Shiv sena Symbol Dispute: 20 জানুৱাৰীত নিশ্চিত হ’ব শিৱসেনাৰ প্ৰতীক চিহ্নৰ প্ৰকৃত অধিকাৰী

author img

By

Published : Jan 17, 2023, 10:10 PM IST

Shiv sena Symbol Dispute

কাৰ হাতলৈ যাব শিৱ সেনাৰ প্ৰতীক চিহ্ন ? সিন্দে নে থাকৰে গোট, কোন জিকিব প্ৰতীক লাভৰ যুঁজত ? ৰাজনৈতিক মহলত এই বিষয়ক লৈ উদ্বিগ্নতা অব্যাহত থকাৰ সময়তে নিৰ্বাচন আয়োগে বিষয়টোৰ শুনানিৰ বাবে ধাৰ্য কৰিলে আৰু এটা দিন (Shiv sena Symbol Dispute) ৷ অহা 20 ডিচেম্বৰত অন্ত পৰাৰ দিশে শিৱসেনাৰ দুয়োটা ফৈদৰ এই প্ৰতীককেন্দ্ৰিক সংঘাত (shiv sena symbol case) ৷

নিউজ ডেস্ক, 17 জানুৱাৰী: দলীয় প্ৰতীকক লৈ বিগত ছমাহে যুঁজ-বাগৰ অব্যাহত আছে শিৱসেনাৰ দুয়োটা ফৈদৰ মাজত ৷ মঙলবাৰে কেন্দ্ৰীয় নিৰ্বাচন আয়োগত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হয় (Hearing on Shiv sena Symbol Dispute) ৷ দুয়োটা পক্ষই প্ৰতীক সন্দৰ্ভত বলিষ্ঠ যুক্তি প্ৰদৰ্শন কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে এই নিৰ্দেশ স্থগিত ৰাখে আৰু পৰৱৰ্তী শুনানিৰ বাবে অহা 20 জানুৱাৰীত দিন ধাৰ্য কৰে ৷

বৰ্তমান মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে এটা পৃথক গোট গঠন কৰাৰ পাচতে, তেওঁলোকে শিৱসেনাৰ প্ৰতীক চিহ্ন ধনু-কাঁড়ৰ ওপৰত অধিকাৰ প্ৰদৰ্শনৰ চেষ্টা অব্যাহত ৰাখিছে ৷ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সমুখত এক শুনানিৰ ব্যৱস্থা কৰা হয় ৷ কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ গোটেও ধনু-কাঁড়ক তেওঁলোকৰ চিহ্ন বুলি দাবী কৰি আহিছে (Shiv Sena two fractions) ৷

একনাথ সিন্দেৰ সপক্ষে 40 গৰাকী বিধায়ক আৰু 13 গৰাকী সাংসদ থকাৰ পৰিপ্ৰেক্ষিতত চিহ্নটো তেওঁলোকৰ বুলি দাবী কৰিছে ৷ কিন্তু উদ্ধৱ থাকৰেৰ গোটে যুক্তি দিছে যে, এই ধাৰণাটোৰ বাবেই মানুহে দল এৰি গৈছে ৷ এই সন্দৰ্ভত পুনৰ 20 জানুৱাৰীত শুনানি গ্ৰহণ কৰা হ’ব ৷ সেই শুনানিতে ধনু-কাঁড় কাৰ হাতত থাকে সেয়া নিশ্চিত হ’ব বুলি আশা কৰা হৈছে (Maharashtra Political updates) ৷

উল্লেখ্য যে, বিগত বৰ্ষত হঠাৎ পতন ঘটিছিল মহাৰাষ্ট্ৰত শাসন চলোৱা উদ্ধৱ থাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাদী চৰকাৰৰ ৷ গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত বহি একনাথ সিন্দেসহ শিৱসেনাৰ একাংশ নেতাই পৰিকল্পনা যুগুত কৰিছিল থাকৰেক আঁতৰাই বিজেপিৰে মিত্ৰতা কৰি নতুন চৰকাৰ গঠনৰ ৷ অৱশেষত সফল হৈছিল সিন্দে বাহিনী ৷ বিজেপি নেতা দেৱেন্দ্ৰ ফাৰ্নাভিছক উপ-মুখ্যমন্ত্ৰী পাতি মুখ্যমন্ত্ৰীৰ গাদীত বহিল খোদ একনাথ সিন্দে ৷ তাৰ পাচতেই দুভাগত বিভক্ত হ’ল শিৱসেনা (Shiv sena symbol clash news) ৷

যোৱা বৰ্ষৰ 10 অক্টোবৰত কেন্দ্ৰীয় নিৰ্বাচন আয়োগে শিৱসেনাৰ দুয়োটা গোটৰ বাবে নাম নিৰ্ধাৰণ কৰি দিয়ে ৷ সেই অনুসৰি, উদ্ধৱ থাকৰে নেতৃত্বাধীন গোটটোৰ নাম দিয়া হয় ‘‘শিৱসেনা- উদ্ধৱ বালাচাহেব থাকৰে’’ ৷ একনাথ সিন্দে গোটটোৰ নাম দিয়া হয় ‘‘বালাচাহেবাংচি শিৱসেনা’’ ৷ কিন্তু দলৰ প্ৰতীক চিহ্নটো কোনে ব্যৱহাৰ কৰিব সেইসময়ত নিৰ্ধাৰণ কৰা হোৱা নাছিল (shiv sena symbol case)৷ যাৰ পৰিপ্ৰেক্ষিতত দুয়োটা পক্ষৰ মাজত অব্যাহত আছিল সংঘাত ৷

কিন্তু বৰ্তমানেও শেষ হোৱা নাই এই সংঘাতৰ ৷ কোনো এটা গোটেই এৰি দিব বিচৰা নাই দলৰ প্ৰতীক চিহ্নটো ৷ এতিয়া সমগ্ৰ বিষয়টো কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ অধীনত আছে ৷ অহা 20 জানুৱাৰীৰ শুনানিৰ ওপৰত নিৰ্ভৰ কৰিব কোনে লাভ কৰিব শিৱসেনাৰ প্ৰকৃত প্ৰতীক চিহ্ন ৷

লগতে পঢ়ক: BJP National Executive Meet: বিজেপি সভাপতি জেপি নাড্ডাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.