ETV Bharat / bharat

TATA Sons এ 18,000 কোটি টকাৰে পুনৰ অধিগ্ৰহণ কৰিছে এয়াৰ ইণ্ডিয়াক

author img

By

Published : Oct 8, 2021, 10:05 PM IST

কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগৰ সচিব তুহিন কান্ত পাণ্ডেই ঘোষণা কৰে যে, টাটা চন্চৰ সহযোগী প্ৰতিষ্ঠান M/S Palace Pvt Ltdএ এই নিবিদা জয় কৰিছে । এই নিবিদাৰ বাবে ৰিজাৰ্ভ প্ৰাইচ আছিল ১২৯০৬ কোটি টকা । তুহিন কান্ত পাণ্ডেই জনায় যে, ২০২১ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত চুক্তিৰ কাম সম্পূৰ্ণ হ'ব । টাটা চন্চে ১০০ শতাংশ শ্বেয়াৰ কৰিলে ।

টাটা চন্সে, এয়াৰ ইণ্ডিয়াক 18,000 কোটি টকাৰে পুনৰ অধিগ্ৰহণ কৰিছে
টাটা চন্সে, এয়াৰ ইণ্ডিয়াক 18,000 কোটি টকাৰে পুনৰ অধিগ্ৰহণ কৰিছে

নেচনেল ডেস্ক, 8 অক্টোবৰ : শুকুৰবাৰে এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই সদৰি কৰিছে যে, টাটা চন্চে 100 শতাংশ শ্বেয়াৰ হোল্ডিং অধিগ্ৰহণেৰে ১৮০০০ কোটি টকাত কিনি লয় এসময়ত নিজে প্ৰতিষ্ঠা কৰা ভাৰতীয় বিমান সেৱাৰ প্ৰথম আৰু অন্যতম প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়া ।

ব্যক্তিগতকৰণৰ বাবে দায়বদ্ধ চৰকাৰী বিভাগ বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগৰ (DIPAM) সচিব তুহিন কান্তা পাণ্ডেয়ে কয়, টাটা চন্চৰ এছপিভি গোটটোৰ হোল্ডিং কোম্পানী, সফল নিবিদাদাতা হিচাপে এতিয়া আত্মপ্ৰকাশ কৰিছে । একেদৰে টাটা চন্চে স্পাইচজেটৰ প্ৰচাৰকক পৰাস্ত কৰি ৰাষ্ট্ৰীয় কেৰিয়াৰ এয়াৰ ইণ্ডিয়াক লাভ কৰিছিল ।

ডিআইপিএএমৰ(DIPAM) সচিব গৰাকীয়ে উল্লেখ কৰিছে যে, টাটাৰ ১৮,০০০ কোটি টকাৰ নিবিদাত ১৫,৩০০ কোটি টকাৰ ঋণ লোৱা আৰু বাকীখিনি নগদ ধন পৰিশোধ কৰা অন্তৰ্ভুক্ত আছে । দুয়োটা নিবিদাকাৰীয়ে সংৰক্ষিত মূল্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ ইয়াৰ লগতে লেনদেনৰ ক্ষেত্ৰটো আগন্তুক ডিচেম্বৰৰ ভিতৰত বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

একেদৰে বিষয়া গৰাকীয়ে কয় যে, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, বাণিজ্য মন্ত্ৰী পীযুষ গোৱেল আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক লৈ গঠিত মন্ত্ৰীৰ এটা দলে ৪ অক্টোবৰত এয়াৰ ইণ্ডিয়াৰ বিজয়ী নিবিদা মুকলি কৰিছে ৷ যিয়ে টাটা কোম্পানীৰ হাতলৈ এয়াৰ ইণ্ডিয়াৰ উভতি অহাটোকে সূচায়চে ৷ মনকৰিবলগীয়া যে, এই বিষয়টোৰ ক্ষেত্ৰত চেয়াৰমেন এমিৰিটাছ, টাটা চন্চে টুইট কৰি কৈছে "ৱেলকাম বেক এয়াৰ ইণ্ডিয়া।"

উল্লেখযোগ্য যে, জাহাংগীৰ ৰতন জী দাদা ভাই (জেআৰডি) টাটাই ১৯৩২ চনত এয়াৰলাইনটো প্ৰতিষ্ঠা কৰিছিল । ইয়াক তেতিয়া টাটা এয়াৰলাইনচ বুলি কোৱা হৈছিল । 1946 চনত, টাটা চন্চৰ বিমান বিভাগক এয়াৰ ইণ্ডিয়া হিচাপে তালিকাভুক্ত কৰা হয় আৰু 1948 চনত, এয়াৰ ইণ্ডিয়া ইণ্টাৰনেচনেল ইউৰোপলৈ বিমান সেৱা আৰম্ভ কৰে ।

আন্তৰ্জাতিক সেৱা ভাৰতৰ প্ৰথম ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ভিতৰত আছিল, চৰকাৰৰ 49 শতাংশ, টাটাৰ 25 শতাংশ, বাকী বোৰ আছিল জনসাধাৰণৰ অংশীদাৰিত্ব । সেইবাবেই 1953 চনত, এয়াৰ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল । চৰকাৰে ৰাজ্যিক মালিকানাধীন ৰাষ্ট্ৰীয় বিমান সেৱাত ইয়াৰ অংশৰ 100 শতাংশ বিক্ৰী কৰিছে, যাৰ ভিতৰত আছে এআই এক্সপ্ৰেছ লিমিটেডত এয়াৰ ইণ্ডিয়াৰ 100 শতাংশ অংশীদাৰিত্ব আৰু এয়াৰ ইণ্ডিয়া এছএটিএছ এয়াৰপৰ্ট চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডত 50 শতাংশ অংশীদাৰিত্ব ।

লগতে পঢ়কঃ কপিল ছিব্বাল : লখিমপুৰ খেৰীৰ ঘটনাকৈ লৈ কিয় মৌন প্ৰধানমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.