ETV Bharat / bharat

40 গৰাকী বিসম্বাদী বিধায়কক লগত লৈ গুৱাহাটী পালেহি একনাথ চিন্দে

author img

By

Published : Jun 22, 2022, 7:30 AM IST

Updated : Jun 22, 2022, 8:05 AM IST

বুধবাৰে পুৱাই লগত 40 গৰাকী বিসম্বাদী বিধায়কক লৈ গুৱাহাটীত উপস্থিত হ’ল একনাথ চিন্দে (Eknath Shindhe in Guwahati) ৷ সাংবাদিকৰ আগত তেওঁ কয় যে, বালাচাহেব থাকৰেৰ যি হিন্দুত্ব তাক তেওঁলোকে আগুৱাই নিব ৷

Eknath Shindhe with 40 MAHA MLAs reached Guwahati
40 গৰাকী বিসম্বাদী বিধায়কক লগত লৈ গুৱাহাটী পালেহি একনাথ চিন্দে

নিউজ ডেস্ক, 22 জুন: সম্প্ৰতি গৰম হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনীতি (Maharashtra politics)। বিধান পৰিষদৰ নিৰ্বাচনত শিৱসেনাৰ দুৰ্বল ফলাফলে বিভাজনৰ ৰাজনীতি আৰম্ভ হোৱাৰ ইংগিত প্ৰদান কৰিছে । আনকি নিৰ্বাচনৰ পাছত শিৱসেনাৰ একাংশ নেতা বিচলিত হোৱা বুলিও আশংকা কৰা হৈছে । ইয়াৰোপৰি শিৱসেনা ভিতৰচ'ৰাৰ বিভাজনে বিজেপিক লাভান্বিত কৰিব বুলি ৰাজনৈতিক মহলত বিশেষ চৰ্চা হৈছে ।

বুধবাৰে পুৱাই লগত 40 গৰাকী বিসম্বাদী বিধায়কক লৈ গুৱাহাটীত উপস্থিত হ’ল একনাথ চিন্দে (Eknath Shindhe in Guwahati)৷ সাংবাদিকৰ আগত তেওঁ কয় যে, বালাচাহেব থাকৰেৰ যি হিন্দুত্ব তাক তেওঁলোকে আগুৱাই নিব ৷ মঙলবাৰে শিৱসেনাৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী একনাথ চিন্দেকে ধৰি দলৰ প্ৰায় ১১ গৰাকী বিধায়ক উপস্থিত হৈছিল চুৰাটৰ এখন হোটেলত (Shiv Sena MLAs at Surat)। হোটেলত গোপন বৈঠকত মিলিত হৈছে চিন্দে আৰু তেওঁৰ সমৰ্থক বিধায়কসকল । লগে লগে দল বিৰোধী চিন্তা চৰ্চা আৰম্ভ হোৱাৰ উমান পোৱা গৈছে । চিন্দেৰ পক্ষত থকা বিধায়কৰ সংখ্যাও যিহেতু বেছি সেয়েহে ৰাইজৰ মনতো বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে ।

  • #WATCH | "A total of 40 Shiv Sena MLAs are present here. We will carry Balasaheb Thackeray's Hindutva," said Shiv Sena leader Eknath Shinde after arriving in Guwahati, Assam pic.twitter.com/YpSrGbJvdt

    — ANI (@ANI) June 22, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

চুৰাটলৈ যোৱা 11 গৰাকী বিধায়কৰ সংখ্যা বৃদ্ধি হৈ 40 গৰাকী হয়গৈ ৷ তাৰ পৰাই তেওঁলোকে উৰা মাৰে গুৱাহাটীলৈ ৷ বৰ্তমান হোটেল ৰেডিচন ব্লুত ৰখা হৈছে তেওঁলোকক ৷ ইফালে শিৱসেনাত একনাথ চিন্দেৰ প্ৰভাৱ যথেষ্ট আছে । মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ ঘনিষ্ঠ বুলিও জনা যায় চিন্দেক । তেনেস্থলত চিন্দেৰ এনে পদক্ষেপৰ পাছত ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে ।

লগতে পঢ়ক : Maharashtra Political crisis: একনাথ চিন্দে আৰু তেওঁৰ সমৰ্থকসকল কোন ?

Last Updated :Jun 22, 2022, 8:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.