ETV Bharat / bharat

Delhi High Court : কেজৰিৱালৰ পত্নীলৈ জাৰি কৰা চমন স্থগিত দিল্লী উচ্চ ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:14 PM IST

তিছ হাজাৰী আদালতৰ মেট্ৰ'পলিটান মেজিষ্ট্ৰেট অৰ্জিন্দৰ কৌৰে ২০২৩ চনৰ ২৯ আগষ্টত সুনীতা কেজৰিৱালক চমন জাৰি কৰিছিল । বৰ্তমান দিল্লী উচ্চ ন্যায়ালয়ে এই গোচৰটো সন্দৰ্ভত বিচাৰ আদালতৰ চমন স্থগিত ৰাখিছে ।

কেজৰিৱালৰ পত্নীক জাৰি কৰা চমন স্থগিত দিল্লী উচ্চ ন্যায়ালয়ৰ
Delhi High Court

নিউজ ডেস্ক, ৬ নৱেম্বৰ : দুখন ভোটাৰ পৰিচয় প্ৰমাণ-পত্ৰ ৰখাৰ অভিযোগত কেজৰিৱালৰ পত্নীক আদালতে জাৰি কৰা চমন দিল্লী উচ্চ ন্যায়ালয়ে স্থগিত ৰাখে । মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালক দুখন ভোটাৰ পৰিচয়-পত্ৰ ৰখাৰ গোচৰত জাৰি কৰা এই চমন স্থগিত ৰাখে দিল্লী উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে বিজেপি নেতা হৰিশ খুৰানাৰ অভিযোগৰ ভিত্তিত এই গোচৰটো পঞ্জীয়ন কৰা হৈছিল ।

তিছ হাজাৰী আদালতৰ মেট্ৰ'পলিটান মেজিষ্ট্ৰেট অৰ্জিন্দৰ কৌৰে ২০২৩ চনৰ ২৯ আগষ্টত সুনীতা কেজৰিৱালক চমন জাৰি কৰিছিল । মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অমিত বানচালে এই নিৰ্দেশ প্ৰদান কৰি কয় যে বিচাৰ আদালতৰ আদেশৰ ওপৰত স্থগিতাদেশ ১ ফেব্ৰুৱাৰী, ২০২৪ লৈকে কাৰ্যকৰী হৈ থাকিব ।

সম্পূৰ্ণ বিষয়টো কি আছিল ?

২০১৯ চনত খুৰানাই সুনীতা কেজৰিৱালৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল যে তেওঁৰ নাম দিল্লীৰ চাহিবাবাদ (গাজিয়াবাদ নিৰ্বাচন ক্ষেত্ৰ) আৰু চান্দনী চকৰ ভোটাৰ তালিকাত ভোটদাতা হিচাপে পঞ্জীয়নভুক্ত হৈ আছে । যিটো জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ১৭-ৰ উলংঘন । লগতে এইটো কোৱা হৈছিল যে আইনখনৰ ধাৰা ৩১-ৰ অধীনত অপৰাধৰ বাবেও তেওঁক শাস্তি দিব পাৰি । কিয়নো এই বিষয়টো মিছা ঘোষণা কৰাৰ সৈতে সম্পৰ্কিত । আনহাতে, সুনীতা কেজৰিৱালে চমন জাৰি কৰাৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।

আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা ৰেবেকা জনে উচ্চ ন্যায়ালয়ৰ আগত উত্থাপন কৰে যে জনপ্ৰতিনিধিত্ব আইন অনুসৰি, এগৰাকী ব্যক্তিয়ে মিছা ঘোষণা দাখিল কৰিলেহে অপৰাধ সংঘটিত হয় আৰু এই ক্ষেত্ৰত খুৰানাই এনে কোনো ৰেকৰ্ডত উত্থাপন কৰা নাই, যিয়ে প্ৰমাণ কৰে যে মিছা ঘোষণা কৰা হৈছিল ।

জনে যুক্তি দিয়ে যে এই চমন উপযুক্ত বিবেচনা অবিহনেই জাৰি কৰা হৈছিল । এইটো এটা ব্যক্তিগত অভিযোগ বুলিও তেওঁ উল্লেখ কৰে । জনে কয় যে দণ্ডাধীশে চমন জাৰি কৰাৰ পূৰ্বে অন্তত নিৰ্বাচন আয়োগৰ ওচৰত বিষয়টো পৰীক্ষা কৰিব পাৰিলেহেঁতেন । ইফালে ৰাজ্যখনৰ হৈ উপস্থিত হোৱা অধিবক্তাই আদালতক জনায় যে অভিযোগটোৰ বাবে সময়সীমা প্ৰযোজ্য নহয় । সেয়ে আদালতে যুক্তিটো বিবেচনা কৰাৰ পিছত বিচাৰ আদালতৰ আদেশ স্থগিত ৰাখে ।

লগতে পঢ়ক :Sale of 29th tranche of electoral bonds : ভাৰতীয় ষ্টেট বেংকত নিৰ্বাচনী বণ্ডৰ বিক্ৰী আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.