ETV Bharat / bharat

এমএছপি গ্যেৰাণ্টি আইন প্ৰণয়নৰ দাবী ৰাকেশ টিকাইতৰ

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 6:27 PM IST

MSP guarantee law : দেশৰ বিভিন্ন অঞ্চলত এতিয়াও কৃষকসকলে এমএছপি গ্যেৰাণ্টি আইন প্ৰণয়নৰ দাবীত প্ৰতিবাদ অব্যাহত আছে । তাৰ মাজতে ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকাইতে এই আইন প্ৰণয়নৰ দাবী জনাইছে । যোগগুৰু বাবা ৰামদেৱৰো প্ৰশংসা কৰে টিকাইতে ।

MSP guarantee law
এমএছপি গ্যেৰাণ্টি আইন প্ৰণয়নৰ দাবী ৰাকেশ টিকাইতৰ

নেশ্যনেল ডেস্ক,৭ জানুৱাৰী : ফচলৰ ন্যূনতম সমৰ্থন মূল্যৰ আইনী গ্যেৰাণ্টিক লৈ পুনৰ সৰৱ ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকাইতৰ । টিকাইতে জ্বালাপুৰত উপস্থিত হৈ পুনৰ এই আইন প্ৰণয়নৰ দাবী জনায় । তেওঁ কয় যে আজি কৃষকসকলে কুঁহিয়াৰ, ঘেঁহু আৰু ধানৰ দৰে শস্যৰ সঠিক মূল্য লাভ কৰা নাই ।

ৰাকেশ টিকাইতে কয় যে যেতিয়া তেওঁ দিল্লীত কৃষক প্ৰতিবাদৰ আয়োজন কৰিছিল, তেতিয়াও তেওঁ এমএছপি গ্যেৰাণ্টি আইনৰ বিষয়টো উত্থাপন কৰিছিল । আজিও কৃষকসকল এই আইনৰ পক্ষত আছে । ৰাকেশ টিকাইতে কয় যে যাতে ৰুটি বজাৰৰ সামগ্ৰী নহয় তাৰ বাবে এমএছপি গ্যেৰাণ্টি আইন প্ৰণয়ন কৰিব লাগিব । লগতে ৰাকেশ টিকাইতে কৃষকসকলৰ পক্ষত নিৰন্তৰ আন্দোলনৰ কথাও ঘোষণা কৰে । তেওঁ কয় যে কৃষকসকলক হাৰাশাস্তি কৰি থকা ৰাজ্যসমূহত এতিয়াও আন্দোলন চলি আছে । বিহাৰতো তেওঁৰ সংগঠনে কৃষকসকলৰ সপক্ষে আন্দোলন কৰি আছে ।

যোগগুৰু বাবা ৰামদেৱৰ প্ৰশংসা কৰি ৰাকেশ টিকাইতে কয় যে ঋষি আৰু কৃষি অবিহনে এই দেশখনে উন্নতি কৰিব নোৱাৰে । দেশৰ প্ৰগতিৰ বাবে, আমি ঋষি পৰম্পৰাক জীয়াই ৰাখিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । টিকাইতৰ মতে কৃষকসকলৰ স্বাৰ্থৰ বিষয়ে কথা পাতিব লাগিব । তেওঁ কয় যে বাবা ৰামদেৱৰ গুৰুকুলত শিশুসকলে ঋষি পৰম্পৰাৰ পাঠ শিকিব । ইয়াৰ লগতে ৰামদেৱে আমাৰ আগন্তুক প্ৰজন্মক এই গুৰুকুলত বেদৰ জ্ঞানো দিব । যাতে ভৱিষ্যৎ প্ৰজন্ম আমাৰ সংস্কৃতিৰ বিষয়ে সচেতন হ'ব পাৰে । স্বামী ৰামদেৱৰ প্ৰশংসা কৰি ৰাকেশ টিকাইতে কয় যে ৰামদেৱে কেৱল দেশতে নহয়, যোগৰ ক্ষেত্ৰত বিদেশতো সুনাম অৰ্জন কৰিছে ।

লগতে পঢ়ক :বৰ্ধিত ঠাণ্ডাৰ মাত্ৰাৰ বাবে দিল্লীত জাৰি হালধীয়া সতৰ্কবাণী ​

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.