ETV Bharat / bharat

Tomato Theft: কৰ্ণাটকত 750 কাৰ্টন বিলাহীসহ ট্ৰাকচালক হ’ল অন্তৰ্ধান, পালেগৈ গুজৰাট

author img

By

Published : Jul 31, 2023, 10:45 PM IST

750 কাৰ্টন বিলাহী হ’ল অন্তৰ্ধান ৷ ট্ৰাক চালকে বিক্ৰি কৰিলে 250 কিঃগ্ৰাম বিলাহী ৷ পলায়ন ট্ৰাক চালক আনোৱাৰৰ ৷ ৰাজস্থানৰ জাল’ৰী জিলাৰ পৰা উদ্ধাৰ খালী আৰু পৰিত্যক্ত ট্ৰাক ৷

Karnataka
750 কাৰ্টন বিলাহী হ’ল অন্তৰ্ধান

নেশ্যচনেল ডেস্ক,31 জুলাই: হঠাৎ কোনে নিলে ৭৫০ কাৰ্টন বিলাহী ! ড্ৰাইভাৰে নে দুৰ্বৃত্তই ! এই সমূহ প্ৰশ্নৰ উত্তৰ বিচাৰি আৰক্ষীয়ে খাইছে হাবাথুৰি ৷ ভাৰতত এতিয়া বিলাহীৰ জুই চাই দাম ৷ বিলাসী হৈ পৰিছে বিলাহী ৷ কিন্তু তেনে সময়তে ২১ লাখ মূল্যৰ বিলাহী লৈ যোৱা বাহন নাপালে গৈ নিৰ্দিষ্ট গন্তব্যস্থানত ৷ এই ঘটনা কৰ্ণাটকৰ ৷

ঘটনা অনুসৰি কৰ্ণাটকৰ ক’লাৰ জিলাৰ পৰা এখন বিলাহী ভৰ্তি ট্ৰাক ৰাজস্থানৰ জয়পুৰ দিশে গৈ আছিল ৷ কিন্তু বিলাহী ভৰ্তি ট্ৰাকখন গন্তব্যস্থানত উপনীত নহ’ল ৷ বিপৰীতে ৰাজস্থানৰ জাল’ৰী জিলাত ট্ৰাকখন খালী আৰু পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ সোমবাৰে এই কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ২৭ জুলাইত কৰ্ণাটকৰ ক’লাৰ পৰা ৰাজস্থানৰ জয়পুৰলৈ লৈ যোৱা হৈছিল ২১ লাখ টকাৰ ৭৫০ কাৰ্টন বিলাহী ৷

উল্লেখ্য যে ২৭ জুলাইত ৰাজস্থানৰ জয়পুৰ দিশে যোৱা বিলাহীভৰ্তি বাহনখন নিৰ্ধাৰিত সময়ত উপস্থিত নহ’ল ৷ ইফালে দেওবাৰৰ পৰা ট্ৰাকখনৰ চালক আৰু চালকজনৰ সহযোগীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাত সন্দেহ ওপজে ৷ ফলত আৰক্ষীক খৱৰ দিয়ে এজি ট্ৰেডাৰ্ছৰ কৰ্তৃপক্ষ আৰু ক’লাৰ এপিএমচি মাৰ্কেটিঙৰ কৰ্তৃপক্ষই ৷ আনহাতে মেহাত পৰিবহন কোম্পানীৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো ক’লাৰ নগৰ আৰক্ষীক অৱগত কৰে ৷

সেই অভিযোগৰ ভিত্তিত গোচৰ ৰজু কৰি ক’লাৰ নগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷ সেই তদন্ত পোহৰলৈ আহিল সমগ্ৰ ঘটনা ৷ উক্ত ট্ৰাক চালক আনোৱাৰে বিলাহী ভৰ্তি বাহন লৈ বিলাহীসমূহ বিক্ৰী কৰিছিল বেলেগ এটা স্থানত ৷ বিলাহীখিনি আহমেদাবাদৰ প্ৰকাশ নামৰ এজন ব্যক্তিক বিক্ৰী কৰিছিল ৷ সমগ্ৰ ঘটনা ৰহস্যৰ সৃষ্টিৰ বাবে ৰাজস্থানৰ জাল’ৰত চালক আনোৱাৰে বিলাহীবিহীন ট্ৰাকখন এৰি পলায়ন কৰে ৷

লগতে পঢ়ক:WB CM Mamata Banerjee : প্ৰধানমন্ত্ৰীক চেলেঞ্জ বংগৰ মুখ্যমন্ত্ৰীৰ ৷ ‘শান্তি ঘূৰাই আনি দিম আমি ৷’

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.