হ্ৰাস পালে সোণৰ মূল্য...

author img

By

Published : Jul 27, 2021, 5:45 PM IST

Gold price down Rs 123, silver falls Rs 206

সোণৰ আ-অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? তেন্তে পলম নকৰিব ! মঙলবাৰে হ্ৰাস পালে সোণৰ মূল্য(Gold price) । HDFC Securities ৰ মতে, প্ৰতি ১০ গ্ৰাম সোণত ১২৩ টকাকৈ হ্ৰাস পাইছে । একেদৰে প্ৰতি কেজি ৰূপত ২০৬ টকা হ্ৰাস পাইছে ।

বিজনেছ ডেস্ক, ২৭ জুলাই : আ-অলংকাৰেই হওক অথবা বিনিয়োগ কৰাৰ বাবেই হওক সোণৰ মূল্য জানিবলৈ অধিকাংশ লোকেই উৎসুক হৈ থাকে । সোণ-ৰূপৰ মূল্য হ্ৰাস হ'লে স্বাভাৱিকতে আনন্দিত হৈ পৰে বহু লোক । মঙলবাৰে HDFC Securities য়ে জনোৱা মতে, এতিয়া পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য । মঙলবাৰৰ দিনটোত দিল্লীত প্ৰতি ১০ গ্ৰাম সোণত ১২৩ টকাকৈ হ্ৰাস পাইছে আৰু প্ৰতি ১০ গ্ৰাম সোণৰ নতুন মূল্য হৈছে ৪৬,৫০৫ টকা ।

পূৰ্বে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল ৪৬,৬২৮ টকা । সমান্তৰালকৈ হ্ৰাস পাইছে ৰূপৰ মূল্য । প্ৰতি কেজি ৰূপত ২০৬ টকা হ্ৰাস পাইছে আৰু প্ৰতি কেজি ৰূপৰ নতুন মূল্য হৈছে ৬৫,৭১০ টকা । পূৰ্বে প্ৰতি কেজি ৰূপৰ মূল্য আছিল ৬৫,৯১৬ টকা । আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য প্ৰতি আউন্সত ১,৭৯৫ মাৰ্কিন ডলাৰ হ্ৰাস পায় ।

আনহাতে, প্ৰতি আউন্স ৰূপৰ মূল্য ২৫.১৬ মাৰ্কিন ডলাৰ হৈ আছে অৰ্থাৎ ৰূপৰ মূল্য অপৰিৱৰ্তিত হৈ আছে ।

এইচ ডি এফ চি ছিকিউৰিটিজৰ জ্যেষ্ঠ বিশ্লেষক (কমোডিটিজ) তপন পেটেলে কয় যে, সামগ্ৰিকভাৱে সোণৰ মূল্য ১,৮০০ মাৰ্কিন ডলাৰ হ্ৰাস পাই আছে । মতিলাল ওছৱাল ফাইনেন্সিয়েল চাৰ্ভিচেছ(Motilal Oswal Financial Services)ৰ উপ-সভাপতি (সামগ্ৰী গৱেষণা) নৱনীত দামানীয়ে কয় যে, সোণৰ মূল্য মূলতঃ ১,৮০০ মাৰ্কিন ডলাৰতকৈ কমতে স্থিৰ হৈ আছে । বিনিয়োগকাৰীসকলে চলিত সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভৰ বৈঠকৰ ফলাফল অহাৰ আগতেই সতৰ্ক হৈ আছিল ।

লগতে পঢ়ক: ড৹ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.