ETV Bharat / bharat

CJI D Y Chandrachud:‌ উচ্চতম ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ হিচাবে শপত গ্ৰহণ ডি ৱাই চন্দ্রচূড়ৰ

author img

By

Published : Nov 9, 2022, 12:21 PM IST

দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে শপত গ্ৰহণ কৰিলে ধনঞ্জয় ৱাই চন্দ্রচূড়ে (DY Chandrachud take oath as CJI) । তেওঁ ছুপ্রিম কোর্টৰ বিদায়ী মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ স্থলাভিষিক্ত হয় । ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে আজি (President Droupadi Murmu) ৰাষ্ট্রপতি ভৱনত তেওঁক শপত বাক্য পাঠ কৰায় ।

Chandrachud
Chandrachud

নিউজ ডেস্ক, ৯ নৱেম্বৰ : দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে বুধবাৰে শপত গ্ৰহণ কৰে ধনঞ্জয় ৱাই চন্দ্রচূড়ে (50th Chief Justice of India DY Chandrachud) । তেওঁ ছুপ্রিম কোর্টৰ বিদায়ী মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ স্থলাভিষিক্ত হয় । ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে (President Droupadi Murmu) আজি ৰাষ্ট্রপতি ভৱনত তেওঁক শপত বাক্য পাঠ কৰায় । অহা ২০২৪ চনৰ ১০ নৱেম্বৰ পর্যন্ত ছুপ্রিম কোর্টৰ মুখ্য ন্যায়াধীশ পদত থাকিব চন্দ্রচূড় ।

উল্লেখ্য, মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ অৱসৰৰ পিছত বিগত ২৭ আগষ্টত দেশৰ মুখ্য ন্যায়াধীশ হিচাবে শপত গ্ৰহণ কৰিছিল ন্যায়াধীশ ললিতে । নিয়ম অনুযায়ী দেশৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্রহণৰ পূৰ্বে পৰৱর্তী মুখ্য ন্যায়াধীশৰ নাম প্ৰস্তাৱ কৰি যায় । উক্ত প্রথা মানিয়েই বিগত ১১ অক্টোবৰত ছুপ্রিম কোর্টৰ সকলো ন্যায়াধীশক লৈ অনুষ্ঠিত বৈঠকত কেন্দ্রৰ হাতত উক্ত প্ৰস্তাৱৰ পত্ৰ তুলি দিয়ে মুখ্য ন্যায়াধীশ ললিতে । তেওঁ ৭৪ দিন মুখ্য ন্যায়াধীশৰ পদত আছিল ।

উল্লেখ্য, ১৯৯৮ চনত দেশৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল ন্যায়াধীশ চন্দ্রচূড় । ২০১৩ চনত তেওঁ এলাহাবাদ হাইকোর্টৰ মুখ্য ন্যায়াধীশ হয় । ২০১৬ চনত ছুপ্রিম কোর্টৰ ন্যায়াধীশ হিচাবে নিযুক্ত হয় তেওঁ । আনহাতে, ন্যায়াধীশ চন্দ্রচূড়ৰ পিতৃ ৱাই ভি চন্দ্রচূড়ো ছুপ্রিম কোর্টৰ মুখ্য ন্যায়াধীশ আছিল (Chief Justice of India Y V Chandrachud) । ১৯৭৮ চনৰ ফেব্রুৱাৰীৰ পৰা ১৯৮৫ চনৰ জুলাই পর্যন্ত প্রায় চাৰে ৭ বছৰ মুখ্য ন্যায়াধীশৰ পদত আছিল তেওঁ ।

উল্লেখ্য, ন্যায়াধীশ চন্দ্ৰচূড়ৰ জন্ম ১৯৫৯ চনৰ ১১ নৱেম্বৰত । ডি ৱাই চন্দ্ৰচূড়ে ৰাজধানী চহৰ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লোৱাৰ পাছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এলএলবি সম্পূৰ্ণ কৰে ৷ ইয়াৰ পাছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড ল স্কুলৰ পৰা এলএলএম আৰু ন্যায়িক বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে ।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬৫ বছৰ বয়সত অৱসৰ লয় । সেই অনুসৰি ন্যায়াধীশ চন্দ্ৰচূড়ে ২০২৪ চনৰ ১০ নৱেম্বৰলৈকে দুবছৰৰ বাবে এই পদত থাকিব । ন্যায়াধীশ চন্দ্ৰচূড় কেইবাখনো সংবিধান বিচাৰপীঠ আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ অংশ আছিল যিয়ে যুগান্তকাৰী ৰায়দান কৰিছিল ।

লগতে পঢ়ক :Nitin Gadkari appreciated Manmohan Singh: প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা নীতিন গাডকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.