ্ৰী ৰামৰ মূৰ্তিৰ ৰূপ আৰু আকাৰ সম্পৰ্কে যেনেদৰে আলোচনা কৰি আহিছে, ট্ৰাষ্টৰ দ্বাৰা বিতৰণ কৰা নিমন্ত্ৰণ কাৰ্ডখনতো সেই একেই ধৰণৰ মূৰ্তিৰে এখন ছবি আছে ।

প্ৰস্তুতি অন্তিম পৰ্যায়ত

কথাটো শুনি এনেকুৱা লাগিছে যেন যি ভগৱান শ্ৰী ৰামৰ মূৰ্তি দৰ্শন কৰিবলৈ সকলোৱে অপেক্ষা কৰি আছে, সেই ছবি যেন ইতিমধ্যেই দেশৰ হাজাৰ হাজাৰ ভক্তই দৰ্শন কৰিছে । ইটিভি ভাৰতৰ নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি, ভগৱান শ্ৰী ৰামৰ মূৰ্তিৰ ছবি অভিষেক অনুষ্ঠানৰ নিমন্ত্ৰণ কাৰ্ডত প্ৰকাশ কৰা হৈছে । শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে ইতিমধ্যে মূৰ্তিটোৰ আকাৰৰ বিষয়ে কৈছে যে এটা 5 বছৰীয়া ল’ৰা শিশু মূৰ্তি নিৰ্মাণ কৰা হৈছে । শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ নিমন্ত্ৰণ কাৰ্ডত সেই একে ধৰণৰ ছবিয়ে প্ৰকাশ কৰা হৈছে ।

নিমন্ত্ৰণী পত্ৰ

এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে মহীশূৰৰ বিখ্যাত ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে যি প্ৰতিমূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা হ’বলৈ গৈ আছে, সেই প্ৰতিমূৰ্তি শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে দিয়া নিমন্ত্ৰণ পত্ৰত প্ৰকাশিত হৈছে । অৱশ্যে এই প্ৰতিমূৰ্তিটোৰ কোনো আনুষ্ঠানিক ছবি এতিয়াও ট্ৰাষ্টে প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক : দেশত প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত ৰাম মন্দিৰৰ ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.