ETV Bharat / bharat

ইছৰত জাহানৰ জামিনৰ বিৰুদ্ধে ১১ জুলাইত শুনানি ল'ব দিল্লী উচ্চ ন্যায়ালয়ে

author img

By

Published : Jul 8, 2022, 9:38 AM IST

CAA আৰু NRCৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ২০২০ চনত দেশৰ ৰাজধানী চহৰ দিল্লীত হোৱা হিংসাত্মক কাৰ্যকলাপৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমানো অব্যাহত(2020 Delhi riots) । দিল্লীৰ উত্তৰ-পূব অঞ্চলত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপৰ আঁৰত বৃহৎ ষড়যন্ত্ৰ কৰাৰ গোচৰত অভিযুক্ত প্ৰাক্তন কংগ্ৰেছ কাউন্সিলাৰ ইছৰত জাহান(Ishrat Jahan accused in 2020 Delhi riots)ক দিয়া জামিনৰ বিৰুদ্ধে ১১ জুলাইত শুনানিৰ বাবে তালিকাভুক্ত কৰে দিল্লী উচ্চ ন্যায়ালয়ে ।

Ishrat Jahan accused in 2020 Delhi riots
ইছৰত জাহানৰ জামিনৰ বিৰুদ্ধে ১১ জুলাইত ১১ জুলাইত শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

নেশ্যনেল ডেস্ক,৮ জুলাই: CAA আৰু NRC বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে ৰাজধানী চহৰ দিল্লীতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল প্ৰতিবাদে । সংঘটিত হৈছিল বহু বিক্ষিপ্ত ঘটনা । এই হিংসাত্মক কাৰ্যকলাপেৰে জড়িতৰ সন্দেহত বহুতৰে বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ আৰু বৰ্তমানো সেই গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত । হিংসাত্মক কাৰ্যকলাপেৰে জড়িতৰ গোচৰত অভিযুক্ত প্ৰাক্তন কংগ্ৰেছ কাউন্সিলাৰ ইছৰত জাহান(Ishrat Jahan accused in 2020 Delhi riots)ৰ জামিনৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে কৰা আবেদনৰ ১১ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে শুনানিৰ বাবে তালিকাভুক্ত কৰে ।

১৪ মাৰ্চত ন্য়ায়ালয়ৰ নিৰ্দেশ অনুসৰি তদন্তকাৰী সংস্থাটোৱে তৰা আপীল সোমবাৰে এজনীয়া খণ্ড বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰিবলৈ ন্যায়াধীশ অনু মালহোত্ৰাই সংস্থাটোক নিৰ্দেশ দিয়ে । ইফালে বিশেষ ৰাজহুৱা অধিবক্তা অমিত প্ৰসাদে কয় যে আইন অনুসৰি এজনীয়া খণ্ড বিচাৰপীঠে ইয়াৰ শুনানি গ্ৰহণ কৰা উচিত ।

তেওঁ লগতে জনাই যে ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুলৰ নেতৃত্বত বিচাৰপীঠে ইতিমধ্যে সহ-অভিযুক্ত উমৰ খালিদৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিছে । আদালতে জনাই যে মুখ্য ন্যায়াধীশৰ নিৰ্দেশ সাপেক্ষে, বৰ্তমানৰ অপৰাধমূলক আপীলৰ প্ৰক্ৰিয়াসমূহ ইয়াৰ সকলো আবেদনৰ সৈতে ১১ জুলাইত ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু ন্যায়াধীশ ৰজনীশ ভাটনাগৰৰ খণ্ড বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে তালিকাভুক্ত কৰা হ'ব ।

উল্লেখ্য যে ২০২০ চনৰ হিংসাত্মক কাৰ্যকলাপত ৫৩ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ৭০০ৰো অধিক লোক আহত হৈছিল । সেয়ে জাহানৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইন(anti-terror law) তথা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন(Unlawful Activities Prevention Act)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল আৰু জাহান মাষ্টাৰ মাইণ্ড হিচাপে বিবেচিত হৈছিল ।

জাহানৰ উপৰিও কৰ্মী খালিদ ছাইফি, উমৰ খালিদ, জেএনইউৰ ছাত্ৰ নাতাশা নাৰৱাল আৰু দেৱাংগানা কলিতা, জামিয়া সমন্বয় সমিতিৰ সদস্য চাফুৰা জাৰ্গাৰ, আপৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইন আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধেও ৰুজু কৰা হৈছিল গোচৰ ।

লগতে পঢ়ক: Kirtikamal Bora fake encounter : আনন্দ মিশ্ৰক তদন্তৰ আওঁতালৈ অনাৰ দাবী উত্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.